18/07/2024
গুৱাহাটী শ্ৰীমন্দিৰ হ’ল সৎসঙ্গ জগতৰ প্ৰথমটো শ্ৰীমন্দিৰ৷ ১৯৭৫ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে পৰমপূজ্যপাদ শ্ৰীশ্ৰীবড়দাই শুভ উদ্বোধন কৰে৷ ফটো খন ১৯৭৫ চনৰ ১৪ ফেব্ৰুৱাৰীত পৰমপূজ্যপাদ শ্ৰীশ্ৰীবড়দাই শুভ উদ্ধোধন কৰা মূহুৰ্তৰ ফটো৷ আপোনালোকে ফটো খনত এখন পাহাৰৰ দৃশ্য লক্ষ্য কৰিছে নি(য়৷ সেই পাহাৰ খনতে শ্ৰীশ্ৰী ঠাকুৰৰ আশ্ৰমৰ অৱস্থিত৷ এক বৃহৎ সংযোগ শ্ৰীশ্ৰীঠাকুৰ আশ্ৰম আৰু গুৱাহাটী শ্ৰীমন্দিৰৰ মাজত৷
সৎসঙ্গ বিহাৰ, ভঙাগৰ, গুৱাহাটীৰ পৰা তিনি কিলোমিটাৰ নিলগত নৰকাসুৰ পাহাৰ য’ত ভগৱান শ্ৰীকৃষ্ণৰ পদধুলি পৰিছিল ‘লোক প্ৰবাদ মতে’৷ এই পাহাৰৰ সুউচ্ছ টিলাটোতে আছে এডোখৰ এঢলিয়া ঠাই৷ এই টিলাটোৰ পৰা গোটেই গুৱহাটীখন দেখিবলৈ পোৱা যায়৷ আজি বিশ্বৰ ইতিহাসত এই ঠাইতেই সৃষ্টি হ’বলৈ গৈ আছে এক নতুন অধ্যায়৷
পূজ্যপাদ শ্ৰীশ্ৰীদাদাই আজিৰ পৰা ৫০ বছৰ আগতে গুৱাহাটী মন্দিৰ নিজ হাতে নিৰ্মাণ কৰি থকা অৱস্থাত সেইসময়ৰ গুৰুভাইসকলক নিৰ্দেশ কৰিছিল যে নৰকাসুৰ পাহাৰৰ ওপৰত শ্ৰীশ্ৰী ঠাকুৰৰ নামত এডোখৰ সমান মাটি আছে, মাটিডোখৰ চমজি ল’ব লাগে৷ নিৰ্দেশ পায় গুৰুভাইসকলে নৰকাসুৰ পাহাৰত মাটি বিচাৰি অভিযান আৰম্ভ কৰিলে৷ ৰাস্তা-ঘাট নাই, হাবি-জংঘলৰে আবৰা পাহাৰ বগাই বগাই গৈ একেবাৰে শৃঙ্গত এডোখৰ কিছু সমান কিছু এঢলীয়া মাটি দেখিবলৈ পালে৷ বিচাৰ-খোচৰ কৰি জানিব পাৰিলে যে ‘নেপালী দাদা’ এজনে মাটিডোখৰ চোৱা-চিতা কৰি আছে৷ তেওঁৰ পৰা জানিব পাৰিলে যে ইয়াত মাটি ছয় বিঘা আছে আৰু পাঁচ হাজাৰ টকা দিলে তেওঁ মাটি খিনি বিক্ৰী কৰিব৷ শ্ৰীশ্ৰীদাদাক জনোৱাত শ্ৰীশ্ৰীদাদাই মাটিডোখৰ কিনাৰ আৰ্শীবাদ কৰে আৰু ঠাই ডোখৰৰ নাম ‘শ্ৰীশ্ৰী ঠাকুৰ আশ্ৰম” নামেৰে নামকৰণ কৰে আৰু অঞ্চলটোৰ নাম পূণ্যআত্ম ‘ৰবিনদা’ৰ নামেৰে ‘ৰবিন নগৰ’ নামাকৰণ কৰি দিয়ে৷ মাটিডোখৰ কিনি পিছত গুৰুভাই সকলে লগ-লাগি চাৰিসীমা দিয়াৰ ব্যৱস্থা কৰে৷ পকী গেট আৰু জুপুৰি ঘৰ এটা বনাই যদিও বৰ্তমান জুপুৰি ঘৰটোৰ অস্তিত্ব নাই৷
লাহে লাহে অঞ্চলটোত ঘন জনবসতি হ’ল৷ ৰাস্তা-ঘাট, চৰকাৰী স্কুল, মহানগৰীৰ পানী যোগান আচনী লগতে আৰ্মী হাস্পাতালৰ বাবে চৰকাৰে ১০ বিঘা মাটি দিলে৷
আমি কেইবাবছৰ ধৰি সকলোৱে মিলি তাত বনভোজ উৎসৱ পালন কৰি আহিছো৷ মাটিডোখৰৰ পৰা গুৱাহাটী ভঙাগড়স্থিত সৎসঙ্গ বিহাৰ মন্দিৰৰ দূৰত্ব ৩ কি.মি. মান হ’ব৷ ‘গুগল’ত পোৱা অনুসৰি শ্ৰীকৃষ্ণ যেতিয়া অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ তেজপুৰলৈ আহিছিল, তেতিয়া বাণ ৰজাৰ লগত যুদ্ধ হৈছিল যাক হৰি-হৰৰ যুদ্ধ বুলি কোৱা হয়৷ সেই সময়ত এই মাটি ডোখৰতে তেখেতে জিৰণি লোৱা বুলি পোৱা যায়৷ গুৱাহাটী মন্দিৰত যেতিয়া শংঙ্খ আৰু ৰাতিপুৱা, গধূলিৰ প্ৰাৰ্থনা হয় মাটিডোখৰৰ পৰা স্পষ্ট ভাৱে শুনিবলৈ পোৱা যায়৷ গুৱাহাটীৰ কোলাহলৰ মাজত নেদেখা জনে এই আলৌকিক ঘটনাটো অবাস্তৱ বুলিয়ে হয়তো ক’ব৷ অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি আমাক অনুৰোধ জনাইছিল ঠাইখিনিৰ জঙ্গলবোৰ কাটিব লাগে কিয়নো দুটা বাঘে ৰাতি ঘুৰি ফুৰে যাৰ বাবে তেওলোকে ৰাতি ভয়তে বাহিৰলৈ ওলাব নোৱাৰে৷ অৰ্থাৎ বাঘ দুটাই মাটিখিনি বেদখলৰ পৰা ৰক্ষা কৰি আছে৷ সেয়েহে জঙ্গল কটাৰ প্ৰশ্নই নাহে৷ কিছুমানে ক’ব খুজে বাঘ দুটাই শ্ৰীশ্ৰী দাদাৰ ৰূপনগৰত থকা ঘৰলৈ অহা-যোৱা কৰি থাকে৷ মুখ্য পথৰ পৰা আমাৰ মাটি ডোঙৰলৈ যোৱা ১৫০ মিটাৰ পথ একেবাৰে ঠেক৷ অকল মানুহে খোজ কাঢ়িহে অহা-যোৱা কৰিব পাৰে৷ সেয়েহে সৎসঙ্গক ৰাস্তা বহল কৰিবলৈ অনুৰোধ কৰে৷ যিহেতু ইষ্ট নিৰ্দেশ নাই সেয়েহে আমাৰ কোনেও Seriously লোৱা নাই৷
প্ৰফুল্ল গোস্বামীৰ দাৰ মোলৈ ফোন, ওপৰৰ মানুহখিনিয়ে ৰাস্তটো বনাব ওলাইছে৷ সেয়েহে সৎসঙ্গৰ ফালৰ পৰা কিছু সহায় বিচাৰিছে গতিকে তুমি পাৰিলে কিছু টকা দিব পাৰিলে ভাল হ’ব৷ অনুৰোধ মৰ্মে কিছু টকা গাওঁবুঢ়া জনৰ হাতত তুলি দিওঁ৷ সন্মিলিত প্ৰচেষ্টাত বৰ্তমান গাড়ী অহা-যোৱা কৰিব পৰা ৰাস্তা হৈ গ’ল৷
মাটিখিনি উন্মুক্ত হৈ থকা বাবে চকুত পৰা হ’ল৷ বাবুন ওৱাদ্দাৰ দা , প্ৰফুল্ল গোস্বামী দা আৰু মই চাৰি সিমাত ফেনচিং দিয়াৰ কাম আৰম্ভ কৰো৷ কিন্তু যিহেতু কামবোৰ দেওঘৰৰ অজ্ঞাতে হৈছে সেয়েহে দেওঘৰলৈ যাত্ৰা আৰম্ভ কৰিলো৷
পূজনীয় বাবাইদাৰ দৰ্শন, প্ৰণাম, নিবেদন চলি আছে৷ বাবুন ওৱাদ্দাৰদা, প্ৰফুল্ল গোস্বামী দা, প্ৰফুল্ল গোস্বামীদাৰ সহ-ধৰ্মীনি, ডাক্তৰ প্ৰচেজিৎ ৰয়, ঠাকুৰ দা আৰু মই প্ৰণাম কৰিলোঁ৷ বাবুনদাৰ ফালে চোৱাৰ লগে লগে বাবুনদাই সমস্ত কথা বিবৰি ক’লে৷ বাবুনদাৰ কোৱা হোৱাৰ পিছত প্ৰফুল্ল দাই ক’লে আজ্ঞে, শ্ৰীশ্ৰীদাদাৰ আশীৰ্বাদত ইমান বছৰে মাটিখিনি চোৱা-চিতা কৰি আহিছো৷ এতিয়া মোৰ বয়স হৈছে সেয়েহে পংকজক লৈ আহিছো, আপোনাৰ সম্মুখত পংকজক মাটিখিনি গটালো৷ এতিয়াৰ পৰা সি চোৱা-চিতা কৰিব৷ লগে লগে শ্ৰীশ্ৰী বাবাইদাই মোৰ ফালে চাই চাৰিসীমাৰ ওৱাল, উপসনা গৃহ, পূজাৰী গৃহ, আৰু গছ পুলি ৰুই কটেজ বনোৱাৰ আশীৰ্বাদ কৰে৷ যিহেতু গুৱাহাটীত একো কাম চলা নাই সেয়েহে এইটো সম্পূৰ্ণ কৰিব পাৰিবি বুলি কয়৷ বাবুনদা আৰু প্ৰফুল্লদাৰ ফালে চাই কয়, আপোনালোকে বাবা ‘শ্ৰীশ্ৰী দাদা’ বহিলে আহিব মই বাবাক জনাম৷
নাট মণ্ডপত আমি উপস্থিত৷ পুজ্যপাদ শ্ৰীশ্ৰীদাদা আহিল তাৰ কিছু সময় পিছত পুজনীয় বাবাইদা আৰু সিপাইদা আহিল৷ পুজনীয় বাবাইদাই শ্ৰীশ্ৰীদাদাক সকলো বিবৰি ক’লে– লগে লগে দাদাই মোক লক্ষ্য কৰি চাৰিসীমাৰ ওৱাল, উপসনা গৃহ, পূজাৰী গৃহ আদি দ্ৰুতগতিত নিৰ্মাণ কৰাৰ আশীৰ্বাদ কৰে৷ লগতে বাবুনদা আৰু প্ৰফুল্ল দাক বাঘ দুটা আছে নে নাই তাকো সোধে৷
এইখিনি লকডাউনৰ বিশ দিন মান আগৰ কথা৷ লক ডাউনৰ বাবে সেই সময়ত কাম আগবঢ়াব পৰা নগ’ল৷ মাটিডোখৰ যিহেতু পট্টা হোৱা নাই সেয়েহে আমাক দেওঘৰৰ পৰা কোনো ধৰণৰ ‘কোড’ নিদিলে৷ বৰ্তমান মাটিডোখৰৰ নামত কেইবাখনো কাগজ বনোৱা হ’ল লগতে বিজুলী সংযোগ লাভ কৰিলো৷ আমি প্ৰচেষ্টা চলাইছো অতি সোনকালে মাটি পট্টা কৰিব পৰা হ’ব৷
যোৱা ১১ মাৰ্চৰ পৰা প্ৰথমটো কটেজৰ কাম আৰম্ভ কৰা হৈছে৷ কটেজটোৰ দৈৰ্ঘ্য ৭০ ফুট, বহল ২০ ফুট, কটেজটোত থাকিব প্ৰাৰ্থনাযসৎসঙ্গ গৃহ, ভোগ ঘৰ, ডাইনিং হল, পূজাৰী গৃহ, ভৰাল ঘৰ, আলহী গৃহ, লেট্ৰিন- বাৰ্থৰুম৷ কটেজটো বনোৱা হোৱাৰ পিছত আকৌ দেওঘৰলৈ গৈ শ্ৰীশ্ৰীআচাৰ্যদেৱক সবিশেষ জনাম৷ সেয়েহে দাদা, মাসকলক কৰযোৰে অনুৰোধ পৰমপিতাৰ এই মহান যজ্ঞত সকলোৱে যোগান দি ধন্য হওঁক ৷
প্ৰাৰ্থনাত কলি কত নকৰিলি কাজে,
ফুটিল সেইটো কল্পনাত ফলটি পালি বাজে৷
ইষ্টপদত টান নহ’লে জপ কৰই বা কি?
জনম-ভৰ কৰিলেও জপ লাভ হ’ব ফাকি৷
ইশ্বৰৰেই ডাক আহিছে, তেওঁৰ কামত তোৰ সঙ্গতি,
যোগান দি ধন্য হ তই, হওক দলিত দুৰ্গতি৷
–শ্ৰীশ্ৰীঠাকুৰ
জয়গুৰু
তেওঁৰে সেৱক
শ্ৰীপংকজ তালুকদাৰ
মোবাইল- ৯৮৫৪০২৬২৭৯
মা এগৰাকীয়ে ৪৫০০ টকা আৰু নামৰূপৰ দাদা এজনে ৩১ টকা শ্ৰীশ্ৰীঠাকুৰ আশ্ৰমলৈ আগবঢ়াইছে৷ দুয়োজনে সপোনত শ্ৰীশ্ৰীঠাকুৰ আশ্ৰমলৈ সিমান টকাকৈ দিয়াৰ সপোন দেখিছিল৷ উল্লেখযোগ্য কথাটো হ’ল দুয়োগৰাকীয়ে সপোন দেখাৰ আগত শ্ৰীশ্ৰীঠাকুৰ আশ্ৰমৰ কথা কাৰো মুখত শুনা নাছিল৷
জয়গুৰু দাদা,
সপোনত ৩১ টকা অৰ্ঘ্য আগবঢ়োৱা দাদাজন মই হওঁ৷ আৰু এইয়া সঁচা কথা যে, মই উল্লেখিত মন্দিৰৰ বিষয়ে আগতে কেতিয়াও শুনা নাছিলো৷ সপোনত মই, আমাৰ শ্ৰদ্ধেয় ঋত্বিক দেবতা শ্ৰীচিৰঞ্জীৱ অধিকাৰী দাদাক, অৰ্ঘ্যটো আগবঢ়োৱা চাইছিলো৷ গতিকে ৰাতিপুৱা শুই উঠিয়েই ঋত্বিক দাদাক ফোন কৰি মই কথাটো জনালো৷ তেতিয়া ঋত্বিক দাদাই মোক শ্ৰীশ্ৰী ঠাকুৰক প্ৰণামী দি দিব কৈছিল৷ কিন্তু মোৰ মন যোৱা নাছিল৷ ঠিক ২৮/০৪/২০২৪ তাৰিখে আমাৰ স্বনামধন্য ঋত্বিক দেৱতা শ্ৰীজয়ধন নায়ডু দাদাই আমাৰ ঘৰত আহে আৰু ভাগ্যক্ৰমে সেইদিনা খনেই শ্ৰদ্ধেয় ঋত্বিক দেৱতা শ্ৰীচিৰঞ্জীৱ অধিকাৰী দাদাৰ সৈতে আৰু এজন শ্ৰদ্ধেয় ঋত্বিক দাদাও আমাৰ ঘৰত আহে৷ লগত আমাৰ স্থানীয় প্ৰবীণ কৰ্মী শ্ৰদ্ধেয় অধ্বৰ্য শ্ৰীযাদৱ শইকীয়া দাদা আৰু শ্ৰদ্ধেয় শ্ৰীপ্ৰদীপ বনিক দাদাও আমাৰ ঘৰত আহে৷ কিন্তু দাদাসকল যোৱাৰ পাছত মনত এটা গ্লানি থাকি গল যে, সপোনৰ অৰ্ঘ্যৰ লগত আৰু কেইটকামান কিয় নিদিলো৷ যিহেতু ইমান বৃহৎ কৰ্মযজ্ঞ চলি আছে আৰু শ্ৰীশ্ৰীঠাকুৰে মোক মাথো ৩১ টকা অৰ্ঘ্য আগবঢ়োৱাৰ সপোন কিয় দিলে৷ কাৰণটো বুজি নাপালোঁ৷ মাথোঁ ভাবি ল’লো এয়াই শ্ৰীশ্ৰী ঠাকুৰৰ ইচ্ছা আছিল ছাগে৷
পংকজ দাদা, আপোনাক এটা অনুৰোধ থাকিল যে, আপুনি মোৰ তৰফৰ হৈ এই কথাবিলাক পৰমপুজ্যপাদ শ্ৰীশ্ৰীআচাৰ্য্যদেৱ দাদাক জনাই দিব আৰু পৰমপুজ্যপাদ আচাৰ্য্যদেৱ দাদাৰ পৰা আশীৰ্বাদ ল’ব যে, মই আৰু কেই টকা অৰ্ঘ্য দিব পাৰিম নাই৷ জয়গুৰু
বিজয় কৰ্মকাৰ