Sri sri Basudev than naruwa satra

Sri sri Basudev than naruwa satra Basudev than, Dhakuakhana, Lakhimpur, Assam
Estd: 1656
(1)

যোৱাকালি, শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামীৰ সুগভীৰ চিন্তা, অভিজ্ঞতা আৰু সত্ৰী...
13/09/2026

যোৱাকালি, শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামীৰ সুগভীৰ চিন্তা, অভিজ্ঞতা আৰু সত্ৰীয়া আধ্যাত্মিক পৰম্পৰাৰ প্ৰতি থকা একনিষ্ঠ অনুৰাগৰ ফচল “ভাদ মাহৰ নাম প্ৰসঙ্গ আৰু ভাদ মাহৰ নাম সামৰণী অনুষ্ঠান” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ পুথি শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰৰ অচ্যুত আতা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত প্ৰকাশ কৰা হৈছে।

এই পুথিখনত ভাদ মাহৰ নাম-প্ৰসঙ্গ আৰু নাম সামৰণী অনুষ্ঠানৰ বিভিন্ন দিশ, ইয়াৰ আধ্যাত্মিক তাৎপৰ্য, সত্ৰীয়া পৰম্পৰাৰ সৈতে ইয়াৰ নিবিড় সম্পৰ্ক তথা অনুষ্ঠানসমূহৰ অন্তৰ্নিহিত ভাবধাৰাৰ বিষয়ে আলোকপাত কৰা হৈছে।

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰযাকেৰি নাহিকে উপাম ।তোহাৰি চৰণে ৰেণু শত কৌটিবাৰেক কৰোহোঁ প্ৰণাম ।আজি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদে...
12/09/2026

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম ।
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম ।

আজি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি। এই পুণ্য তিথিত মহান গুৰুজনাৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

আজি অসমৰ চৌদিশে সত্ৰ-নামঘৰসমূহত মুখৰিত হৈছে গুৰুজনাৰ নাম, বাজি উঠিছে খোল-তালৰ মধুৰ ধ্বনি, আৰু হৰিনামৰ পৱিত্ৰ সুৰে আকাশ-বতাহ ভক্তিৰসেৰে ভৰাই তুলিছে। ঠিক তেনেদৰে আমাৰ আপোন সত্ৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰতো গুৰুজনাৰ তিথি ভক্তি আৰু শ্ৰদ্ধাৰে আয়োজন কৰা হৈছে। নাম-প্ৰসংগৰে সত্ৰৰ পৰিৱেশ আজি আধ্যাত্মিকতাৰ এক অনন্য অনুভূতিৰে মুখৰিত হৈ উঠিছে।

শ্ৰীমন্ত শঙ্কৰদেৱে যি একশৰণ নামধৰ্মৰ জৰিয়তে মানুহৰ মাজত ভাতৃত্ববোধ, সমতা আৰু মানৱতাৰ বাণী বিলাই গৈছিল সেই মহান আদৰ্শ আমাৰ জীৱনতো প্ৰতিফলিত হওক। গুৰুজনাৰ দেখুৱাই যোৱা পথত সততা, প্ৰেম, সহিষ্ণুতা আৰু মানৱীয় মূল্যবোধেৰে সমাজখনক অধিক সুন্দৰ কৰি তোলাৰ সংকল্পই হওক আজিৰ এই পৱিত্ৰ তিৰোভাৱ তিথিৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

Big shout out to my newest top fans! 💎 Niharika Goswami, Arup Dev Goswami, Rana Mahanta, Prajalita Goswami, Kangkona Mah...
05/09/2026

Big shout out to my newest top fans! 💎 Niharika Goswami, Arup Dev Goswami, Rana Mahanta, Prajalita Goswami, Kangkona Mahanta, Prasanna Goswami, Dayananda Boruah, Lakshmi Handique, Kapil Axom, Deepjyoti Neog, Yecheng Borgohain, Bhupen Changmai, Babul Das Zubeen Anuragi, Madhukan Goswami, Rituraj Das

Drop a comment to welcome them to our community, fans

04/09/2026

আজি শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পৱিত্ৰ জন্মাষ্টমী উপলক্ষে উদযাপিত ভগৱান শ্ৰীশ্ৰী বাসুদেৱ মহাপ্ৰভুৰ জন্ম মুহূৰ্তৰ কিছু দৃশ্যাংশ।

মাজনিশা নাম-কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ পৰিল সত্ৰৰ চৌহদ। খোল, তাল, দবা, শঙ্খ, কাঁহ আদিৰ মংগলধ্বনিৰ মাজেৰে ভক্তিৰ এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি হ’ল।

“আজি ৰাতি শিলা বৰষিলে এ...” এইদৰে শিশুলীলাৰ গীত আৰু নাম-কীৰ্তনৰ সুৰে যেন জন্ম ল’লে এক পৱিত্ৰ আনন্দৰ মুহূৰ্ত।

ভক্তিৰসত ডুব যোৱা এই পৱিত্ৰ ক্ষণবোৰৰ কিছু স্মৃতি আপোনালোকৰ আগত দাঙি ধৰিলোঁ।

শ্ৰীশ্ৰী বাসুদেৱৰ কৃপাই সকলোৰে জীৱন সুখ, শান্তি আৰু মংগলেৰে ভৰাই তোলক। এইয়ে কামনা।

04/09/2026

আজি ৰাতি শিলা বৰষিলে
নুশুনি প্ৰজাৰ মাত।
পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা
উপজিলা জগন্নাথ।।

আজি পৱিত্ৰ জন্মাষ্টমী উপলক্ষে শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত ভক্তি আৰু আধ্যাত্মিকতাৰে উদযাপিত হ’ল নাম-কীৰ্তন। হৰিনামৰ মধুৰ ধ্বনি, খোল-তালৰ ছন্দ আৰু ভক্তসকলৰ আন্তৰিক প্ৰাৰ্থনাৰে সত্ৰৰ পৰিৱেশ হৈ পৰিল এক অপূৰ্ব ভক্তিভৰা।

ভগৱান শ্ৰীশ্ৰীবাসুদেৱৰ জন্মতিথিৰ এই পৱিত্ৰ ক্ষণত সকলোৱে ভক্তিৰে স্মৰণ কৰিলে পৰমপুৰুষক। নাম-কীৰ্তনৰ প্ৰতিটো মুহূৰ্ততে অনুভৱ হ’ল কৃষ্ণপ্ৰেম আৰু বৈষ্ণৱীয় ভক্তিৰ এক গভীৰ স্পন্দন।

জন্মাষ্টমীৰ শিশুলীলা নাম-কীৰ্তনৰ কিছু মনোমোহা দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ।

01/09/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ গুৰুজনাৰ প্ৰিয় শিষ্য 'বঢ়াৰ পো' শ্ৰী শ্ৰী মাধৱ দেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত শত-সহস্ৰ প্ৰণিপাত জনাইছো।
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ অমৃতসম সৃষ্টিৰাজি আমাৰ সমাজ জীৱনৰ বাবে অম্লান কীৰ্তিস্তম্ভ। বৰগীতৰ পৰা ভটিমালৈকে, নামঘৰৰ পৰা সত্ৰলৈকে গুৰুজনাৰ সাৰগৰ্ভ সৃষ্টিৰাজিয়ে সদায়ে সঞ্জীৱনী প্ৰদান কৰি আহিছে।

Address

Basudev Than Road
North Lakhimpur

Opening Hours

Monday 9am - 12pm
12:30pm - 3pm
Tuesday 9am - 12pm
12:30pm - 3pm
Wednesday 9am - 12pm
12:30pm - 3pm
Thursday 9am - 12pm
12:30pm - 3pm
Friday 9am - 12pm
12:30pm - 3pm
Saturday 9am - 12pm
12:30pm - 3pm
Sunday 8am - 12pm
12:30pm - 4pm

Alerts

Be the first to know and let us send you an email when Sri sri Basudev than naruwa satra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share