Arode'm Lubito

Arode'm Lubito Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arode'm Lubito, Full Gospel Church, North Lakhimpur.

30/08/2023
03/06/2023

প্রশ্ন
মৃত্যুৰ পিছত কি হয়?
উত্তৰ👇

খ্ৰীষ্টীয় বিশ্বাসৰ ভিতৰত, মৃত্যুৰ পিছত কি হয় কথাটোত বহুতো সন্দেহৰ অৱকাশ থাকে। কিছুমানে কয় যে মৃত্যুৰ পিছত, প্ৰতিজনে শেষ বিচাৰলৈকে “টুপনি যায়”, তাৰ পিছত প্ৰতিজনকে স্বৰ্গলৈ বা নৰকলৈ পঠোৱা হ’ব। আনসকলে বিশ্বাস কৰে যে মৃত্যুৰ সময়ত, মানুহবিলাকক লগে লগে বিচাৰ কৰি অনন্ত গন্তব্যলৈ পঠোৱা হয়। তেতিয়াও আনসকলে দাবী কৰে যে যেতিয়া মানুহ মৰে, তেওঁলোকৰ প্ৰাণ/আত্মা “অস্থায়ী” স্বৰ্গ বা নৰকলৈ পঠাই, শেষ পুনৰুত্থানলৈ, শেষ বিচাৰলৈ আৰু শেষতে চূড়ান্ত গন্তব্যলৈ অপেক্ষা কৰে। গতিকে বাইবেলে আচলতে মৃত্যুৰ পিছত কি হয় বুলি কৈছে?

প্ৰথম, যীচু খ্ৰীষ্টৰ বিশ্বাসীসকলৰ বাবে, বাইবেলে কৈছে যে মৃত্যুৰ পিছত বিশ্বাসীৰ প্ৰাণ/আত্মা স্বৰ্গলৈ নিয়া হয়, কিয়নো যীচু খ্ৰীষ্টক ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰাৰ বাবে তেওঁলোকৰ পাপ ক্ষমা হ’ল(যোহন ৩:১,১৮,৩৬)। বিশ্বাসীসকলৰ বাবে, মৃত্যু হৈছে “শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস”( ২ কৰিন্থীয়া ৫৬-৮; ফিলিপীয়া ১:২৩)। অৱশ্যে, ১ কৰিন্থীয়া ১৫:৫০-৫৪ পদ আৰু ১ থিচলনিকীয়া ৪:১৩-১৭ পদৰ দৰে শাস্ত্ৰাংশই বিশ্বাসীৰ পুনৰুত্থান হোৱা আৰু গৌৰৱোজ্জ্বল শৰীৰ দিয়াৰ কথা কয়। যদি বিশ্বাসীৰ মৃত্যুৰ পিছত তৎক্ষণাতে খ্ৰীষ্টৰ ওচৰলৈ যায়, শৰীৰটো মৈদামতে “টুপনি”ত থাকে। বিশ্বাসীসকলৰ পুনৰুত্থানত, শৰীৰটো পুনৰুত্থিত হয়, গৌৰৱান্বিত হয়, আৰু তেতিয়া প্ৰাণ/আত্মাৰ লগত পুনৰ সংযোগ হয়। এই পুনৰ সংযোজিত শৰীৰ-প্ৰাণ-আত্মা অনন্ত কালৰ বাবে নতুন স্বৰ্গ আৰু নতুন পৃথিৱীৰ ভাগী হ’ব(প্ৰকাশিত ব্ক্য ২১:২২)।

দ্বিতীয়তে, যিসকলে যীচু খ্ৰীষ্টক ত্ৰাণকৰ্তাহিচাপে গ্ৰহণ কৰা নাই, মৃত্যু মানেই অনন্তকলীয়া শাস্তি। অৱশ্যে বিশ্বাসীসকলৰ দৰে অবিশ্বাসীক শেষ পুনৰুত্থান, বিচাৰ, আৰু অনন্ত গন্তব্যৰ বাবে অস্থায়ী ঠাইলৈ পঠায় যেন লাগে। লূক ১৬:২২-২৩ পদে বৰ্ণনা কৰিছে যে সকলো অবিশ্বাসী পুনৰুত্থিত হৈ, ডাঙৰ বগা সিংহাসনৰ আগত বিচাৰ কৰি অগ্নিৰ সৰোবৰলৈ নিক্ষেপ কৰা হয়। তেতিয়াহ’লে অবিশ্বাসীসকলক মৃত্যুৰ লগে লগে নৰকলৈ(অগ্নিৰ সৰোবৰ)পঠোৱা নহয়, কিন্তু অস্থায়ীভাৱে বিচাৰ আৰু দণ্ডৰ বাবে থাকে। অৱশ্যে, যদিও অবিশ্বাসীসকলক লগে লগে অগ্নিৰ সৰোবলৈ পঠোৱা নহয়, মৃত্যুৰ পিছত তেওঁলোকৰ দশা সুখদায়ক নহয়। ধনী মানুহজনে চিয়ঁৰিছিল, “এই অগ্নি-শিখাত মই যাতনা পাই আছোঁ”(লূক ১৬:২৪)।

সেয়েহে, মৃত্যুৰ পিছত, এজন মানুহ “অস্থায়ী”কৈ স্বৰ্গ বা নৰকত থাকে। এই অস্থায়ীকৈ থকাৰ পিছত, শেষ পুনৰুত্থানত, এজন মানুহৰ অনন্ত গন্তব্য সলনি নহ’ব। অনন্ত গন্তব্যৰ “সঠিক”স্থান সলনি হয়। বিশ্বাসীসকলক শেষতে নতুন স্বৰ্গ আৰু নতুন পৃথিৱীত প্ৰৱেশ কৰিবলৈ দিব(প্ৰকাশিত বক্য ২১:১)। অবিশ্বাসীসকলক শেষতে অগ্নিৰ সৰোবৰলৈ নিক্ষেপ কৰা হ’ব(প্ৰকাশিত বক্য ২০:১১-১৫)। এইবিলাকেই শেষ, মানুহৰ অনন্ত গন্তব্য- নিৰ্ভৰ কৰে তেওঁলোকে পৰিত্ৰাণৰ বাবে কেৱল যীচু খ্ৰীষ্টক বিশ্বাস কৰিলে নে নাই(মথি ২৫৪৬; যোহন ৩:৩৬)।

25/10/2021

UMBC YA:ME MIMBIR RU:NE'M KUMNA S:NAM

22/10/2021

Ajona no dagrob toka Ru:ne' jisuk do:nying ki'to

Address

North Lakhimpur
787052

Website

Alerts

Be the first to know and let us send you an email when Arode'm Lubito posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share