ইছলামিক বাৰ্তা

ইছলামিক বাৰ্তা Official page ইছলামিক বাৰ্তা-অসম
(1)

19/10/2024

بسم الله الرحمن الرحيم
⛔কিয় আল্লাহৰ ওপৰত সন্দেহ উপজে?

🖊️হাফিজ মুফ্তী আব্দুল্লাহ ছাদিক ক্বাছিমী

👉সম্প্ৰতি এচাম অতি আধুনিক মনোভাৱাপন্ন লোকৰ মনত সন্দেহৰ বীজ অংকুৰিত হোৱা পৰিলক্ষিত হৈছে
- সকলো ঘটনা যদি আল্লাহৰ ইচ্ছাত সংঘটিত হয় তেনেহ’লে কোনোবাই চুৰি কৰিলে, ডকাইতি কৰিলে, কাৰোবাক হত্যা কৰিলে, কাৰোবাক গালি দিলে ইত্যাদিও আল্লাহৰ ইচ্ছাতেই হৈছে, গতিকে উল্লেখিত গোনাহৰ কাৰণে কোনো ধৰণৰ শাস্তিৰ সন্মুখীন হ'ব নালাগে। কাৰণ যেতিয়া আল্লাহৰ ইচ্ছাতেই কৰিলে তেনেহ’লে ব্যক্তিজনৰ কি অপৰাধ?
এনেধৰণৰ প্ৰশ্ন পূৰ্বতে নাস্তিকসকলে কৰিছিল যদিও বৰ্তমান সময়ত নিজকে যুক্তিবাদী বুলি প্ৰতিপন্ন কৰিব বিচৰা একাংশ মুছলমানে কৰিবলৈ আৰম্ভ কৰিছে।
আল্লাহ তাআ'লাই পৃথিৱীৰ ব্যৱস্থাপনা নিয়ন্ত্ৰণ কৰে দুটি নীতিৰ মাধ্যমত। এটা ক্বুদৰত ( অসীম শক্তি, ক্ষমতা, পৰাক্ৰম আদি) আনটো হৈছে ছুন্নত ( পদ্ধতি, ৰীতি ইত্যাদি) পৱিত্ৰ ক্বুৰআনত উভয় পদ্ধতিৰ ওপৰত আল্লাহ তাআ'লাই আলোকপাত কৰিছে।
ক্বুদৰতৰ ভাৱাৰ্থ হৈছে - আল্লাহ তাআ'লাই ইচ্ছা কৰিলে সকলো কৰিব পাৰে । উদাহৰণস্বৰূপে আল্লাহে ইচ্ছা কৰিলে পুৰুষৰ স্পৰ্শ অবিহনে সন্তান জন্ম দিয়াব পাৰে। যেনে হজৰত ইছা (আঃ) ক আল্লাহ তাআ'লাই পিতৃ অবিহনে সৃষ্টি কৰিছে।
পৱিত্ৰ ক্বুৰআনত আল্লাহ তাআ'লাই ইৰ্শ্বাদ ফৰ্মাইছে -
৮৫:১৬
فَعَّالٌ لِمَا يُرِيدُ
তেওঁ যি ইচ্ছা সেইটোৱে কৰে।
দ্বিতীয় পদ্ধতি হ'ল ছুন্নত অৰ্থাৎ গতানুগতিক পদ্ধতি বা ৰীতি যিটো নিয়মতান্ত্ৰিক আৰু সাধাৰণভাৱে পৰিলক্ষিত হয়। যেনে পুৰষ-মহিলা উভয়ৰ মিলনৰ ফলত সন্তান জন্ম হয়।
পাঠক সমাজ, উল্লেখিত ভূমিকাৰ পিছত মূল বিষয়লৈ আলোকপাত কৰোঁ আহক!
আল্লাহ তাআ'লাই পৱিত্ৰ ক্বুৰআনত এক দাৰ্শনিক তত্ব ইৰ্শ্বাদ ফৰ্মাইছে -
৬৭:২
الَّذِي خَلَقَ الْمَوْتَ وَالْحَيَاةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۚ وَهُوَ الْعَزِيزُ الْغَفُورُ
যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোনে আটাইতকৈ উত্তম আমল( কৰ্ম) কৰিব পাৰে? তেওঁ পৰাক্ৰমশালী, অতি ক্ষমাশীল।
২১:৩৫
كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ ۗ وَنَبْلُوكُمْ بِالشَّرِّ وَالْخَيْرِ فِتْنَةً ۖ وَإِلَيْنَا تُرْجَعُونَ
প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকো, আৰু আমাৰ ওচৰতেই তোমালোকে উভতি আহিব লাগিব।
উভয় আয়াতত মহাপ্ৰজ্ঞাময় আল্লাহ তাআ'লাই মানৱ জাতিক সৃষ্টি আৰু এই দুনিয়াত প্ৰেৰণ কৰাৰ উদ্দেশ্যে বৰ্ণনা কৰি কৈছে, মানৱ জাতিক আল্লাহ তাআ'লাই পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰিছে।
এই কথা সৰ্বজনবিদিত যে, পৰীক্ষাৰ প্ৰশ্নোত্তৰৰ ক্ষেত্ৰত পৰীক্ষাৰ্থী সম্পূৰ্ণ স্বাধীন। ইচ্ছা কৰিলে শুদ্ধ লিখিব পাৰে বা ইচ্ছা কৰিলে অশুদ্ধও লিখিব পাৰে। পৰীক্ষাৰ্থীক পৰীক্ষকে ভুল বা শুদ্ধ উত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বলপ্ৰয়োগ বা হকাবধা নকৰে যদিও পৰীক্ষকৰ বলপ্ৰয়োগ কৰিব পৰা ক্ষমতা আছে। তথাপিও পৰীক্ষাৰ ৰীতি-নীতি অনুযায়ী পৰীক্ষকে সম্পূৰ্ণ স্বধীনতা প্ৰদান কৰে।
অন্যথাই পৰীক্ষকৰ বলপ্ৰয়োগৰ বাবে যদি ভুল উত্তৰ দিয়ে তেনেহ’লে ছাত্ৰজনক তিৰস্কাৰ কৰা নীতিবিৰূদ্ধ হ'ব, কাৰণ ভুল উত্তৰ তাৰ ইচ্ছা বা অভিপ্ৰায়েৰে দিয়া নাই বৰঞ্চ পৰীক্ষকে দিবলৈ বাধ্য কৰিছে, তাৰনো কি দোষ?
আনহাতে বলপ্ৰয়োগৰ বাবে শুদ্ধ উত্তৰ দিলে পুৰস্কাৰ লাভৰো যোগ্য নহ'ব, কাৰণ সেয়া তাৰ ইচ্ছা বা অভিপ্ৰায়েৰে দিয়া নাই।
এতিয়া আন এটা তাত্ত্বিক বিষয়লৈ আলোকপাত কৰোঁ আহক! আল্লাহ তাআ'লাৰ সৃষ্টিজগতৰ শ্ৰেণীবিন্যাস কৰিলে দেখা যায় দুই ধৰণৰ মখলুক্ব (সৃষ্টি) আছে।
প্ৰথমঃ প্ৰকাৰ যিয়ে নিজৰ ইচ্ছা আৰু চিন্তা-চৰ্চা,গৱেষণা বা ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিব পৰা শক্তি নাই। (জীৱন ধাৰণৰ বাবে অতি কিঞ্চিতহে আছে) । যেনে পাহাৰ-পৰ্বত, গছ-বৃক্ষ, চৰাই - চিৰিকটি, চতুষ্পদ জন্তু চন্দ্ৰ-সূৰ্য্য নদ নদী ইত্যাদি ।
দ্বিতীয়ঃ মানৱ আৰু জ্বীন জাতি। ইহঁতৰ নিজস্ব ইচ্ছা আৰু চিন্তা-চৰ্চা,গৱেষণা বা ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিব পৰা শক্তি আছে।
সেয়েহে আল্লাহ তাআ'লাই এই মানৱ আৰু জ্বীন জাতিকেই আল্লাহৰ ইবাদত/ আনুগত্যৰ বাবে আদেশ কৰিছে -
৫১:৫৬
وَمَا خَلَقْتُ الْجِنَّ وَالْإِنْسَ إِلَّا لِيَعْبُدُونِ
আৰু মই জ্বীন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছো যে, সিহঁতে কেৱল মোৰেই ইবাদত কৰিব।
আল্লাহৰ ইবাদত বা আনুগত্য হ'ল- আল্লাহ তাআ'লাই যিবিলাক কামৰ আদেশ দিছে সেয়া যথাযথভাৱে পালন কৰা আৰু যিবিলাক কামৰ পৰা নিষেধ কৰিছে তাৰপৰা বিৰত থকা।
লেখনিৰ আৰম্ভণিত উল্লেখ কৰা হৈছে যে, আল্লাহ তাআ'লাই মানৱ জাতিক পৰীক্ষা কৰিবলৈ পৃথিৱীলৈ প্ৰেৰণ কৰিছে। আৰু সেয়া হৈছে ওপৰত উল্লেখিত আয়াতত বৰ্ণিত আনুগত্যৰ পৰীক্ষা মানৱজাতিক কৰিছে।
মানুহক বিবেক দান কৰিছে আৰু ভাল বেয়াৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব পৰা ক্ষমতাও দিছে। এতেকে কোনোবাই যদি নিজৰ ইচ্ছা প্ৰয়োগ কৰি জানি শুনি মদপান কৰিছে, ব্যাভিচাৰ কৰিছে বা কাৰোবাক হত্যা কৰিছে তেনেহ’লে সেয়া তাৰ ইচ্ছাৰে কৰিছে। ইয়াত আল্লাহ তাআ'লাই বিচাৰিলে জবৰদস্তি( নিজৰ ক্বুদৰতৰ দ্বাৰা ) মানুহজনক উল্লেখিত অপৰাধৰ পৰা বাধা দিব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰে, কাৰণ মানুহজনক পৰীক্ষা কৰা হৈ আছে জবৰদস্তি কৰিলে বা বাধা দিলে পৰীক্ষাৰ গতানুগতিক নিয়মৰ বিপৰীত হোৱা হেতুকে অপৰাধ পৰিত্যাগ কৰাৰ বাবে পুৰস্কাৰৰ যোগ্য নহ'ব।
বিপৰীতে জবৰদস্তি ভাল কাম কৰালে ব্যক্তিজনক পুৰস্কৃত কৰিব পৰা নাযাব, কাৰণ ভাল কাম কৰাৰ মাধ্যমত যি পৰীক্ষাৰ সন্মুখীন হৈছিল তাত উত্তীৰ্ণ হৈছে নিজৰ ইচ্ছাৰে নহয় বৰঞ্চ আল্লাহ তাআ'লা অৰ্থাৎ পৰীক্ষকে শুদ্ধ উত্তৰ কৰিবলৈ বলপ্ৰয়োগ কৰাৰ বাবে।
বৰ্তমান যুগত বিশ্বৰ বিভিন্ন প্ৰান্তত মুছলমানৰ ওপৰত হৈ থকা অত্যাচাৰ বিশেষকৈ ই/জ/ৰা/ঈ/লে সংঘটিত কৰি থকা অমানৱীয় গণ/হ/ত্যা আৰু মুছলিম জাতিৰ অন্যান্য বিপৰ্যয়ৰ কথা শুনি একাংশ নামধাৰী মুছলমানে আল্লাহ তাআ'লাৰ ক্বুদৰত আনকি অস্তিত্বৰ প্ৰতিও সন্দিহান হৈ পৰা পৰিলক্ষিত হৈছে।
ইয়াৰ কাৰণ আল্লাহ তাআ'লাই পৱিত্ৰ ক্বুৰআনত উল্লেখ কৰা তাত্বিক আৰু দাৰ্শনিক বিষয়বস্তু অনুধাৱন কৰিব নোৱাৰা।
মুছলমানৰ ওপৰত ইয়াতকৈ ভয়ানক বিপৰ্য্যয় পূৰ্বেও আহিছিল আৰু ভৱিষ্যতেও আহিব। ইয়াৰ কাৰণ আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে হাদীছ শ্বৰীফত ইৰ্শ্বাদ ফৰ্মাইছে - শীঘ্ৰেই অন্য জাতি বিলাক তোমালোকৰ বিৰুদ্ধে এনেদৰে একত্ৰিত হ'ব যেনেদৰে খাদ্য গ্ৰহণৰকাৰী সকলে খাদ্যৰ পাত্ৰৰ চাৰিওফালে একত্ৰিত হয় । আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক প্ৰশ্ন কৰা হ'ল সেই সময়ত আমি মুছলমানসকলৰ সংখ্যা কম থকাৰ কাৰণে নেকি? উত্তৰত ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক'লে নহয়, বৰঞ্চ সংখ্যাত বহুত বেছি হবা, কিন্তু তোমালোকৰ অৱস্থা বানপানীৰ সোঁতত উটি ভাহি যোৱা আৱৰ্জনাৰ দৰে হব আল্লাহ তাআ'লাই তোমালোকৰ শত্ৰুৰ অন্তৰৰ পৰা তোমালোকৰ ভয় নোহোৱা কৰি দিব আৰু তোমালোকৰ অন্তৰত "ৱাহন" সোমোৱাই দিব। প্ৰশ্ন কৰা হ'ল ৱাহন কি? উত্তৰত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক'লে দুনিয়াৰ( ধন সম্পদ, ক্ষমতা আদি) প্ৰতি মুহাব্বত আৰু মৃত্যুৰ ভয়" ( আবু দাউদ শ্বৰীফ)
পাঠক সমাজ! উপৰোক্ত হাদীছত উল্লেখ থকা কোনটো বিষয় আমাৰ মাজত নাই???
২৪ ঘন্টাই হালাল-হাৰামৰ কোনো পৰুৱা নকৰি কেৱল ধন সম্পত্তি অৰ্জন কৰাত মত্ত হৈ পৰিছোঁ, আৰব বিশ্বৰ কথা আৰু পুতৌজনক। হাজাৰ হাজাৰ কোটি টকাৰে ফুটবল খেলুৱৈ ক্ৰয় কৰিছে। বিলাসিতাৰ সকলো সীমা অতিক্ৰম কৰি পেলাইছে।
নিজৰ ক্ষমতা আৰু ৰাজপাট বাহাল ৰাখিবলৈ ইছলামৰ ভয়ানক শত্ৰুৰ সৈতে হাত মিলাইছে। আৰু এক বৃহৎ সংখ্যককে পাৰ্থিৱ লাহ বিলাসত মতলীয়া হৈ পৰিছে।
ফলাফল কি ওলাল?
৫৭ খন মুছলমান দেশৰ শাসকৰ মনত কাপুৰুষালিৰ জন্ম হৈছে আৰু সৰু অবৈধ ৰাষ্ট্ৰ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰি ফিলিস্তিনক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই।
কাৰণ স্পষ্ট।
সিহঁতৰ মতে ইজৰাইলৰ বিৰুদ্ধাচৰণ কৰা মানে পশ্চিমীয়া দেশসমূহৰ বিৰুধীতা কৰি বাণিজ্যিক সম্পৰ্ক নষ্ট কৰ হ'ব আৰু পেট্ৰ'-ডলাৰৰ লোকচান হ'ব। আৰু যদি ইজৰাইলে আক্ৰমণ কৰে আমাৰ কি অৱস্থা হব?
অৰ্থাৎ মৃত্যুৰ ভয়। আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ১৪০০ বছৰ পূৰ্বে কোৱা কথাষাৰৰ সত্যতা ১০০ শতাংশ প্ৰতিফলিত হৈ আছে।
যদি আল্লাহ তাআ'লাই ইচ্ছা কৰে তেনেহ'লে এই বিপৰ্য্যয় অৱশ্যেই ৰোধ কৰিব পাৰে সেই ক্বুদৰত আল্লাহ তাআ'লাৰ আছে ।কিন্তু আল্লাহ তাআ'লাৰ ছুন্নত (পদ্ধতি আৰু ৰীতি) হ'ল যদি মুছলমানে আল্লাহৰ হুকুমৰ বিপৰীত কৰে আৰু নাফৰমানী কৰে তেনেহ’লে আল্লাহ তাআ'লাই আজাব দিয়ে। আজাবৰ বৈশিষ্ট্য হৈছে অপৰাধী আৰু নিৰপৰাধ সকলোৱে ইয়াৰ শাস্তি ভোগ কৰে।
সম্প্ৰতি মুছলমান জাতিয়ে আল্লাহৰ কোন নাফৰমানী কৰি থকা নাই?
আল্লাহ তাআ'লাৰ নাফৰমানীৰ মূল শাস্তি দুনিয়াত নহয় বৰঞ্চ আখীৰাতত। সেয়াই ডাঙৰ শাস্তি। মুমিনক আল্লাহ তাআ'লাই আখীৰাতৰ শাস্তিৰ পৰা ৰেহাই দিবলৈ সতৰ্কতামূলক দুনিয়াত কিছু শাস্তি প্ৰদান কৰে যাতে গোনাহৰ কাম এৰি দিয়ে, এয়া পৰীক্ষক আল্লাহ তাআ'লাৰ অতিৰিক্ত দয়া আৰু কৰুণা পৰীক্ষাৰ্থী মানৱ জাতিৰ প্ৰতি।
৩২:২১
وَلَنُذِيقَنَّهُمْ مِنَ الْعَذَابِ الْأَدْنَىٰ دُونَ الْعَذَابِ الْأَكْبَرِ لَعَلَّهُمْ يَرْجِعُونَ
আৰু অৱশ্যে আমি সিহঁতক মহাশাস্তিৰ পূৰ্বে অলপ লঘুশাস্তি আস্বাদন কৰাম, যাতে সিহঁতে উভতি আহে।
উল্লেখিত আয়াতত আল্লাহ তাআ'লাই বিশেষভাৱে মুছলমানক আৰু সাধাৰণভাৱে সমগ্ৰ মানৱজাতিক বেয়া কৰ্মৰ পৰা বিৰত থাকি আখীৰাতৰ আজাবৰ পৰা ৰেহাই পোৱাৰ পথ প্ৰদৰ্শক কৰিছে।
সাৰকথা হ'ল - আল্লাহ তাআ'লা সাৰ্বভৌম ক্ষমতা আৰু পৰাক্ৰমৰ মালিক। কিন্তু মানুহক ভাল-বেয়াৰ ইচ্ছাশক্তি প্ৰদান কৰিছে ইয়াৰ ওপৰতে পৰকালত বিচাৰ হ'ব সেই ইচ্ছাশক্তিক ব্যৱহাৰ কৰি ভাল কাম কৰিলে নে বেয়া কাম কৰিলে। আল্লাহ তাআ'লাৰ বিধান বুজি পোৱাত অসুবিধা হ'লে বিজ্ঞজনৰ পৰামৰ্শ লওক। নিজৰ জ্ঞানৰ দৈন্যতা আৰু বোধগম্যতাৰ অভাৱৰ ফলত বুজি নোপোৱা বিষয়বস্তুক অস্বীকাৰ কৰাজন বাস্তৱবাদী বা যুক্তিবাদী নহয় বৰঞ্চ বিবেকশূন্য। নিউটন আৰু আইনষ্টাইনৰ মাধ্যাকৰ্ষণ আৰু মহাকৰ্ষণক কিমান মানুহে বুজি পায়? ( অমুকাই পঢ়া সত্বেও প্ৰকৃত মৰ্ম ভালদৰে বুজি পোৱা নাই তৎসত্বেও মানি আছে) কিন্তু বিনা দ্বিধাই তথাকথিত বিজ্ঞানমনস্ক? সকলেই অন্ধভাৱে মানি লৈ স্বীকাৰ কৰি আছে। ভাই আপোনিহে বুজি পোৱা নাই কিন্তু আপোনাৰ বিজ্ঞানৰ ছাৰে ভালকৈ বুজি পায়। তেনেক্ষেত্ৰত আল্লাহ তাআ'লাৰ কোনো বিধান বুজি নাপালে সমূলঞ্চে অস্বীকাৰ কৰাটো কেনেধৰণৰ বিজ্ঞানমনস্কতা???
তৰ্ক আৰু দৰ্শনবিজ্ঞানৰ মতে কেনো এটা বিষয়ৰ কেৱল ৮০% দৃশ্যমান বস্তু অৱলোকন কৰি আৰু ইয়াৰ ওপৰত ভিত্তি কৰি বাকী ২০% শতাংশ দৃশ্যমান নোহোৱা বা নজনা বস্তুকো ৮০ শতাংশৰ সমতুল্য আৰু সাদৃশ্যপূৰ্ণ বুলি মানি লোৱা হয়।
আল্লাহ তা'আলাৰ ৯০ শতাংশ বিধানেই বৈজ্ঞানিকভাৱে প্ৰমাণিত। প্ৰমাণৰ এনে প্ৰক্ৰিয়া একেলগে হোৱা নাছিল বৰঞ্চ পৰ্যায়ক্ৰমে লাহে লাহে হৈ আছে আৰু হৈ থাকিব।
গতিকে প্ৰমাণ কৰিবলৈ বাকী অৱশিষ্ট ১০ শতাংশ অস্বীকাৰ কৰাৰ কিবা যুক্তি আছেনে?
বিঃ দ্ৰঃ--কপি কৰি শ্বেয়াৰ কৰাৰ অনুমতি আছে

Address

Nagaon
782124

Alerts

Be the first to know and let us send you an email when ইছলামিক বাৰ্তা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share