13/11/2014
অসম চৰকাৰৰ এগৰাকী শীৰ্ষ আমোলাই কালি নিশা নলবাৰীত চলি থকা ৰাস মহোৎসৱ উপভোগ কৰি যায়৷ জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা ভক্তপ্ৰাণ লোকেৰে উথপ্থপ্ হৈ থকা নলবাৰী হৰি মন্দিৰত উদ্যাপন হৈ থকা ৰাস মহোৎসৱত কালি নিশা প্ৰায় ৯.৩০ বজাত উপস্থিত হয় অসম চৰকাৰ মুখ্য সচিব জিতেশ খোছলা আৰু সহধৰ্মিণী ৰশ্মি খোছলা৷ তেওঁলোকে ৰাস মহোৎসৱৰ মূল মণ্ডপত সেৱা জনাই মহোৎসৱস্থলীত স্থাপন কৰা মৃয় মূৰ্তিসমূহ পৰিদৰ্শন কৰে৷ পোনপ্ৰথমবাৰৰ বাবে নলবাৰী ৰাস মহোৎসৱস্থলীত উপস্থিত হোৱা মুখ্য সচিব আৰু তেওঁৰ পত্নীক ৮১ সংখ্যক ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ তৰফৰপৰা সংবৰ্ধনা জনোৱা হয়৷ সংবৰ্ধনা অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত ডাঃ ওম প্ৰকাশ, বাগ্চা জিলাৰ উপায়ুক্ত বিনোদ চেচান, নলবাৰীৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা প্ৰমুখ্যে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে৷ সংবৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত বিষয়াগৰাকীয়ে নলবাৰী ৰাস মহোৎসৱ উপভোগ কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে৷ নলবাৰী জিলাৰ উপায়ুক্ত ডাঃ ওম প্ৰকাশৰ আমন্ত্ৰণমৰ্মে ৰাস মহোৎসৱস্থলীত উপস্থিত থকা ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ক্রমাগতভাৱে উদ্যাপন হৈ অহা নলবাৰীৰ ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ যাৱতীয় প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে৷ তেওঁ লগতে পত্নী ৰশ্মি খোছলাই ইতিমধ্যে বিভিন্ন ধৰ্মীয় অনুষ্ঠান পৰিভ্ৰমণ কৰিছে যদিও মহামিলনৰ তীৰ্থ ভূমিলৈ ৰূপান্তৰিত নলবাৰী ৰাস মহোৎসৱলৈ এইবাৰেই প্ৰথম অহা বুলিও প্ৰকাশ কৰে৷