Batadrava SATRA

Batadrava SATRA জয় গুৰু শংকৰ

নগাঁও সদৰৰ পৰা কিঃমিঃ পশ্চিমে ২৬.৬৫ অক্ষাংশ আৰু ৯২.৬৮ দ্ৰাঘিমাংশত ২৮৬ বিঘা মাটিকালিৰে আগুৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু লীলাভূমি এই পবিত্ৰ বটদ্ৰৱা ধাম ৷ ১৪৬৮ খ্ৰীষ্টাব্দত 'এক শৰণ নামধৰ্ম' প্ৰচাৰৰ অৰ্থে মহাপুৰুষ জনাই সৰ্বপ্ৰথমে স্থাপন কৰিছিল এই বটদ্ৰৱা থান ৷ তেৰাই ইয়াতেই প্ৰথম 'কীৰ্ত্তন ঘৰ' স্থাপন কৰাৰ লগতে 'চিহ্ন যাত্ৰা' ভাওনা প্ৰদৰ্শনেৰে ধৰ্ম - বৰ্ণ - ভাষাৰ ঐক্যতান 'নৱ বৈষ্ণৱ ধৰ্ম'

ৰ পাতনি মেলিছিল ৷ পবিত্ৰ দৌল মন্দিৰ, মণিকূটসহ কীৰ্ত্তন ঘৰ, আকাশীগংগা, পদশিলা, শংকৰ শিলিখা, হাতীবহা, সাঁচিগছ, টেম্বুৱানী জান, শান্তিজান বিল, সতীৰাধিকা স্মিতৃ ক্ষেত্ৰ, শংকৰদেৱ গৱেষণা কেন্দ্ৰ আদিয়ে দ্বিতীয় বৈকুণ্ঠ খ্যাত বটদ্ৰৱাৰ ঐতিহ্য বহন কৰি আহিছে ৷৷ 'জয় গুৰু শংকৰ' ৷৷

দর্শনার্থীৰ দৰ্শনৰ বাবে আজি মুকলি কৰা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ :: #বৰদোৱা_প্ৰকল্প    #বৰদোৱা
01/02/2026

দর্শনার্থীৰ দৰ্শনৰ বাবে আজি মুকলি কৰা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ
:
:
#বৰদোৱা_প্ৰকল্প #বৰদোৱা

02/01/2026

কি ক’ব এইবোৰক ?

"আৱিৰ্ভাৱ ক্ষেত্ৰৰ" নিশাৰ নান্দনিক দৃশ্য  #বৰদোৱা_প্ৰকল্প        #বৰদোৱা
30/12/2025

"আৱিৰ্ভাৱ ক্ষেত্ৰৰ" নিশাৰ নান্দনিক দৃশ্য

#বৰদোৱা_প্ৰকল্প #বৰদোৱা

অসমৰ বাবে এক ঐতিহাসিক দিন...অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱির্ভাৱ ক্ষেত্ৰত ভাৰতৰ মা...
29/12/2025

অসমৰ বাবে এক ঐতিহাসিক দিন...

অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱির্ভাৱ ক্ষেত্ৰত ভাৰতৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ উদ্বোধনৰ জৰিয়তে গুৰুজনাৰ জন্মস্থানক বিশ্বজনীন কৰাৰ প্রয়াসে নতুন প্রাণ পালে।

অচিনাকি লোকৰ দ্বাৰা বেদখল কৰি ৰখা গুৰুজনাৰ আৱিৰ্ভাৱ স্থানক ভাৰতীয় জনতা পাৰ্টি চৰকাৰে উচ্ছেদ অভিযানৰ জড়িয়তে মুকলি কৰি উক্ত স্থানতে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি তুলিলে বিশাল বিশ্বজনীন সাংস্কৃতিক প্ৰকল্পৰ।

দ্বিতীয় বৈকুণ্ঠসদৃশ বটদ্রৱাখনিক এই প্ৰকল্পৰ জড়িয়তে অধিক প্রাণৱন্ত আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব।

জয় গুৰু শঙ্কৰ!!

#বৰদোৱা_প্ৰকল্প #বৰদোৱা #বটদ্ৰৱা_প্ৰকল্প
Amit Shah
Himanta Biswa Sarma
Rupak Sarmah
Pijush Hazarika
BJP Assam Pradesh
Batadrava SATRA
Kanu Laskar

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Batadrava SATRA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share