08/07/2026
#মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাৰণে নিজৰ জোৱায়েকৰ মৃত্যু হয়। ভালকৈ জানিবলৈ পোষ্ট পঢ়ক।
এনেতে আসাম ৰজাই তেওঁৰ হাতীৰ লেখ এহেজাৰ পূৰ্ণ কৰিবৰ মনেবে, নকৈ আৰু হাতী ধৰিবৰ নিমিত্তে গৰ মৰাই, নানা ঠাইৰপৰা হাতী খেদোৱাই অনাই তাত সুমুৱালে। গৰৰ 'দক্ষিণত ব্ৰহ্মপুত্র, উত্তৰে লৌহিত্য। নিয়োজিলা পাত্র ভৃত্য যথা নানা মত। পূর্বত দিলন্ত কতো ভৃত্যগণ আনি। পশ্চিমত দিলা শঙ্কৰক মহামানী।" ভূয়াৰ মাজত শিৰোমণি শঙ্কৰক সকলোৰে ওপৰত তত্ত্বাৱধান কৰিবলৈ নিযুক্ত কৰিলে। ৰজাই আদেশ প্ৰচাৰ কৰিলে যে যদি পালী ভাঙি কাৰো ফালে হাতী পলাই যায় তেন্তে সেইজনৰ মূৰ কটা যাব। তিন দিন তিন ৰাতি হাতী পালী দি থকাৰ পিছত চতুৰ্থ দিনাৰ মাজৰাতি ঘোপ মৰা এন্ধাৰত যেতিয়া পালী প্ৰহৰীয়াবোৰ জাৰত ঠেৰেঙা লাগিল, তেতিয়া গুণ্ডা হাতী এটাই পূব দি পশ্চিমৰ গৰৰ এঠাইত ভাঙিলে। পালীসকলে জুই, যাঠি, জোং ইত্যাদিৰে কত চেষ্টা কৰিও গুণ্ডাক ৰাখিব নোৱাৰিলে, সি গৰৰ পৰা ওলাই পলাই হাবিত সোমলগৈ আৰু তাৰ পিছে পিছে কিছুমান হাতীও ওলাই গ'ল। এই আকস্মিক বিপদ দেখি শঙ্কৰৰ সৈতে ভূয়াঁসকল লৰালৰিকৈ পলাল। আসাম ৰজাই এই বাতৰি পাই খঙত জ্বলি উঠি ভূঞাসকলক আৰু বিশেষকৈ শঙ্কৰদেৱক ধৰি নি দণ্ড কৰিবলৈ হুকুম দিলে। ৰজাৰ চাউদাং দূত অকলে শঙ্কৰদেৱক বিচাৰি আহি ধুৱাহাটত তেওঁৰ ঘৰ ওলালহি। চাউদাংহঁতক দেখি শঙ্কৰদেৱ ঘৰৰ ভিতৰ সোমালত, আঠোটা চাউদাঙে শঙ্কৰদেৱক ধৰিবৰ মনেৰে ঘৰৰ ভিতৰত তেওঁক হাতেৰে বেড়া দিলে। শঙ্কৰদেৱে ততালিকে সিহঁতক ঠেলামাৰি মাটিত পেলাই দি একেচোচাই ঘৰৰ পৰা ওলাই গৈ বাৰীত সোমালগৈ। চাউদাংহঁতে উঠি, তেওঁৰ পিছে পিছে খেদা ধৰিলে। লৰি যাওঁতে বাটত বাইশ হাত বহল মৰি নৈৰ খাল এটা শঙ্কৰদেৱে একে জাঁপেই পাৰ হৈ গ'ল। চাউদাংহঁতে ঘূৰি গৈ খালটো পাৰ হওঁতেই শঙ্কৰদেৱ চকুৰে নেদেখা আঁতৰ হৈ পৰিল। ইয়াৰ পিছত সিহঁতে ভালেমান পৰ বিচাৰি শঙ্কৰদেৱক নৈৰ গৰাৰ তলত দেখি "ধৰ ধৰ” বুলি খেদি গ'ল। শঙ্কৰে এইখিনি সময়তে তেওঁৰ উত্তৰি উলিয়াই আৰু হাতত গীতা শাস্ত্ৰখন লৈ ক'লে যে "তহঁতে মোক কিয় ধৰিব খুজিছ, মই দ্বিজ। চাহঁকচোন মোৰ হাতত পুথি আৰু গাত উত্তৰি আছে।” এই কথা শুনি চাউদাংহঁতে ভালকৈ চাই দেখিলে যে সঁচা, তেওঁ কোনোবা দ্বিজহে, শঙ্কৰ নহয়। ইয়াকে থিৰাং কৰি সিহঁতে তেওঁক তাতে এৰি আন ঠাইত বিচাৰি ফুৰিবলৈ ধৰিলে। শঙ্কৰক সিহঁতে ক'তো বিচাৰি নাপাই উভতি যাওঁতে বাটত মাধৱদেৱক আৰু শঙ্কৰৰ জোঁৱায়েক হৰিক দেখা পালে। তেওঁলোক কোন ক'লৈ যায় বুলি চাউদাংহঁতে তেওঁলোকক সুধিলত, মাধৱদেৱে উত্তৰ দিলে, "আমি শঙ্কৰৰ ভক্ত; তেওঁৰ সৈতে দেখা কৰিবলৈ যাওঁ।" এই কথা শুনি চাউদাংহঁতে তেওঁলোক দুজনক ধৰি লৈ গ'ল। চাউদাংহঁতে তেওঁলোকক নি প্রধান মন্ত্ৰী সন্দিকৈ বৰুৱাৰ আগত থিয় কৰি দিলত, বৰবৰুৱাই তেওঁলোকক সুধিলে- "তোমালোকে কি কৰা? আৰু তোমালোকৰ কোন আছে?" মাধৱদেৱে উত্তৰ দিলে, "আমি শঙ্কৰৰ ভক্ত; নাম-গুণ গাই থাকোঁ। মোৰ কেও নাই।” হৰিয়ে ক'লে, "তেওঁৰ পৰিবাৰ আছে। সন্দিকৈয়ে তেওঁলোকক ৰজাৰ আগত হাজিৰ কৰি দি ক'লে শঙ্কৰ পলাল, তেওঁক ধৰিব পৰা নগ'ল, এওঁলোক শঙ্কৰৰ ভকত। এজন বৰাগী, তেওঁৰ কোনো নাই, আনজন গৃহস্থী, তেওঁৰ পৰিবাৰ আছে।" ৰজাই এই কথা শুনি ক'লে, "মই যেতিয়া প্রতিজ্ঞা কৰিছোঁ, ইহঁতক এতিয়াই কাটিব লাগিব। কিন্তু যিটো বৰাগী তাক কাটিলে কি হ'ব, তাক এৰি দিয়া; কাৰণ তাক কাটিলে তাৰ শোকত কান্দিবলৈ কোনো নাই। যিটোক কাটিলে কান্দিবলৈ আছে, তাক কাটা।" ৰজাই মন্ত্ৰীৰ সৈতে এই আলচ কৰোঁতেই মাধৱদেৱে হৰিক ক'লে, "মোক যদি আগেয়ে কাটে, তেন্তে তুমি মোক নাম সোঁৱৰাবা আৰু তোমাক আগেয়ে কাটিলে মই তোমাক নাম সোঁৱৰাম।"
এনে সময়তে মন্ত্রীয়ে চাউদাঙক ৰজাৰ আদেশ শুনাই ক'লে যে গৃহস্থীজনক কাটিব লাগে আৰু বৰাগীজনক এৰি দিব লাগে। এই হুকুম শুনি চাউদাঙে হৰিক কাটিবলৈ লৈ গ'ল। বাটত মাধৰে হৰিক ঈশ্বৰৰ চৰণত মন সমর্পণ কৰি দৃঢ় কৰিবলৈ উপদেশ দি এই গীতটি ৰচনা কৰি গাই শুনাই হৰিৰ মন স্থিৰ কৰি দিলে-
"ভয়ো ভাই সাৱধান,
যাবে নাহি ছুটে প্রাণ।
গোবিন্দৰ ফৰমান,
নিকটে মিলারে জান।
জীৱন যৌৱন ঠোৰ,
সবে মায়াময় চোৰ।
দুঃখ সব কৰা দূৰ,
হৰি পদে মন জুৰ।
ত্যজা সব অভিলাস,
দূৰ কৰা মোহপাশ।
হৰিপদে কৰা আশ,
কহয় মাধৱ দাস।
এই গীত শুনি হৰিয়ে ঈশ্বৰৰ চৰণত মন একান্তৰূপে নিবিষ্ট কৰি, চাউদাঙক ক'লে-"ক্ষন্তেকমানৰ, মই হাত-বাউলি দিলে কাটিবি।" মাধৱদেৱে নাম সোঁৱৰাবলৈ ধৰিলত হৰিয়ে হাত বাউলি দিলে, আৰু চাউদাঙৰ দাৰ কোবত তেওঁৰ মুৰটো মাটিত পৰিল। চৰিত্ৰত আছে যে কটা মূৰটোৱে ৰাম ৰাম বুলি উফৰি মাধৱদেৱৰ পাৱত পৰিলত মাধৱদেৱে তাক হাতেৰে তুলি ধৰি মাটিত থ'লে।