একশৰণ ভাগৱতী ধৰ্ম নামঘৰ

  • Home
  • India
  • Tinsukia
  • একশৰণ ভাগৱতী ধৰ্ম নামঘৰ

একশৰণ ভাগৱতী ধৰ্ম নামঘৰ গুৰুজনাৰ আদৰ্শ চৰ্চন আৰু বন্দনৰ প্ৰাণকেন্দ্ৰ

01/09/2026
গুৰুগৃহত ভাদমহীয়া নামৰ শেষৰ কেইটিমান মুহূৰ্ত৷  ুৰু_শঙ্কৰ াগৱতী_ধৰ্ম_নামঘৰ
31/08/2026

গুৰুগৃহত ভাদমহীয়া নামৰ শেষৰ কেইটিমান মুহূৰ্ত৷
ুৰু_শঙ্কৰ
াগৱতী_ধৰ্ম_নামঘৰ

জয় গুৰু শঙ্কৰ৷ পহিলা ভাদৰ আন্তৰিক  #শুভকামনা জ্ঞাপন কৰিলোঁ।
19/08/2026

জয় গুৰু শঙ্কৰ৷
পহিলা ভাদৰ আন্তৰিক #শুভকামনা জ্ঞাপন কৰিলোঁ।

৷৷ জয় গুৰু শংকৰ৷৷ৰাজ্যৰ এই দুঃসময়ত আৰ্তজনৰ বাবে গুৰুগৃহৰ বাপ-আইসৱৰ এটি ক্ষুদ্ৰ প্ৰয়াস৷
02/08/2026

৷৷ জয় গুৰু শংকৰ৷৷

ৰাজ্যৰ এই দুঃসময়ত আৰ্তজনৰ বাবে গুৰুগৃহৰ বাপ-আইসৱৰ এটি ক্ষুদ্ৰ প্ৰয়াস৷

জয় গুৰু শঙ্কৰ৷ মানৱসেৱাই প্ৰকৃত ধৰ্ম৷ আমিও অকণমান প্ৰচেষ্টা চলাইছোঁ৷
27/07/2026

জয় গুৰু শঙ্কৰ৷
মানৱসেৱাই প্ৰকৃত ধৰ্ম৷ আমিও অকণমান প্ৰচেষ্টা চলাইছোঁ৷

18/06/2026

জয় গুৰু শঙ্কৰ।
এয়া সমগ্ৰ অসমৰ বাবেই এক গৌৰৱৰ ক্ষণ। শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ বৈষ্ণৱ ভক্তিবাদ, সংস্কৃতি তথা সত্ৰীয়া পৰম্পৰাৰ উঁহ মাজুলীৰ সন্দৰ্ভত বৃটিছ সংসদত ভাষণ তুলি ধৰাৰ স্মৰণীয় মুহূৰ্ত ।

জয় গুৰু শঙ্কৰ ৷ কালি অৰ্থাৎ ১১ জুন তাৰিখে তিনিচুকীয়াৰ ৰংপুৰীয়াস্থিত শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ...
12/06/2026

জয় গুৰু শঙ্কৰ ৷
কালি অৰ্থাৎ ১১ জুন তাৰিখে তিনিচুকীয়াৰ ৰংপুৰীয়াস্থিত শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদযাপন সমিতিৰ দ্বাৰা আমন্ত্ৰিত এক শৰণ ভাগৱতী ধৰ্ম নামঘৰৰ ভগ্নী অনুষ্ঠান শংকৰ-মাধৱ সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ কলা-কুশলীবৃন্দৰ দ্বাৰা মহাপুৰুষীয়া নাট “ৰুক্মিণী হৰণ” প্ৰদৰ্শন কৰা হয় ৷

বিশিষ্ট সত্ৰীয়া প্ৰশিক্ষক মাননীয় নন্দেশ্বৰ ভূঞাবাপৰ দ্বাৰা পৰিচালিত নাটভাগিৰ সফল মঞ্চস্থই অনুষ্ঠানত উপস্থিত সমূহ বাপ- আইমাতৃবৃন্দক সন্তোষ দিয়ে ৷

আদৰ্শ সত্ৰৰ সুন্দৰ আতিথ্যত আমি আটায়ে কৃতজ্ঞ । এই একতাবৃত্ত যাত্ৰা চিৰদিন অটুট ৰওক । তাকে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা ।

কৃষ্ণ।

 #এটি_ঘোষণাএক শৰণ ভাগৱতী ধৰ্ম নামঘৰৰ ভগ্নী অনুষ্ঠান তথা অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া প্ৰশিক্ষণ...
24/05/2026

#এটি_ঘোষণা

এক শৰণ ভাগৱতী ধৰ্ম নামঘৰৰ ভগ্নী অনুষ্ঠান তথা অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া প্ৰশিক্ষণ অনুষ্ঠান ”শঙ্কৰ-মাধৱ সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰ”ত প্ৰতি দেওবাৰে সত্ৰীয়া সংস্কৃতি অন্তৰ্গত খোলবাদ্য, সত্ৰীয়া নৃত্য আৰু বৰগীতৰ প্ৰশিক্ষণ দিয়া হয় । গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাপ্তবয়স্কসকলেও আমাৰ প্ৰশিক্ষণ শ্ৰেণীত নামভৰ্তি কৰাব পাৰে । তলৰ ছবিত যোগাযোগৰ সবিশেষ উল্লেখ কৰা হৈছে।

পহিলা বহাগৰ দিনটোত সকলোলৈকে মংগল কামনাৰে শুভাশা জ্ঞাপন কৰিছোঁ । পৰমব্ৰহ্ম কৃপালু ঈশ্বৰ সকলোৰে সহায় হওক ।
15/04/2026

পহিলা বহাগৰ দিনটোত সকলোলৈকে মংগল কামনাৰে শুভাশা জ্ঞাপন কৰিছোঁ । পৰমব্ৰহ্ম কৃপালু ঈশ্বৰ সকলোৰে সহায় হওক ।

সপ্তদশবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন, একশৰণ ভাগৱতী ধৰ্ম নামঘৰ ৷ ৷৷ জয় গুৰু শঙ্কৰ ৷৷যোৱা ৯ এপ্ৰিল আৰু ১১ এপ্ৰিল ক্ৰমে বৃহস...
12/04/2026

সপ্তদশবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন, একশৰণ ভাগৱতী ধৰ্ম নামঘৰ ৷

৷৷ জয় গুৰু শঙ্কৰ ৷৷

যোৱা ৯ এপ্ৰিল আৰু ১১ এপ্ৰিল ক্ৰমে বৃহস্পতিবাৰ আৰু শনিবাৰে তিনিচুকীয়াৰ হিজুগুৰি অঞ্চলৰ লংকেশ্বৰ গোহাঁই নগৰস্থিত একশৰণ ভাগৱতী ধৰ্ম নামঘৰৰ সপ্তদশবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচী সফলতাৰে সমাপন হৈ যায় ৷

দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হোৱা প্ৰতিষ্ঠা দিৱসটিত প্ৰথমদিনা অৰ্থাৎ ৯ এপ্ৰিল তাৰিখ, বৃহস্পতিবাৰে পুৱাৰ নামপ্ৰসংগ আৰু ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী পালন কৰা হয় ৷ নামঘৰৰ ভকতবৃন্দই পুৱাতেই নামপ্ৰসংগৰে প্ৰতিষ্ঠা দিৱসটি মুকলি কৰে তথা নামঘৰৰ সভাপতি শ্ৰীযুত যুগল বৰা বাপ আৰু সাধাৰণ সম্পাদক শ্ৰীযুত বসন্ত বুঢ়াগোহাঁই বাপে বন্তি প্ৰজ্বলনসহ ধৰ্মধ্বজাভাগ উত্তোলন কৰে ৷

তাৰ পিছৰ কাৰ্যসূচীমৰ্মে ১১ এপ্ৰিল তাৰিখ, শনিবাৰে দিনজোৰা শিতানেৰে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয় । সেইমৰ্মে উক্তদিনা পুৱাতেই নামপ্ৰসংগৰে কাৰ্যসূচী মুকলি কৰা হয় ৷ তাৰ পিছত শিৱসাগৰৰ পৰা আমন্ত্ৰিত তৰুণ ব্যাখ্যাকাৰ পূজ্যপাদ শ্ৰীমান উজ্জ্বল সৌকাধৰাৰ শ্ৰীমুখহন্তে ভাগৱত ব্যাখ্যা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰায় আঢ়ৈঘন্টাজোৰা এই ভাগৱত ব্যাখ্যা অনুষ্ঠানটিত তৰুণ বাপজনাই ভাগৱতৰ অমৃতবাণী ভক্তবৃন্দলৈ ব্যাখ্যাৰ মাজেৰে আগবঢ়াই দিয়ে । পিছৰ পৰ্যায়ৰ কাৰ্যসূচীমৰ্মে আহাৰ বিৰতি আৰু তাৰে পিছত গুৰগৃহৰ আইসকলৰদ্বাৰা দিহানাম পৰিবেশন কৰা হয় । দিহানামৰ পিছতে প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিয়ে আমন্ত্ৰণ কৰি অনা তিনিচুকীয়াৰে বিশিষ্ট সাংস্কৃতিক উদ্যোগী, সমাজকৰ্মী শ্ৰীযুত অনিল বৰা বাপদেৱে অনুষ্ঠানটি উদ্ধোধন কৰে প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী গুৰুজনাৰ অমূল্য সৃষ্টি ৰুক্মিণী হৰণ অংকীয়া নাট প্ৰদৰ্শন কৰা হয় । বিশিষ্ট সত্ৰীয়া গুৰু শ্ৰীযুত নন্দেশ্বৰ ভূঞা বাপৰ দ্বাৰা পৰিচালিত আৰু নামঘৰৰ ভগ্নী অনুষ্ঠান শংকৰ মাধৱ সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ চেমনীয়া কলা-কুশলীবৃন্দ লগতে নামঘৰৰে কণ-কণ মইনাসকলৰ দ্বাৰা প্ৰদৰ্শিত অংকীয়া নাটভাগে উপস্থিত সমূহ ভক্তবৃন্দকে নথৈ আনন্দ দিয়ে ।

উল্লেখ্য যে অনুষ্ঠানটিত ক্ৰমে জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী শ্ৰীযুত অৰূপ বৰকটকী, শংকৰ সংঘৰ সৈতে জড়িত শ্ৰীমতী জ্যোতিমণি কাকতি আই, উৎপল বৈশ্য কাকতি বাপ, হিজুগুৰি বৰ নামঘৰৰ উপদেষ্টা শ্ৰীযুত প্ৰকাশ দত্ত বাপ, সাধাৰণ সম্পাদক শ্ৰীযুত ভৰত সোনোৱাল বাপ, একশৰণ ভাগৱতী ধৰ্ম নামঘৰৰ সভাপতি শ্ৰীযুত যুগল বৰা বাপ, উপ সভাপতি শ্ৰীযুত দীপ্তি গগৈ বাপকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত দেৱজিৎ ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটিত শেষলৈ সকলোৱে নাটৰ ভাৱৰীয়াবৃন্দৰ সমন্বিতে উপস্থিত সমূহ ভকতবৃন্দই সমূহীয়া সেৱাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

Address

Lankeswar Gohain Nagar, Hijuguri
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when একশৰণ ভাগৱতী ধৰ্ম নামঘৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share