Tilikiam Puja Mandir

Tilikiam Puja Mandir Tilikiam Puja Mandir is Located at A.T. Road Tilikiam, it is about 9km West from Jorhat Town ( Baruah All Devoties Can donate as per their wish

04/06/2026

তিলিকিয়াম পূজা মন্দিৰ মোৰ বাবে কেৱল এটা ধৰ্মীয় স্থান নহয়, ই মোৰ আস্থা, ভক্তি আৰু সেৱাৰ এক পবিত্ৰ ক্ষেত্ৰ। মন্দিৰৰ কোনো পদ-পদবী বা বিশেষ দায়িত্ব নাথাকিলেও, এজন সাধাৰণ কৰ্মী হিচাপে ইয়াৰ সৈতে জড়িত থাকিব পৰাটো মোৰ বাবে গৌৰৱৰ বিষয়।

মা দুৰ্গাৰ আশীৰ্বাদত মন্দিৰৰ প্ৰতিটো কাৰ্যসূচী, পূজা-পাৰ্বণ আৰু সমাজসেৱামূলক কামত নিজৰ সামৰ্থ্য অনুসৰি সহযোগিতা আগবঢ়াই আহিছোঁ। মোৰ বিশ্বাস, মন্দিৰৰ উন্নয়ন আৰু সমাজৰ কল্যাণৰ বাবে আন্তৰিকতা, নিষ্ঠা আৰু সেৱাৰ মনোভাৱেই আটাইতকৈ ডাঙৰ পৰিচয়।

তিলিকিয়াম পূজা মন্দিৰৰ সোণালী জয়ন্তী বৰ্ষত মন্দিৰৰ প্ৰতিজন ভক্ত, কৰ্মী, শুভাকাংক্ষী আৰু দাতালোকলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। মা শক্তিৰ কৃপা সকলোৰে ওপৰত সদায় বৰষিত হওক।

— ৰাজ কমল গৌতম
সাধাৰণ কৰ্মী
তিলিকিয়াম পূজা মন্দিৰ

শ্রদ্ধাভাজনেষু,আপোনাক জনাবলৈ পাই সুখী হৈছো যে টিলিকিআম সার্বজনীন পূজা মন্দিৰে গৌৰৱউজ্জল পঞ্চাশটা বর্ষ অতিক্রমি আহি সোনাল...
25/05/2026

শ্রদ্ধাভাজনেষু,

আপোনাক জনাবলৈ পাই সুখী হৈছো যে টিলিকিআম সার্বজনীন পূজা মন্দিৰে গৌৰৱউজ্জল পঞ্চাশটা বর্ষ অতিক্রমি আহি সোনালী বর্ষত উপনীত হৈছে। এই ঐতিহাসিক ক্ষণক সুৱঁৰি এখনি স্মৃতিগ্রন্থ প্ৰকাশৰ সিদ্ধান্ত লোৱা হৈছে।

হে চিৰনমস্য শুভাকাংক্ষী বৃন্দ,

১৯৭৬ চনত প্রতিষ্ঠিত এই পূজা মন্দিৰৰ ৫০ বছৰীয়া গৌৰৱময় যাত্ৰাক স্মৰণ কৰি প্ৰকাশ পাবলগীয়া এই গ্রন্থখনিলৈ আপোনাৰ পৰা আমি এটি বহুমূলীয়া লেখা আশা কৰিছো। আশাকৰো আপোনাৰ সৃষ্টিয়ে আমাৰ এই প্ৰচেষ্টাক সাফল্যমন্দিত কৰি তুলিব।

বি.দ্র.

লিখনিসমুহৰ বিষয় ধর্মীয়, সৃষ্টিমূলক, ইতিহাস সম্বন্ধীয়, ভাষা অসমীয়া আৰু লিখনিসমুহ ১০০০-১৫০০ শব্দৰ ভিতৰত হোৱাটো প্রয়োজনীয়। লিখনিসমুহৰ গুনগত মানৰ ওপৰত ভিত্তি কৰি প্ৰকাশৰ উপযোগ্য বুলি গন্য কৰা লেখাহে প্ৰকাশ কৰা হ'ব। অনুগ্ৰহ কৰি লিখনিসমুহ ইমেইল যোগে অথবা হোৱাটছআপ যোগে ৩০ জুলাই, ২০২৬ ৰ ভিতৰত তলৰ ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিলো।

ইমেইলঃ [email protected]

হোৱাটছআপ নংঃ

৯১০১৬৬৫৯৮১ (শ্রী সত্যৰঞ্জন শৰ্মা)

৯৪৩৫৭৭০১৯৪ (শ্রী যোগেন শর্মা)

৭৫৭৮০০৮৮০৬ (ড° প্রশান্ত পূজাৰী)

শ্ৰদ্ধাৰে,

সোনালী জয়ন্তী বর্ষ স্মৃতিগ্রন্থ সমিতি

টিলিকিআম পূজা মন্দিৰ

টিলিকিআম, যোৰহাট-৭৮৫০০৬

Address

A. T. Road, Tilikiam
Jorhat
785006

Opening Hours

Monday 7am - 9am
Tuesday 7am - 9am
Wednesday 7am - 9am
Thursday 7am - 9am
Friday 7am - 9am
Saturday 7am - 9am
Sunday 7am - 9am

Telephone

+918486599662

Website

Alerts

Be the first to know and let us send you an email when Tilikiam Puja Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category