21/08/2026
#শঙ্কৰদেৱে ৰচনা কৰা ভাগৱত আৰু ব্যাসদেৱৰ ৰচিত সংস্কৃত ভাগৱত একেই নে বেলেগ ?
🌹শ্ৰীমন্ত শঙ্কৰদেৱৰ ভাগৱত খনক লৈ “সংস্কৃত ভাগৱতৰ পৰা পৃথক বেলেগ এখন ভাগৱত শঙ্কৰদেৱে নিজৰ মতে লিখিলে” বুলি সমাজত এক ধাৰণা কেতিয়াবা প্ৰকাশ কৰা হয় । সেই ধাৰণাটো শুদ্ধ নে অশুদ্ধ আজি আমি আলোচনা কৰিম ।
🌹শঙ্কৰদেৱে কি সলনি কৰিলে ? যদি “সলনি”ৰ অৰ্থ ভাষা, ছন্দ, কাব্যিক প্ৰকাশ আৰু বৰ্ণনাৰ পদ্ধতি বুজোৱা হয়, তেন্তে অৱশ্যেই তেওঁৰ প্ৰকাশভংগী মূল সংস্কৃত গ্ৰন্থৰ পৰা পৃথক। কিন্তু যদি “সলনি” বুলিলে মূল ভাগৱতৰ পৰমতত্ত্ব, কৃষ্ণতত্ত্ব, ভক্তিতত্ত্ব আৰু ধৰ্মৰ অন্তঃসাৰ সলনি কৰা বুজোৱা হয়, তেন্তে সেই অভিযোগটো শুদ্ধ নহয় ।
📌শঙ্কৰদেৱে মূল সংস্কৃত ভাগৱতৰ “শব্দানুবাদ কৰা নাছিল “ভাৱানুবাদ”হে কৰিছিল। শব্দানুবাদত মূল বাক্যৰ বাহ্যিক গঠন সংৰক্ষণৰ চেষ্টা থাকে কিন্তু ভাৱানুবাদত মূল বক্তব্য, তত্ত্ব আৰু অন্তৰ্নিহিত ভাৱক লক্ষ্যভাষাত স্বাভাৱিক আৰু বোধগম্য ৰূপত প্ৰকাশ কৰা হয়। শঙ্কৰদেৱৰ সাহিত্যিক পদ্ধতি এই দ্বিতীয় ধৰণৰ সৈতে বেছি সম্পৰ্কিত।
📍অৰ্থাৎ, তেওঁ সংস্কৃত ভাগৱতৰ প্ৰতিটো শ্লোকৰ অসমীয়া শব্দ বিচাৰি উলিওৱাত সীমাবদ্ধ হোৱা নাছিল; তেওঁ শ্লোকটোৱে কি তত্ত্ব প্ৰকাশ কৰিছে, কাহিনীটোৰ অন্তৰ্নিহিত আধ্যাত্মিক অৰ্থ কি, ভক্তিৰ বাবে তাৰ তাৎপৰ্য কি - সেই “ভাৱ”টো হে গ্ৰহণ কৰি অসমীয়া কাব্যিক ৰূপত প্ৰকাশ কৰিছিল।
🚫এইখিনিতেই “নিজৰ মতে পৃথক ভাগৱত লিখিলে” অভিযোগটোৰ মূল ভুলটো ধৰা পৰে।
📍ভাৱানুবাদ মানে মূল তত্ত্ব এৰি নিজৰ তত্ত্ব সৃষ্টি কৰা নহয়। বৰং মূল তত্ত্বৰ অন্তৰ্নিহিত অৰ্থক নিজৰ ভাষা আৰু সাহিত্যিক অনুভৱৰ মাজেৰে পুনৰ প্ৰকাশ কৰাহে হয়। শঙ্কৰদেৱৰ মৌলিকতা সেয়ে তত্ত্বটোক অন্য অৰ্থ বা ৰূপ দিয়া নহয়; তত্ত্বটোক অসমীয়া জনমানসত জীৱন্ত কৰি তোলাহে হয়।
🌹ইয়াৰ সৈতে আন এটা গুৰুত্বপূৰ্ণ দিশ জড়িত - বৈষ্ণৱীয় পুৰাণ-পৰম্পৰা।
📌শঙ্কৰদেৱে ভাগৱতক কোনো বিচ্ছিন্ন গ্ৰন্থ হিচাপে চোৱা নাছিল। ভাগৱত হৈছে বৃহত্তৰ বৈষ্ণৱীয় পুৰাণ-শাস্ত্ৰীয় পৰম্পৰাৰ ভিতৰত অৱস্থিত। সেই পৰম্পৰাত ভগৱান বিষ্ণু/কৃষ্ণৰ মাহাত্ম্য, অৱতাৰতত্ত্ব, ভক্তিৰ মাহাত্ম্য, ভক্ত আৰু ভগৱানৰ সম্পৰ্ক, ঈশ্বৰৰ সৰ্বোচ্চতা আদি বিভিন্ন দিশ বিভিন্ন পুৰাণত বিভিন্ন ৰূপত প্ৰকাশ পাইছে।
📌সেয়ে শঙ্কৰদেৱৰ ৰচনাত ভাগৱতীয় মূল তত্ত্বৰ সৈতে সামঞ্জস্যপূৰ্ণ অন্যান্য সাত্ত্বিক পুৰাণীয় ধাৰণা বা conceptৰ প্ৰতিধ্বনি পোৱা গৈছে কিন্তু সেইবাবেই “মূল ভাগৱত সলনি কৰিলে” বুলি ব্যাখ্যা কৰাটো উচিত নহয়। বৰং ইয়াক সেই সময়ৰ শাস্ত্ৰীয় পৰম্পৰাৰ ভিতৰত থকা আন্তঃসম্পৰ্ক হিচাপে বুজিব লাগে।
📌ইয়াত এটা সূক্ষ্ম কিন্তু অতি গুৰুত্বপূৰ্ণ কথা আছে।
👉এটা তত্ত্বৰ শাস্ত্ৰীয় সমৰ্থন কেৱল এখন গ্ৰন্থতে আবদ্ধ নহ'বও পাৰে। একে বৈষ্ণৱীয় তত্ত্ব বিভিন্ন পুৰাণত বিভিন্ন কাহিনী আৰু ভাষাৰে প্ৰকাশ পাব পাৰে। এজন আচার্যই যেতিয়া এটা বৃহৎ ধৰ্মীয় দৰ্শন জনসাধাৰণৰ মাজলৈ লৈ যায়, তেতিয়া তেওঁ সেই বৃহৎ শাস্ত্ৰীয় পৰম্পৰাৰ ভিতৰত থকা সামঞ্জস্যপূৰ্ণ উপাদানসমূহক নিজৰ উপস্থাপনৰ সৈতে সংযোগ কৰিব পাৰে।
📌শঙ্কৰদেৱৰ ক্ষেত্ৰতো এইটোৱেই অধিক তাৎপৰ্যপূৰ্ণ। তেওঁ ভাগৱতৰ কেন্দ্ৰীয় কৃষ্ণতত্ত্ব আৰু ভক্তিতত্ত্বক আধাৰ কৰি লৈ, বৃহত্তৰ বৈষ্ণৱীয় পুৰাণ-ধাৰাৰ সৈতে তাক একে আধ্যাত্মিক সোঁতত সংহত কৰিছে। ইয়াৰ ফলত তেওঁৰ সাহিত্য কেৱল কোনো এখন সংস্কৃত গ্ৰন্থৰ যান্ত্ৰিক অসমীয়া অনুবাদ হৈ থকা নাই ; ই এক সমগ্ৰ বৈষ্ণৱীয় তত্ত্বৰ অসমীয়া সাহিত্যিক প্ৰকাশ হৈ উঠিল।
📌কিন্তু ইয়াত “সংযোগ” শব্দটোৰ অৰ্থ ভালদৰে বুজিব লাগিব। সংযোগ মানে মূল ভাগৱতৰ conceptৰ বিপৰীতে অন্য পুৰাণৰ concept বহুৱাই দিয়া নহয়। বৰং মূল ভাগৱতীয় তত্ত্বৰ সৈতে যিবোৰ ধাৰণা তাত্ত্বিকভাৱে একে, সেইবোৰক একেলগে উপস্থাপন কৰা হয় ।
📍যেনে—যদি কেন্দ্ৰীয় তত্ত্ব হয় কৃষ্ণ পৰমতত্ত্ব, তেন্তে সেই কৃষ্ণৰ অৱতাৰ, মাহাত্ম্য, ভক্তি, নাম, শৰণাগতি আৰু ভক্তৰ মহিমাৰ বিভিন্ন পুৰাণীয় ব্যাখ্যা একেটা বৃহৎ বৈষ্ণৱীয় তত্ত্বৰ ভিতৰত পৰে। এইবোৰক একেলগে গ্ৰহণ কৰিলে মূল concept নষ্ট হৈ নাযায়; বৰং conceptটো অধিক বিস্তৃত আৰু বোধগম্য হৈ পৰে ।
🌹এই কাৰণেই শঙ্কৰদেৱৰ ভাগৱতক “মূল সংস্কৃত ভাগৱতৰ পৰা পৃথক এখন নতুন ধৰ্মগ্ৰন্থ” বুলি চোৱাটো সঠিক নহয়।
📌তেওঁৰ পদ্ধতিটো আচলতে তিনিটা স্তৰত বুজিব পাৰি—
মূল সংস্কৃত ভাগৱত → তাৰ অন্তৰ্নিহিত ভাৱ আৰু তত্ত্বৰ অনুধাৱন → অসমীয়া ভাৱানুবাদ আৰু বৃহত্তৰ বৈষ্ণৱীয় পুৰাণ-তত্ত্বৰ সৈতে সামঞ্জস্যপূৰ্ণ সংহতি।
এই প্ৰক্ৰিয়াত মূল concept সলনি হোৱা নাই। সলনি হৈছে প্ৰকাশৰ পৰিসৰ আৰু মাধ্যম।
সেয়ে শঙ্কৰদেৱৰ মৌলিকতাক “তেওঁ কিমান নতুন তত্ত্ব সৃষ্টি কৰিলে?” এই প্ৰশ্নেৰে বিচাৰিলে ভুল হ’ব। তেওঁৰ মৌলিকতা হৈছে -একেই ভাগৱতীয় সত্যক তেওঁ কেনেকৈ অসমীয়া ভাষাৰ সাহিত্য, সংগীত, কীৰ্তন, নাট আৰু সামাজিক-আধ্যাত্মিক জীৱনৰ সৈতে সংযুক্ত কৰিলে, সেই তত্বক বিশ্লেষণ কৰাহে ।
🌹এইখিনিতে তেওঁৰ কৃতিত্ব ঐতিহাসিকভাৱে অসাধাৰণ।
সংস্কৃত ভাগৱত পঢ়িবলৈ সংস্কৃত জ্ঞানৰ প্ৰয়োজন আছিল। শঙ্কৰদেৱে সেই শাস্ত্ৰীয় তত্ত্বৰ ভাৱক অসমীয়া ভাষাৰ মাজলৈ আনিলে। কিন্তু তেওঁ তাত নিজৰ কোনো স্বেচ্ছাচাৰী দৰ্শন জাপি দি মূল কৃষ্ণতত্ত্ব সলনি কৰা নাছিল। বৰং তেওঁ যি তত্ত্বত নিজে আস্থাশীল আছিল, সেই তত্ত্বৰ শাস্ত্ৰীয় ভিত্তি ভাগৱতীয় আৰু বৈষ্ণৱীয় পুৰাণ-পৰম্পৰাৰ মাজতে বিচাৰি পাইছিল।
📍সেয়ে “শঙ্কৰদেৱে নিজৰ মতে ভাগৱত লিখিলে” বুলি কোৱাৰ আগতে এই প্ৰশ্নটো কৰা উচিত—
তেওঁৰ ‘নিজৰ মত’টো আচলতে কি?
যদি সেই মত মূল ভাগৱতৰ কৃষ্ণতত্ত্ব, ভক্তিতত্ত্ব আৰু পৰমেশ্বৰ-বিষয়ক সিদ্ধান্তৰ পৰা বিচ্ছিন্ন নহয়, তেন্তে তাক “ভাগৱতৰ বিকল্প মত” বুলি কোৱাৰ যুক্তি ক'ত?
📌বৰং এইবুলি ক'ব লাগিব যে -
শঙ্কৰদেৱৰ নিজস্বতা আছিল প্ৰকাশৰ ক্ষেত্ৰত; তেওঁৰ ধৰ্মীয় ভিত্তি আছিল ভাগৱতীয়। তেওঁৰ ভাৱানুবাদ আছিল মূল তত্ত্বৰ অসমীয়া প্ৰকাশ; আৰু বৃহত্তৰ সাত্ত্বিক/বৈষ্ণৱীয় পুৰাণ-পৰম্পৰাৰ সামঞ্জস্যপূৰ্ণ concept সমূহৰ সংহতিয়ে সেই প্ৰকাশক অধিক বিস্তৃত কৰি তুলিছিল।
💦সেয়ে শঙ্কৰদেৱৰ ভাগৱতক “ব্যাসৰ ভাগৱতৰ পৰা আঁতৰি নিজৰ মতে লিখা এখন বেলেগ ভাগৱত” বুলি চোৱাতকৈ “ভাগৱতৰ একে তত্ত্ব-সোঁতক অসমীয়া ভাষা আৰু বৈষ্ণৱীয় আধ্যাত্মিক পৰম্পৰাৰ মাজত ভাৱানুবাদ আৰু পুনঃপ্ৰকাশ” হিচাপে বুজাটোহে অধিক যুক্তিসংগত।
মূল শাস্ত্ৰৰ তত্ত্ব—একে।
পৰম concept—একে।
কৃষ্ণতত্ত্বৰ কেন্দ্ৰ—একে।
ভক্তিৰ লক্ষ্য—একে।
কিন্তু সেই একে তত্ত্বক অসমীয়া জনমানসত অনুভৱযোগ্য কৰি তোলা প্ৰকাশভংগী—শঙ্কৰদেৱৰ নিজস্ব।
🌹এই পাৰ্থক্যটো বুজি ল'লে “বেলেগ এখন ভাগৱত লিখিলে” বুলি কৰা সংশয়টোৰ কোনো মূল্যই নাথাকে।
#কৃষ্ণজয়গুৰুশঙ্কৰ আধ্যাত্মিকতা