সৃজনী,The Creation

সৃজনী,The Creation An Edu-Cultural Group, Trying to improve and reflect the educational,cultural and literary background of our society....

জুবিন গাৰ্গ মাথোঁ এটি নাম নহয় । জুবিন গাৰ্গ এটি সত্বা , অসমীয়াৰ স্বাভিমান , প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু । এনে এক ব...
20/09/2025

জুবিন গাৰ্গ মাথোঁ এটি নাম নহয় । জুবিন গাৰ্গ এটি সত্বা , অসমীয়াৰ স্বাভিমান , প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু । এনে এক বিৰল ব্যক্তিত্বৰ অৱসান অসম্ভৱ । জুবিন গাৰ্গ আমাৰ মাজত আছে আৰু থাকিব চিৰকাল । তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক । সৃজনী, The Creationৰ পৰিয়ালৰ ফালৰ পৰা জুবিন গাৰ্গ লৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।

23/10/2023
বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ১২:৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰ বেগী ডাম্পাৰৰ সৈতে ...
05/10/2023

বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ১২:৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰ বেগী ডাম্পাৰৰ সৈতে এখনি অল্ট’ বাহনৰ লগত হোৱা এই সংঘৰ্ষত ২ জন যুৱকৰ থিতাতে মৃত্যু হয় । তাৰে মাজৰে এগৰাকী আছিল নিৰ্মল দাস । আৰু নিৰ্মল দাস সৃজনী,দ্য ক্ৰিয়েচনৰ প্ৰাক্তন সদস্য । সৃজনীৰ হৈ বহু কামত তেওঁৰ অৱদান আমি পাহৰিব নোৱাৰোঁ । সৃজনীৰ দ্বাৰা প্ৰকাশিত 'কুঁহি' আলোচনীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দেহে-কেহে কষ্ট কৰা ল'ৰাজনেই আছিল নিৰ্মল দাস ।

কালি অল্ট’ কে-টেন গাড়ীখন ক্ৰয় কৰিছিল সৰভোগত কালি আৰম্ভ কৰা এটি নতুন শ্ব’ৰুমৰ পৰা ৷ নিশা বন্ধু সকলক লৈ কালি কিনা নতুন গাড়ীখনেৰে ফুৰিবলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হয় ৷

আমাৰ অতি মৰমৰ ভাতৃসম নিৰ্মল দাসৰ লগতে আন দুগৰাকীৰো বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ । ঔঁ শান্তি ।।

বিশিষ্ট প্ৰগতিশীল তথা সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা বাইদেউৰ আজি ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্...
03/07/2023

বিশিষ্ট প্ৰগতিশীল তথা সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা বাইদেউৰ আজি ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৫ বছৰ।

শ্ৰদ্ধাৰ সুদক্ষিণা শৰ্মা বাইদেউলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ---

14/04/2023

কিনো চ'ত মহীয়া বতাহ চাতি মাৰিলে ঐ
গছে বনে সলালে পাত
ঢোলৰ মাত শুনিছো পেঁপাৰ মাত শুনিছো ঐ
বিহু বিহু লাগিছে গাত

🌺🌺💐 সকলোকে ৰঙালী বিহুৰ আন্তৰিক ওলগ যাঁচিলো। 💐❤🙏🌷

কাব্যঋষিলৈ শ্ৰদ্ধা নিবেদিছোঁ । তেখেতৰ আত্মাই পৰম শান্তি পাওক ।
19/01/2023

কাব্যঋষিলৈ শ্ৰদ্ধা নিবেদিছোঁ । তেখেতৰ আত্মাই পৰম শান্তি পাওক ।

15/01/2023

আমাৰ হৃদয়ৰ স্পন্দন ভোগালী বিহুটিয়ে সকলোৰে জীৱন সুখ, শান্তি আৰু প্রাচুর্যময় কৰক । এই আশাৰে সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।

Address

Sorbhog
781317

Telephone

+918638109770

Website

Alerts

Be the first to know and let us send you an email when সৃজনী,The Creation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to সৃজনী,The Creation:

Share