টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দূৰ্গা পূজা

  • Home
  • India
  • Tihu
  • টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দূৰ্গা পূজা

টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দূৰ্গা পূজা 123rd Tihu Durga Puja Celebration

টিহু বাৰোৱাৰী দুৰ্গা পূজাৰ আমন্ত্ৰণত অহা ৩১ আগষ্ট, ১ আৰু ২ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৩ দিনীয়াকৈ টিহু দুৰ্গা মন্দিৰ প্ৰাংগণ...
18/08/2026

টিহু বাৰোৱাৰী দুৰ্গা পূজাৰ আমন্ত্ৰণত অহা ৩১ আগষ্ট, ১ আৰু ২ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৩ দিনীয়াকৈ টিহু দুৰ্গা মন্দিৰ প্ৰাংগণত তিনিখনকৈ ব্যয়বহুল নাট মঞ্চস্থ কৰিব ইতিহাস থিয়েটাৰে।

নাট্যপ্ৰেমী ৰাইজৰ বাবে আগতীয়াকৈ টিকট দিয়াৰ ব্যৱস্থা কৰা হৈছে।
আপোনালোকে টিকটৰ বাবে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে।
যোগাযোগ নং:- 9864315137, 9101784102, 9957037402, 8638647264

10/08/2026

টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আমন্ত্ৰণত।

তপন দাসৰ লগতে অসমৰ বহুতো আগশাৰীৰ অভিনেতা-অভিনেত্ৰীৰ দুৰ্দান্ত অভিনয়েৰে টিহু দুৰ্গা মন্দিৰ প্ৰাংগণত ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিব বহুল চৰ্চিত নাট “ভিক্ষাৰী”।
অভিনয়ৰ যাদু, কাহিনীৰ গভীৰতা আৰু নাট্যৰ ৰোমাঞ্চেৰে এইবাৰ টিহুত সৃষ্টি হ'ব এক অনন্য সন্ধিয়া।

১২৩ সংখ্যক টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ আমন্ত্ৰণত অহা ৩১ আগষ্ট, ১ আৰু ২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে টিহু দুৰ্গ...
07/08/2026

১২৩ সংখ্যক টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ আমন্ত্ৰণত অহা ৩১ আগষ্ট, ১ আৰু ২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে টিহু দুৰ্গা মন্দিৰ প্ৰাংগণত অসমৰ জনপ্ৰিয় ইতিহাস থিয়েটাৰৰ ব্যয়বহুল নাট মঞ্চস্থ হ'ব।

এই উপলক্ষে যোৱাকালি টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা কাৰ্যালয়ত থিয়েটাৰৰ চিজন টিকট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
আপোনালোক সকলোৱে উপস্থিত থাকি এই বৰ্ণাঢ্য নাট্যোৎসৱ সফল কৰি তুলিবলৈ আন্তৰিক আহ্বান জনালোঁ।

05/08/2026

তপন দাসৰ দুৰ্দান্ত অভিনয়েৰে সজীৱ হৈ উঠিব টিহু দুৰ্গা মন্দিৰ প্ৰাংগণ। 🎭

অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা তপন দাসৰ অনবদ্য অভিনয়ৰে ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিব বহুচৰ্চিত নাট "কাবুলীৱালা"। অনুভূতি, আবেগ আৰু শক্তিশালী অভিনয়ৰ এক অনন্য সংমিশ্ৰণ উপভোগ কৰিবলৈ সকলোকে সাদৰ আমন্ত্ৰণ।

স্থান: টিহু দুৰ্গা মন্দিৰ প্ৰাংগণ
তাৰিখ:- ৩১ আগষ্ট ১ আৰু ২ ছেপ্টেম্বৰ ২০২৬ খৃষ্টাব্দ

অভিনয়ৰ এক অনন্য নাম— তপন দাস।ইতিহাস থিয়েটাৰৰ সৈতে অহা ৩১ আগষ্ট ১ আৰু ২ ছেপ্টেম্বৰত  টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজ...
03/08/2026

অভিনয়ৰ এক অনন্য নাম— তপন দাস।

ইতিহাস থিয়েটাৰৰ সৈতে অহা ৩১ আগষ্ট ১ আৰু ২ ছেপ্টেম্বৰত টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ আমন্ত্ৰণত টিহু দুৰ্গা পূজা প্ৰাংগনত।

টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ আমন্ত্ৰণত অহা ৩১ আগষ্ট, ১ আৰু ২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে তিনিদিনীয়াকৈ অসমৰ আগ...
02/08/2026

টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ আমন্ত্ৰণত অহা ৩১ আগষ্ট, ১ আৰু ২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে তিনিদিনীয়াকৈ অসমৰ আগশাৰীৰ নাট্যদল ইতিহাস থিয়েটাৰ টিহুত মঞ্চস্থ কৰিব তিনিখনকৈ ব্যয়বহুল আৰু মনোমোহা নাট।

অভিনয়ৰ অনন্য শৈলী, হৃদয়স্পৰ্শী কাহিনী, সুমধুৰ সংগীত, হাস্যৰস, আৱেগ আৰু ভৰপূৰ মনোৰঞ্জনেৰে সমৃদ্ধ এই নাট্যোৎসৱ আপোনালোকৰ বাবে এক স্মৰণীয় সাংস্কৃতিক সন্ধিয়া হৈ পৰিব।
সেয়েহে, পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধুবৰ্গসহ উপস্থিত থাকি এই বৰ্ণাঢ্য নাট্যোৎসৱৰ সৌন্দৰ্য উপভোগ কৰিবলৈ সকলোকে আন্তৰিকভাৱে সাদৰ নিমন্ত্ৰণ জনালোঁ।

আজি ৰাভা দিৱস। অসমৰ সংস্কৃতি, সাহিত্য, সংগীত, নাট্য আৰু সমাজ জীৱনলৈ অপৰিসীম অৱদান আগবঢ়োৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱ...
20/06/2026

আজি ৰাভা দিৱস। অসমৰ সংস্কৃতি, সাহিত্য, সংগীত, নাট্য আৰু সমাজ জীৱনলৈ অপৰিসীম অৱদান আগবঢ়োৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেতৰ আদৰ্শ, সৃষ্টিশীলতা আৰু সমাজ পৰিবৰ্তনৰ সংগ্ৰামী চেতনাই চিৰকাল আমাক অনুপ্ৰাণিত কৰি থাকিব।

Please follow and support the official page of 123 No. Tihu Barowary Shri Shri Durga Puja Mahotsav for all latest update...
25/05/2026

Please follow and support the official page of 123 No. Tihu Barowary Shri Shri Durga Puja Mahotsav for all latest updates, announcements, cultural programmes and puja celebrations. Your love, support and encouragement inspire us to organize the festival with greater enthusiasm every year. Stay connected with us and be a part of our glorious tradition and celebration.

123rd Tihu Durga Puja Celebration

আজি ১২৩ সংখ্যক টিহু বাৰোঁৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত বসন্ত কুমাৰ কলিতা ডাঙৰ...
24/05/2026

আজি ১২৩ সংখ্যক টিহু বাৰোঁৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত বসন্ত কুমাৰ কলিতা ডাঙৰীয়াৰ সভাপতিত্বত আৰু সম্পাদক হিমাদ্ৰী শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমূহ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতিত আগন্তুক ১২৩ সংখ্যক টিহু বাৰোঁৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ সফল আয়োজন সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়।
সভাত পূজাৰ বিভিন্ন দিশ, প্ৰস্তুতি আৰু কৰণীয় বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

নৱগঠিত ৪০ নং টিহু বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈ ১২৩ সংখ্...
10/05/2026

নৱগঠিত ৪০ নং টিহু বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈ ১২৩ সংখ্যক টিহু বাৰোঁৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ।

আপোনাৰ সুদক্ষ নেতৃত্ব, দূৰদৰ্শী চিন্তা আৰু জনকল্যাণমূলক কৰ্মৰ জৰিয়তে টিহু সমষ্টিৰ লগতে সমগ্ৰ অসমে উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ নতুন দিশত আগবাঢ়ক — মা দুৰ্গাৰ শ্ৰীচৰণত এইয়াই আমাৰ আন্তৰিক কামনা।
Chandra Mohan Patowary

Address

Ward No/3, Tihu Town , Dist/Nalbari
Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দূৰ্গা পূজা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share