09/09/2025
🌺 পঞ্চদশ বাৰ্ষিক দূৰ্গা মহোৎসৱৰ – লাইখুঁটা স্থাপন অনুষ্ঠানলৈ সকলোকে সাদৰ নিমন্ত্ৰণী🌺
স্থান: গোৰ্খা দূৰ্গা মন্দিৰ, সোণাৰি প্ৰাংগণ
তাৰিখ: বৃহস্পতিবাৰ, ১১ ছেপ্টেম্বৰ ২০২৫
সময়: পুৱা ৯:০০ বজাত
সর্বমঙ্গল মঙ্গল্যে শিৱে সর্বাৰ্থ সাধিকে ।
শৰণ্যে ত্র্যম্বকে গৌৰী নাৰায়ণী নমোস্তুতে ॥
সমূহ ভক্তপ্ৰাণ ৰাইজক গোৰ্খা দূৰ্গা মন্দিৰ, সোণাৰিৰ পঞ্চদশ বাৰ্ষিক দূৰ্গা মহোৎসৱ-২০২৫ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক সাদৰেৰে জনোৱা যায় যে, উপৰোক্ত উল্লিখিত দিনত এই বৰ্ষৰ পঞ্চদশ বাৰ্ষিক দূৰ্গা মহোৎসৱৰ লাইখুঁটা স্থাপন অনুষ্ঠান আয়োজন কৰা হৈছে ।
তদুপলক্ষে, উক্ত পবিত্ৰ অনুষ্ঠানত আপোনালোকৰ উপস্থিতি, দিহা-পৰামৰ্শ আৰু সহায়–সহযোগিতা আন্তৰিকতাৰে কামনা কৰি এই পত্ৰৰ দ্বাৰাই নিমন্ত্ৰণী শৰাই আগবঢ়ালো ।
আহক, একেলগে ধৰ্ম, সংস্কৃতি আৰু সম্প্ৰীতিৰ এই উৎসৱত অংশগ্ৰহণ কৰি আমাৰ গৌৰৱময় পৰম্পৰা আগবঢ়াওঁ।
উদযাপন সমিতিৰ হৈ..