Puran Burka Satra - পুৰাণ বুর্কা সত্র

  • Home
  • India
  • Rangiya
  • Puran Burka Satra - পুৰাণ বুর্কা সত্র

Puran Burka Satra - পুৰাণ বুর্কা সত্র The name satra originates in the Bhagavata Purana in Sanskrit (sattra), and is used in the sense of an assembly of devotees. During Sankardev's lifetim

''জয় গুৰু শঙ্কৰ সর্ব গুণাকৰ যাকেৰি নাহি উপাম ।
তোহাৰি চৰণক ৰেণু শত কোটি বাৰেক কৰোহো প্রণাম ।।'

জয়জয়তে মহাপুৰুষ গুৰুজনাৰ শ্রীচৰণত প্রণিপাত জনাই আপোনাসৱক পুৰাণ বুর্কা সত্রৰ ফেচবুক পৃষ্ঠালৈ শ্রদ্ধাৰে আদৰণি জনাইছোঁ ।

পুৰাণ বুর্কা সত্র কামৰুপ জিলাৰ ৰঙিয়া মহকুমাৰ দক্ষিণ প্রান্তত অৱস্হিত এখনি ঐতিহ্যমণ্ডিত গাওঁ । ইয়াৰ পূব সীমাত ২ নং ডিমু, দক্ষিণে নবুর্কা সত্র, পশ্চিমে নসত্র আৰু উত্তৰে ডোবক, চনমাগুৰী এই চাৰিসীমাৰ ভিতৰত অৱস্হিত । ইয়াৰ মাটিকালি ৪ বর্গ কিলোমিটাৰ । বর্তমান এই সত্রত ২৫০টা পৰিয়ালে বসবাস কৰি আছে । জনসংখ্যা প্রায় ২০০০ জন ।

 #শঙ্কৰদেৱে ৰচনা কৰা ভাগৱত আৰু ব্যাসদেৱৰ ৰচিত সংস্কৃত ভাগৱত একেই নে বেলেগ ?🌹শ্ৰীমন্ত শঙ্কৰদেৱৰ ভাগৱত খনক লৈ “সংস্কৃত ভাগ...
21/08/2026

#শঙ্কৰদেৱে ৰচনা কৰা ভাগৱত আৰু ব্যাসদেৱৰ ৰচিত সংস্কৃত ভাগৱত একেই নে বেলেগ ?

🌹শ্ৰীমন্ত শঙ্কৰদেৱৰ ভাগৱত খনক লৈ “সংস্কৃত ভাগৱতৰ পৰা পৃথক বেলেগ এখন ভাগৱত শঙ্কৰদেৱে নিজৰ মতে লিখিলে” বুলি সমাজত এক ধাৰণা কেতিয়াবা প্ৰকাশ কৰা হয় । সেই ধাৰণাটো শুদ্ধ নে অশুদ্ধ আজি আমি আলোচনা কৰিম ।

🌹শঙ্কৰদেৱে কি সলনি কৰিলে ? যদি “সলনি”ৰ অৰ্থ ভাষা, ছন্দ, কাব্যিক প্ৰকাশ আৰু বৰ্ণনাৰ পদ্ধতি বুজোৱা হয়, তেন্তে অৱশ্যেই তেওঁৰ প্ৰকাশভংগী মূল সংস্কৃত গ্ৰন্থৰ পৰা পৃথক। কিন্তু যদি “সলনি” বুলিলে মূল ভাগৱতৰ পৰমতত্ত্ব, কৃষ্ণতত্ত্ব, ভক্তিতত্ত্ব আৰু ধৰ্মৰ অন্তঃসাৰ সলনি কৰা বুজোৱা হয়, তেন্তে সেই অভিযোগটো শুদ্ধ নহয় ।

📌শঙ্কৰদেৱে মূল সংস্কৃত ভাগৱতৰ “শব্দানুবাদ কৰা নাছিল “ভাৱানুবাদ”হে কৰিছিল। শব্দানুবাদত মূল বাক্যৰ বাহ্যিক গঠন সংৰক্ষণৰ চেষ্টা থাকে কিন্তু ভাৱানুবাদত মূল বক্তব্য, তত্ত্ব আৰু অন্তৰ্নিহিত ভাৱক লক্ষ্যভাষাত স্বাভাৱিক আৰু বোধগম্য ৰূপত প্ৰকাশ কৰা হয়। শঙ্কৰদেৱৰ সাহিত্যিক পদ্ধতি এই দ্বিতীয় ধৰণৰ সৈতে বেছি সম্পৰ্কিত।

📍অৰ্থাৎ, তেওঁ সংস্কৃত ভাগৱতৰ প্ৰতিটো শ্লোকৰ অসমীয়া শব্দ বিচাৰি উলিওৱাত সীমাবদ্ধ হোৱা নাছিল; তেওঁ শ্লোকটোৱে কি তত্ত্ব প্ৰকাশ কৰিছে, কাহিনীটোৰ অন্তৰ্নিহিত আধ্যাত্মিক অৰ্থ কি, ভক্তিৰ বাবে তাৰ তাৎপৰ্য কি - সেই “ভাৱ”টো হে গ্ৰহণ কৰি অসমীয়া কাব্যিক ৰূপত প্ৰকাশ কৰিছিল।

🚫এইখিনিতেই “নিজৰ মতে পৃথক ভাগৱত লিখিলে” অভিযোগটোৰ মূল ভুলটো ধৰা পৰে।
📍ভাৱানুবাদ মানে মূল তত্ত্ব এৰি নিজৰ তত্ত্ব সৃষ্টি কৰা নহয়। বৰং মূল তত্ত্বৰ অন্তৰ্নিহিত অৰ্থক নিজৰ ভাষা আৰু সাহিত্যিক অনুভৱৰ মাজেৰে পুনৰ প্ৰকাশ কৰাহে হয়। শঙ্কৰদেৱৰ মৌলিকতা সেয়ে তত্ত্বটোক অন্য অৰ্থ বা ৰূপ দিয়া নহয়; তত্ত্বটোক অসমীয়া জনমানসত জীৱন্ত কৰি তোলাহে হয়।

🌹ইয়াৰ সৈতে আন এটা গুৰুত্বপূৰ্ণ দিশ জড়িত - বৈষ্ণৱীয় পুৰাণ-পৰম্পৰা।

📌শঙ্কৰদেৱে ভাগৱতক কোনো বিচ্ছিন্ন গ্ৰন্থ হিচাপে চোৱা নাছিল। ভাগৱত হৈছে বৃহত্তৰ বৈষ্ণৱীয় পুৰাণ-শাস্ত্ৰীয় পৰম্পৰাৰ ভিতৰত অৱস্থিত। সেই পৰম্পৰাত ভগৱান বিষ্ণু/কৃষ্ণৰ মাহাত্ম্য, অৱতাৰতত্ত্ব, ভক্তিৰ মাহাত্ম্য, ভক্ত আৰু ভগৱানৰ সম্পৰ্ক, ঈশ্বৰৰ সৰ্বোচ্চতা আদি বিভিন্ন দিশ বিভিন্ন পুৰাণত বিভিন্ন ৰূপত প্ৰকাশ পাইছে।

📌সেয়ে শঙ্কৰদেৱৰ ৰচনাত ভাগৱতীয় মূল তত্ত্বৰ সৈতে সামঞ্জস্যপূৰ্ণ অন্যান্য সাত্ত্বিক পুৰাণীয় ধাৰণা বা conceptৰ প্ৰতিধ্বনি পোৱা গৈছে কিন্তু সেইবাবেই “মূল ভাগৱত সলনি কৰিলে” বুলি ব্যাখ্যা কৰাটো উচিত নহয়। বৰং ইয়াক সেই সময়ৰ শাস্ত্ৰীয় পৰম্পৰাৰ ভিতৰত থকা আন্তঃসম্পৰ্ক হিচাপে বুজিব লাগে।

📌ইয়াত এটা সূক্ষ্ম কিন্তু অতি গুৰুত্বপূৰ্ণ কথা আছে।

👉এটা তত্ত্বৰ শাস্ত্ৰীয় সমৰ্থন কেৱল এখন গ্ৰন্থতে আবদ্ধ নহ'বও পাৰে। একে বৈষ্ণৱীয় তত্ত্ব বিভিন্ন পুৰাণত বিভিন্ন কাহিনী আৰু ভাষাৰে প্ৰকাশ পাব পাৰে। এজন আচার্যই যেতিয়া এটা বৃহৎ ধৰ্মীয় দৰ্শন জনসাধাৰণৰ মাজলৈ লৈ যায়, তেতিয়া তেওঁ সেই বৃহৎ শাস্ত্ৰীয় পৰম্পৰাৰ ভিতৰত থকা সামঞ্জস্যপূৰ্ণ উপাদানসমূহক নিজৰ উপস্থাপনৰ সৈতে সংযোগ কৰিব পাৰে।

📌শঙ্কৰদেৱৰ ক্ষেত্ৰতো এইটোৱেই অধিক তাৎপৰ্যপূৰ্ণ। তেওঁ ভাগৱতৰ কেন্দ্ৰীয় কৃষ্ণতত্ত্ব আৰু ভক্তিতত্ত্বক আধাৰ কৰি লৈ, বৃহত্তৰ বৈষ্ণৱীয় পুৰাণ-ধাৰাৰ সৈতে তাক একে আধ্যাত্মিক সোঁতত সংহত কৰিছে। ইয়াৰ ফলত তেওঁৰ সাহিত্য কেৱল কোনো এখন সংস্কৃত গ্ৰন্থৰ যান্ত্ৰিক অসমীয়া অনুবাদ হৈ থকা নাই ; ই এক সমগ্ৰ বৈষ্ণৱীয় তত্ত্বৰ অসমীয়া সাহিত্যিক প্ৰকাশ হৈ উঠিল।

📌কিন্তু ইয়াত “সংযোগ” শব্দটোৰ অৰ্থ ভালদৰে বুজিব লাগিব। সংযোগ মানে মূল ভাগৱতৰ conceptৰ বিপৰীতে অন্য পুৰাণৰ concept বহুৱাই দিয়া নহয়। বৰং মূল ভাগৱতীয় তত্ত্বৰ সৈতে যিবোৰ ধাৰণা তাত্ত্বিকভাৱে একে, সেইবোৰক একেলগে উপস্থাপন কৰা হয় ।

📍যেনে—যদি কেন্দ্ৰীয় তত্ত্ব হয় কৃষ্ণ পৰমতত্ত্ব, তেন্তে সেই কৃষ্ণৰ অৱতাৰ, মাহাত্ম্য, ভক্তি, নাম, শৰণাগতি আৰু ভক্তৰ মহিমাৰ বিভিন্ন পুৰাণীয় ব্যাখ্যা একেটা বৃহৎ বৈষ্ণৱীয় তত্ত্বৰ ভিতৰত পৰে। এইবোৰক একেলগে গ্ৰহণ কৰিলে মূল concept নষ্ট হৈ নাযায়; বৰং conceptটো অধিক বিস্তৃত আৰু বোধগম্য হৈ পৰে ।

🌹এই কাৰণেই শঙ্কৰদেৱৰ ভাগৱতক “মূল সংস্কৃত ভাগৱতৰ পৰা পৃথক এখন নতুন ধৰ্মগ্ৰন্থ” বুলি চোৱাটো সঠিক নহয়।

📌তেওঁৰ পদ্ধতিটো আচলতে তিনিটা স্তৰত বুজিব পাৰি—

মূল সংস্কৃত ভাগৱত → তাৰ অন্তৰ্নিহিত ভাৱ আৰু তত্ত্বৰ অনুধাৱন → অসমীয়া ভাৱানুবাদ আৰু বৃহত্তৰ বৈষ্ণৱীয় পুৰাণ-তত্ত্বৰ সৈতে সামঞ্জস্যপূৰ্ণ সংহতি।

এই প্ৰক্ৰিয়াত মূল concept সলনি হোৱা নাই। সলনি হৈছে প্ৰকাশৰ পৰিসৰ আৰু মাধ্যম।

সেয়ে শঙ্কৰদেৱৰ মৌলিকতাক “তেওঁ কিমান নতুন তত্ত্ব সৃষ্টি কৰিলে?” এই প্ৰশ্নেৰে বিচাৰিলে ভুল হ’ব। তেওঁৰ মৌলিকতা হৈছে -একেই ভাগৱতীয় সত্যক তেওঁ কেনেকৈ অসমীয়া ভাষাৰ সাহিত্য, সংগীত, কীৰ্তন, নাট আৰু সামাজিক-আধ্যাত্মিক জীৱনৰ সৈতে সংযুক্ত কৰিলে, সেই তত্বক বিশ্লেষণ কৰাহে ।

🌹এইখিনিতে তেওঁৰ কৃতিত্ব ঐতিহাসিকভাৱে অসাধাৰণ।

সংস্কৃত ভাগৱত পঢ়িবলৈ সংস্কৃত জ্ঞানৰ প্ৰয়োজন আছিল। শঙ্কৰদেৱে সেই শাস্ত্ৰীয় তত্ত্বৰ ভাৱক অসমীয়া ভাষাৰ মাজলৈ আনিলে। কিন্তু তেওঁ তাত নিজৰ কোনো স্বেচ্ছাচাৰী দৰ্শন জাপি দি মূল কৃষ্ণতত্ত্ব সলনি কৰা নাছিল। বৰং তেওঁ যি তত্ত্বত নিজে আস্থাশীল আছিল, সেই তত্ত্বৰ শাস্ত্ৰীয় ভিত্তি ভাগৱতীয় আৰু বৈষ্ণৱীয় পুৰাণ-পৰম্পৰাৰ মাজতে বিচাৰি পাইছিল।

📍সেয়ে “শঙ্কৰদেৱে নিজৰ মতে ভাগৱত লিখিলে” বুলি কোৱাৰ আগতে এই প্ৰশ্নটো কৰা উচিত—

তেওঁৰ ‘নিজৰ মত’টো আচলতে কি?

যদি সেই মত মূল ভাগৱতৰ কৃষ্ণতত্ত্ব, ভক্তিতত্ত্ব আৰু পৰমেশ্বৰ-বিষয়ক সিদ্ধান্তৰ পৰা বিচ্ছিন্ন নহয়, তেন্তে তাক “ভাগৱতৰ বিকল্প মত” বুলি কোৱাৰ যুক্তি ক'ত?

📌বৰং এইবুলি ক'ব লাগিব যে -

শঙ্কৰদেৱৰ নিজস্বতা আছিল প্ৰকাশৰ ক্ষেত্ৰত; তেওঁৰ ধৰ্মীয় ভিত্তি আছিল ভাগৱতীয়। তেওঁৰ ভাৱানুবাদ আছিল মূল তত্ত্বৰ অসমীয়া প্ৰকাশ; আৰু বৃহত্তৰ সাত্ত্বিক/বৈষ্ণৱীয় পুৰাণ-পৰম্পৰাৰ সামঞ্জস্যপূৰ্ণ concept সমূহৰ সংহতিয়ে সেই প্ৰকাশক অধিক বিস্তৃত কৰি তুলিছিল।

💦সেয়ে শঙ্কৰদেৱৰ ভাগৱতক “ব্যাসৰ ভাগৱতৰ পৰা আঁতৰি নিজৰ মতে লিখা এখন বেলেগ ভাগৱত” বুলি চোৱাতকৈ “ভাগৱতৰ একে তত্ত্ব-সোঁতক অসমীয়া ভাষা আৰু বৈষ্ণৱীয় আধ্যাত্মিক পৰম্পৰাৰ মাজত ভাৱানুবাদ আৰু পুনঃপ্ৰকাশ” হিচাপে বুজাটোহে অধিক যুক্তিসংগত।

মূল শাস্ত্ৰৰ তত্ত্ব—একে।
পৰম concept—একে।
কৃষ্ণতত্ত্বৰ কেন্দ্ৰ—একে।
ভক্তিৰ লক্ষ্য—একে।
কিন্তু সেই একে তত্ত্বক অসমীয়া জনমানসত অনুভৱযোগ্য কৰি তোলা প্ৰকাশভংগী—শঙ্কৰদেৱৰ নিজস্ব।
🌹এই পাৰ্থক্যটো বুজি ল'লে “বেলেগ এখন ভাগৱত লিখিলে” বুলি কৰা সংশয়টোৰ কোনো মূল্যই নাথাকে।

#কৃষ্ণজয়গুৰুশঙ্কৰ আধ্যাত্মিকতা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উপদেশ -জগত জনক     জানিবা কৃষ্ণক       তিনিও লোকৰ পতি ।যাহাৰ ভয়ত     দিগপাল যত       চন্দ্ৰ ...
12/07/2026

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উপদেশ -

জগত জনক জানিবা কৃষ্ণক
তিনিও লোকৰ পতি ।
যাহাৰ ভয়ত দিগপাল যত
চন্দ্ৰ সূৰ্য্য কৰে গতি।। ২২৯
হেনয় ঈশ্বৰ কৃষ্ণক এৰিয়া
আন দেৱতাক ভজৈ
যেন নাৱ এড়ি আপুনি অন্ধকে
সাগৰ জলত মজৈ।।

তৃতীয় স্কন্ধ (অনাদি পাতন) শ্ৰীমদ্ভাগৱত ।
#কৃষ্ণজয়গুৰুশঙ্কৰ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উপদেশ - শ্ৰীমদ্ভাগৱত, দ্বিতীয় স্কন্ধ । #কৃষ্ণজয়গুৰুশঙ্কৰ
10/07/2026

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উপদেশ - শ্ৰীমদ্ভাগৱত, দ্বিতীয় স্কন্ধ ।
#কৃষ্ণজয়গুৰুশঙ্কৰ

দুৰ্লভ মনুষ্য জন্ম   পায়া যিটো নৰোত্তম          হোৱৈ এক শৰণ কৃষ্ণত।স্মৰৈ ৰামনাম মুখে    সংসাৰক তৰি সুখে         সি সি পা...
10/07/2026

দুৰ্লভ মনুষ্য জন্ম পায়া যিটো নৰোত্তম
হোৱৈ এক শৰণ কৃষ্ণত।
স্মৰৈ ৰামনাম মুখে সংসাৰক তৰি সুখে
সি সি পাইলে বেদান্তৰো তত্ব।......৪২১ , প্ৰথম স্কন্ধ ভাগৱত ।

#মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উপদেশ ।

10/07/2026
গুৰু জনাৰ ধৰ্ম-দৰ্শনৰ মূল উপদেশসমূহ আমি শুদ্ধ ৰূপে পালন কৰাৰ লগতে সমাজত প্ৰটিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগে ।
08/07/2026

গুৰু জনাৰ ধৰ্ম-দৰ্শনৰ মূল উপদেশসমূহ আমি শুদ্ধ ৰূপে পালন কৰাৰ লগতে সমাজত প্ৰটিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগে ।

 #মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ সৃষ্টি সাহিত্য, কলা, শিল্প-সংস্কৃতি, নৃত্য, সংগীত আদি কেৱল...
06/07/2026

#মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ সৃষ্টি সাহিত্য, কলা, শিল্প-সংস্কৃতি, নৃত্য, সংগীত আদি কেৱল ব্যৱহাৰ বা প্ৰচাৰ কৰিলেই তেওঁলোকৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা নহয়। যদি আমি তেওঁলোকৰ দৰ্শন, তথা ভাগৱত, কীৰ্ত্তন, নামঘোষা আৰু ৰত্নাৱলীত নিহিত মূল আদৰ্শ আৰু উপদেশসমূহ নিজৰ জীৱনত পালন নকৰোঁ, তেন্তে সেয়া তেওঁলোকৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা বুলি কেতিয়াও গণ্য হ'ব নোৱাৰে।

Address

Guwahati, Dimu/Soneswar Road, Near Puran Burka MPHC
Rangiya
781382

Website

Alerts

Be the first to know and let us send you an email when Puran Burka Satra - পুৰাণ বুর্কা সত্র posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Puran Burka Satra - পুৰাণ বুর্কা সত্র:

Shortcuts

Share