Satya Sandhan News Assam

Satya Sandhan News Assam Satya Sandhan News Assam

ইয়াত আপুনি পাব সত্য, ধৰ্মীয় আৰু সামাজিক খবৰ।
Like. Follow, Share কৰিব

শ্ৰীমদ্ভাগৱত গীতা অধ্যায় ৮, শ্লোক ১৩ আৰু ১৬ গীতা শ্ৰীকৃষ্ণে কৈছে—ওমিত্যেকাক্ষৰং ব্ৰহ্ম ব্যাহৰৰ্মামনুস্মৰন্।যঃ প্রয়াতি ...
29/07/2026

শ্ৰীমদ্ভাগৱত গীতা অধ্যায় ৮, শ্লোক ১৩ আৰু ১৬ গীতা শ্ৰীকৃষ্ণে কৈছে—

ওমিত্যেকাক্ষৰং ব্ৰহ্ম ব্যাহৰৰ্মামনুস্মৰন্।

যঃ প্রয়াতি ত্যজন্দেহং স যাতি পৰমাং গতিম্ ।।১৩।।

অৰ্থাৎ, যি সাধকে মৃত্যুৰ সময়ত 'ওঁ' (ॐ) এই একাক্ষৰ ব্ৰহ্ম উচ্চাৰণ কৰি মোক স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, তেওঁ 'ওঁ' সাধনাৰ দ্বাৰা লাভ হোৱা পৰম গতি প্ৰাপ্ত কৰে।

"ওঁ" মন্ত্ৰ দ্বাৰা ব্ৰহ্ম লোক প্ৰাপ্ত কৰে

এই শ্লোকত শ্ৰীকৃষ্ণে স্পষ্টকৈ 'ওঁ' মন্ত্ৰ জপ কৰি তেওঁক স্মৰণ কৰাৰ কথা উল্লেখ কৰিছে।

আব্ৰহ্মভুবনাল্লোকাঃ পুনৰাৱৰ্তিনোহৰ্জুন।মামুপেত্য তু কৌন্তেয় পুনর্জন্ম ন বিদ্যতে।।১৬।।

অর্জুন! ব্ৰহ্মৰে পৰা আৰম্ভ কৰি কীট পতঙ্গ আদি সকলোৰে পূনৰাৱৰ্ত্তী হয়, জন্ম লোৱা আৰু মৃত্যু হোৱা পুনঃ পুনঃ এই ক্রম চলি থাকে।

পোষ্টটো ভাল পালে লাইক কৰিব চেনেল টো Follow কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏

Like, comment, share and follow

#সত্য_সন্ধন_নিউজ_অসম





#শংকসংঘ





শ্ৰীমদ্ভাগৱত গীতা অধ্যায় ৮, শ্লোক ১৩ত গীতা শ্ৰীকৃষ্ণে কৈছে—ওমিত্যেকাক্ষৰং ব্ৰহ্ম ব্যাহৰৰ্মামনুস্মৰন্।যঃ প্রয়াতি ত্যজন্...
28/07/2026

শ্ৰীমদ্ভাগৱত গীতা অধ্যায় ৮, শ্লোক ১৩ত গীতা শ্ৰীকৃষ্ণে কৈছে—

ওমিত্যেকাক্ষৰং ব্ৰহ্ম ব্যাহৰৰ্মামনুস্মৰন্।

যঃ প্রয়াতি ত্যজন্দেহং স যাতি পৰমাং গতিম্ ।।১৩।।

«ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८.१३ ॥»

অৰ্থাৎ, যি সাধকে মৃত্যুৰ সময়ত 'ওঁ' (ॐ) এই একাক্ষৰ ব্ৰহ্ম উচ্চাৰণ কৰি মোক স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, তেওঁ 'ওঁ' সাধনাৰ দ্বাৰা লাভ হোৱা পৰম গতি প্ৰাপ্ত কৰে।

এই শ্লোকত শ্ৰীকৃষ্ণে স্পষ্টকৈ 'ওঁ' মন্ত্ৰ জপ কৰি তেওঁক স্মৰণ কৰাৰ কথা উল্লেখ কৰিছে।

পোষ্টটো ভাল পালে লাইক কৰিব চেনেল টো Follow কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏

Like, comment, share and follow

#সত্য_সন্ধন_নিউজ_অসম





#শংকসংঘ





পোষ্টটো ভাল পালে লাইক কৰিব চেনেল টো Follow কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏Like, comment, share and follow  #সত্য_সন্...
23/07/2026

পোষ্টটো ভাল পালে লাইক কৰিব চেনেল টো Follow কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏

Like, comment, share and follow

#সত্য_সন্ধন_নিউজ_অসম





#শংকসংঘ





তদ্বিদ্ধি প্রণিপাতেন পৰিপ্রশ্নেন সেৱয়া।উপদেক্ষ্যন্তি তে জ্ঞানং জ্ঞানিনস্তত্ত্বদর্শিনঃ।। ৩৪।।শ্ৰীমদ্ভাগৱত গীতাৰ অধ্যায় ...
22/07/2026

তদ্বিদ্ধি প্রণিপাতেন পৰিপ্রশ্নেন সেৱয়া।

উপদেক্ষ্যন্তি তে জ্ঞানং জ্ঞানিনস্তত্ত্বদর্শিনঃ।। ৩৪।।

শ্ৰীমদ্ভাগৱত গীতাৰ অধ্যায় ৪ শ্লোক ৩৫ কৈ তত্বদৰ্শী মহাপুৰুষৰ ওচৰলৈ গৈ উত্তম প্ৰকাৰে প্ৰণাম কৰি (দণ্ডৱত্ প্ৰণাম কৰি, অহংকাৰ ত্যাগকৰি, শৰণ লৈ) উত্তম প্ৰকাৰে সেৱা কৰি, নিষ্কপট ভাৱেৰে প্ৰশ্ন কৰি তুমি জ্ঞানক জানি লোৱা। তেওঁ তত্বজনা জ্ঞানীজনে তোমাৰ বাবে সেই জ্ঞানৰ উপদেশ কৰিব, সাধনা পথত চলাব। সমর্পিত ভাৱেৰে সেৱা কৰিলেহে এই জ্ঞান শিকাৰ ক্ষমতা পাব। তত্বদৰ্শী মহাপুৰুষ পৰমতত্ব পৰমাত্মাৰ প্ৰত্যক্ষ দিক্‌দৰ্শন লাভ কৰোঁতা।

মন্মনা ভব মদ্ভক্তো মদ্যাজী মাং নমস্কুৰু।

মামেবৈষ্যসি সত্যং তে প্রতিজানে প্রিয়োহসি মে।। ৬৫।।

গীতা জ্ঞান দাতাই কৈছে যে মোক নমস্কাৰ কৰা । তেওঁ শৰণলৈ যোৱা

অলপ নিজেই ভাবি চাওক‌ তত্ত্বদৰ্শী মহাপুৰুষৰ ওচৰত গৈ প্ৰণাম কৰি জ্ঞানক জানিবলৈ কৈছে যি জ্ঞানৰ লগত গীতা জ্ঞান দাতা নিজেই পৰিচয় নহয় অৰ্থাৎ যি জ্ঞানৰ দ্বাৰা মুক্তি লাভ হয় সেই জ্ঞানক তেওঁ নেজানে।

আকৌ নিজৰ কথা কৈছে যে মোক নমস্কাৰ কৰা।

পোষ্টটো ভাল পালে লাইক কৰিব চেনেল টো Follow কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏

Like, comment, share and follow

#সত্য_সন্ধন_নিউজ_অসম








#শংকসংঘ






মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সন্ত ৰামপাল মহাৰাজৰ শিক্ষা একেই নে?এইটো কোনো ব্যক্তিক সৰু-ডাঙৰ কৰাৰ উদ্দেশ্য নহয়। উদ্দেশ্...
17/07/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সন্ত ৰামপাল মহাৰাজৰ শিক্ষা একেই নে?
এইটো কোনো ব্যক্তিক সৰু-ডাঙৰ কৰাৰ উদ্দেশ্য নহয়। উদ্দেশ্য হৈছে শাস্ত্ৰৰ আধাৰত সত্য বিচাৰ কৰা।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নামধৰ্ম আৰু শ্ৰীকৃষ্ণ ভক্তিৰ প্ৰচাৰ কৰিছিল। আনহাতে, সন্ত ৰামপাল মহাৰাজে কয় যে বেদ, গীতা, উপনিষদ আৰু পুৰাণত উল্লেখ কৰা তত্ত্বদৰ্শী সদগুৰুৰ পৰা সত্য সাধনা গ্ৰহণ কৰিলেহে পূৰ্ণ মুক্তি সম্ভৱ।
যদি দুয়োজনৰ শিক্ষা সম্পূৰ্ণ একে হয়, তেন্তে—
ঈশ্বৰৰ স্বৰূপৰ ব্যাখ্যা একে নেকি?
মুক্তিৰ পথ একে নেকি?
গীতা, বেদ আৰু উপনিষদৰ ব্যাখ্যা একে নেকি?
এই প্ৰশ্নবোৰৰ উত্তৰ শাস্ত্ৰৰ আধাৰত বিচাৰি চাওক। ব্যক্তিৰ ওপৰত নহয়, প্ৰমাণৰ ওপৰত বিশ্বাস কৰক।
আপোনাৰ মতামত কি? আলোচনা হওক শাস্ত্ৰৰ প্ৰমাণেৰে, ব্যক্তিগত আক্ৰমণেৰে নহয়। 🙏

সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ।

Like, comment, share and follow

#সত্য_সন্ধন_নিউজ_অসম








#শংকসংঘ






13/07/2026

সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ।

🙏 নমস্কাৰ ৰন্টু শইকীয়া ডাঙৰীয়া

আপুনি নিয়মিতভাৱে শ্ৰীমদ্ভাগৱত গীতা আৰু শ্ৰীমদ্ভাগৱতৰ ব্যাখ্যা আগবঢ়াই আছে, তাৰ বাবে আন্তৰিক ধন্যবাদ।

দাসৰ এটা সৰু বিনম্ৰ প্ৰাৰ্থনা আছে। অনুগ্ৰহ কৰি শ্ৰীমদ্ভাগৱত গীতাৰ এই শ্লোকসমূহৰ মূল সংস্কৃত পাঠসহ সৰল আৰু শাস্ত্ৰসম্মত ব্যাখ্যা আগবঢ়াবচোন—

• অধ্যায় ৪, শ্লোক ৩৪
• অধ্যায় ৮, শ্লোক ১৩ আৰু ১৬
• অধ্যায় ১৫, শ্লোক ১, ৪, ১৬,
▫️অধ্যায় ১৭ শ্লোক ২৩
• অধ্যায় ১৮, শ্লোক ৬২

এই শ্লোকসমূহৰ ব্যাখ্যাই বহু মানুহৰ মনৰ বহু প্ৰশ্নৰ উত্তৰ দিব আৰু শাস্ত্ৰক সঠিকভাৱে বুজিবলৈ সহায়ক হ'ব বুলি মোৰ বিশ্বাস।

আশা কৰোঁ, আপুনি সময় উলিয়াই এই বিষয়ত এটা বিস্তৃত আলোচনা আগবঢ়াব।

ধন্যবাদ। 🙏
#সত্য_সন্ধন_নিউজ_অসম








#শংকসংঘ






Like, comment share and follow
11/07/2026

Like, comment share and follow


Like, comment share and follow
10/07/2026

Like, comment share and follow


08/07/2026

#মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাৰণে নিজৰ জোৱায়েকৰ মৃত্যু হয়। ভালকৈ জানিবলৈ পোষ্ট পঢ়ক।

এনেতে আসাম ৰজাই তেওঁৰ হাতীৰ লেখ এহেজাৰ পূৰ্ণ কৰিবৰ মনেবে, নকৈ আৰু হাতী ধৰিবৰ নিমিত্তে গৰ মৰাই, নানা ঠাইৰপৰা হাতী খেদোৱাই অনাই তাত সুমুৱালে। গৰৰ 'দক্ষিণত ব্ৰহ্মপুত্র, উত্তৰে লৌহিত্য। নিয়োজিলা পাত্র ভৃত্য যথা নানা মত। পূর্বত দিলন্ত কতো ভৃত্যগণ আনি। পশ্চিমত দিলা শঙ্কৰক মহামানী।" ভূয়াৰ মাজত শিৰোমণি শঙ্কৰক সকলোৰে ওপৰত তত্ত্বাৱধান কৰিবলৈ নিযুক্ত কৰিলে। ৰজাই আদেশ প্ৰচাৰ কৰিলে যে যদি পালী ভাঙি কাৰো ফালে হাতী পলাই যায় তেন্তে সেইজনৰ মূৰ কটা যাব। তিন দিন তিন ৰাতি হাতী পালী দি থকাৰ পিছত চতুৰ্থ দিনাৰ মাজৰাতি ঘোপ মৰা এন্ধাৰত যেতিয়া পালী প্ৰহৰীয়াবোৰ জাৰত ঠেৰেঙা লাগিল, তেতিয়া গুণ্ডা হাতী এটাই পূব দি পশ্চিমৰ গৰৰ এঠাইত ভাঙিলে। পালীসকলে জুই, যাঠি, জোং ইত্যাদিৰে কত চেষ্টা কৰিও গুণ্ডাক ৰাখিব নোৱাৰিলে, সি গৰৰ পৰা ওলাই পলাই হাবিত সোমলগৈ আৰু তাৰ পিছে পিছে কিছুমান হাতীও ওলাই গ'ল। এই আকস্মিক বিপদ দেখি শঙ্কৰৰ সৈতে ভূয়াঁসকল লৰালৰিকৈ পলাল। আসাম ৰজাই এই বাতৰি পাই খঙত জ্বলি উঠি ভূঞাসকলক আৰু বিশেষকৈ শঙ্কৰদেৱক ধৰি নি দণ্ড কৰিবলৈ হুকুম দিলে। ৰজাৰ চাউদাং দূত অকলে শঙ্কৰদেৱক বিচাৰি আহি ধুৱাহাটত তেওঁৰ ঘৰ ওলালহি। চাউদাংহঁতক দেখি শঙ্কৰদেৱ ঘৰৰ ভিতৰ সোমালত, আঠোটা চাউদাঙে শঙ্কৰদেৱক ধৰিবৰ মনেৰে ঘৰৰ ভিতৰত তেওঁক হাতেৰে বেড়া দিলে। শঙ্কৰদেৱে ততালিকে সিহঁতক ঠেলামাৰি মাটিত পেলাই দি একেচোচাই ঘৰৰ পৰা ওলাই গৈ বাৰীত সোমালগৈ। চাউদাংহঁতে উঠি, তেওঁৰ পিছে পিছে খেদা ধৰিলে। লৰি যাওঁতে বাটত বাইশ হাত বহল মৰি নৈৰ খাল এটা শঙ্কৰদেৱে একে জাঁপেই পাৰ হৈ গ'ল। চাউদাংহঁতে ঘূৰি গৈ খালটো পাৰ হওঁতেই শঙ্কৰদেৱ চকুৰে নেদেখা আঁতৰ হৈ পৰিল। ইয়াৰ পিছত সিহঁতে ভালেমান পৰ বিচাৰি শঙ্কৰদেৱক নৈৰ গৰাৰ তলত দেখি "ধৰ ধৰ” বুলি খেদি গ'ল। শঙ্কৰে এইখিনি সময়তে তেওঁৰ উত্তৰি উলিয়াই আৰু হাতত গীতা শাস্ত্ৰখন লৈ ক'লে যে "তহঁতে মোক কিয় ধৰিব খুজিছ, মই দ্বিজ। চাহঁকচোন মোৰ হাতত পুথি আৰু গাত উত্তৰি আছে।” এই কথা শুনি চাউদাংহঁতে ভালকৈ চাই দেখিলে যে সঁচা, তেওঁ কোনোবা দ্বিজহে, শঙ্কৰ নহয়। ইয়াকে থিৰাং কৰি সিহঁতে তেওঁক তাতে এৰি আন ঠাইত বিচাৰি ফুৰিবলৈ ধৰিলে। শঙ্কৰক সিহঁতে ক'তো বিচাৰি নাপাই উভতি যাওঁতে বাটত মাধৱদেৱক আৰু শঙ্কৰৰ জোঁৱায়েক হৰিক দেখা পালে। তেওঁলোক কোন ক'লৈ যায় বুলি চাউদাংহঁতে তেওঁলোকক সুধিলত, মাধৱদেৱে উত্তৰ দিলে, "আমি শঙ্কৰৰ ভক্ত; তেওঁৰ সৈতে দেখা কৰিবলৈ যাওঁ।" এই কথা শুনি চাউদাংহঁতে তেওঁলোক দুজনক ধৰি লৈ গ'ল। চাউদাংহঁতে তেওঁলোকক নি প্রধান মন্ত্ৰী সন্দিকৈ বৰুৱাৰ আগত থিয় কৰি দিলত, বৰবৰুৱাই তেওঁলোকক সুধিলে- "তোমালোকে কি কৰা? আৰু তোমালোকৰ কোন আছে?" মাধৱদেৱে উত্তৰ দিলে, "আমি শঙ্কৰৰ ভক্ত; নাম-গুণ গাই থাকোঁ। মোৰ কেও নাই।” হৰিয়ে ক'লে, "তেওঁৰ পৰিবাৰ আছে। সন্দিকৈয়ে তেওঁলোকক ৰজাৰ আগত হাজিৰ কৰি দি ক'লে শঙ্কৰ পলাল, তেওঁক ধৰিব পৰা নগ'ল, এওঁলোক শঙ্কৰৰ ভকত। এজন বৰাগী, তেওঁৰ কোনো নাই, আনজন গৃহস্থী, তেওঁৰ পৰিবাৰ আছে।" ৰজাই এই কথা শুনি ক'লে, "মই যেতিয়া প্রতিজ্ঞা কৰিছোঁ, ইহঁতক এতিয়াই কাটিব লাগিব। কিন্তু যিটো বৰাগী তাক কাটিলে কি হ'ব, তাক এৰি দিয়া; কাৰণ তাক কাটিলে তাৰ শোকত কান্দিবলৈ কোনো নাই। যিটোক কাটিলে কান্দিবলৈ আছে, তাক কাটা।" ৰজাই মন্ত্ৰীৰ সৈতে এই আলচ কৰোঁতেই মাধৱদেৱে হৰিক ক'লে, "মোক যদি আগেয়ে কাটে, তেন্তে তুমি মোক নাম সোঁৱৰাবা আৰু তোমাক আগেয়ে কাটিলে মই তোমাক নাম সোঁৱৰাম।"

এনে সময়তে মন্ত্রীয়ে চাউদাঙক ৰজাৰ আদেশ শুনাই ক'লে যে গৃহস্থীজনক কাটিব লাগে আৰু বৰাগীজনক এৰি দিব লাগে। এই হুকুম শুনি চাউদাঙে হৰিক কাটিবলৈ লৈ গ'ল। বাটত মাধৰে হৰিক ঈশ্বৰৰ চৰণত মন সমর্পণ কৰি দৃঢ় কৰিবলৈ উপদেশ দি এই গীতটি ৰচনা কৰি গাই শুনাই হৰিৰ মন স্থিৰ কৰি দিলে-

"ভয়ো ভাই সাৱধান,

যাবে নাহি ছুটে প্রাণ।

গোবিন্দৰ ফৰমান,

নিকটে মিলারে জান।

জীৱন যৌৱন ঠোৰ,

সবে মায়াময় চোৰ।

দুঃখ সব কৰা দূৰ,

হৰি পদে মন জুৰ।

ত্যজা সব অভিলাস,

দূৰ কৰা মোহপাশ।

হৰিপদে কৰা আশ,

কহয় মাধৱ দাস।

এই গীত শুনি হৰিয়ে ঈশ্বৰৰ চৰণত মন একান্তৰূপে নিবিষ্ট কৰি, চাউদাঙক ক'লে-"ক্ষন্তেকমানৰ, মই হাত-বাউলি দিলে কাটিবি।" মাধৱদেৱে নাম সোঁৱৰাবলৈ ধৰিলত হৰিয়ে হাত বাউলি দিলে, আৰু চাউদাঙৰ দাৰ কোবত তেওঁৰ মুৰটো মাটিত পৰিল। চৰিত্ৰত আছে যে কটা মূৰটোৱে ৰাম ৰাম বুলি উফৰি মাধৱদেৱৰ পাৱত পৰিলত মাধৱদেৱে তাক হাতেৰে তুলি ধৰি মাটিত থ'লে।

02/07/2026

বৈষ্ণৱ মালাৰ এটা ভিডিঅ' আগবঢ়ালোঁ

Like, comment share, and follow



#বৈষ্ণৱমালা




Address

Udaipur
Tinsukia
786182

Website

Alerts

Be the first to know and let us send you an email when Satya Sandhan News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share