Message Of Islam

Call Directions Website Contact the place of worship

Message Of Islam Educational content on Islam and the Islamic community of Assam by Maluana Nurul Amin Qasimi.

ন্যায় অৱমাননা কৰি কিয় মছজিদ ভাঙি পেলোৱা হ’ল?চাহাৰানপুৰৰ শতিকা পুৰণি মছজিদ ভাঙি পেলোৱাৰ ঘটনাত জমিয়ত উলামা-এ-হিন্দৰ সভা...
02/10/2026

ন্যায় অৱমাননা কৰি কিয় মছজিদ ভাঙি পেলোৱা হ’ল?

চাহাৰানপুৰৰ শতিকা পুৰণি মছজিদ ভাঙি পেলোৱাৰ ঘটনাত জমিয়ত উলামা-এ-হিন্দৰ সভাপতি মৌলানা মাহমুদ আছাদ মাদানীৰ তীব্ৰ প্ৰতিক্ৰিয়া

নতুন দিল্লী, ৬ ছেপ্টেম্বৰ ২০২৬:
চাহাৰানপুৰ কালেক্টৰেট চৌহদত অৱস্থিত এশ বছৰ পুৰণি এখন মছজিদ প্ৰশাসনে ভাঙি পেলোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে জমিয়ত উলামা-এ-হিন্দৰ সভাপতি মৌলানা মাহমুদ আছাদ মাদানীয়ে।

মৌলানা মাদানীয়ে কয় যে, এই কাৰ্যব্যৱস্থা ন্যায়ৰ মৌলিক নীতি আৰু ন্যায়িক স্বচ্ছতাৰ পৰিপন্থী। তেওঁৰ মতে, যিহেতু ভূমি সম্পৰ্কীয় বিবাদটো কালেক্টৰেট চৌহদৰ সৈতে জড়িত আছিল, সেয়েহে প্ৰশাসন নিজেই এই বিষয়ৰ এটা পক্ষ হৈ পৰিছিল। এনে পৰিস্থিতিত প্ৰশাসনৰ দ্বাৰাই একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰাটো ন্যায়ৰ স্বীকৃত নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।

তেওঁ লগতে কয় যে, ৪ ছেপ্টেম্বৰত নিম্ন আদালতে দিয়া ৰায়ত মছজিদখন তৎক্ষণাত ভাঙি পেলোৱাৰ কোনো স্পষ্ট নিৰ্দেশ নাছিল। তাৰ পিছতো সংশ্লিষ্ট পক্ষক উচ্চ আদালতত আইনী প্ৰতিকাৰ বিচৰাৰ সুযোগ নিদিয়াকৈ আৰু ৰায়ৰ প্ৰমাণিত প্ৰতিলিপি লাভ কৰাৰ পূৰ্বেই অতি কম সময়ৰ ভিতৰত নিশাৰ সময়ত মছজিদখনত বুলডোজাৰ চলোৱা হয়।

মৌলানা মাদানীয়ে কয় যে, নিম্ন আদালতৰ ৰায়েই চূড়ান্ত নহয়। ভাৰতীয় সংবিধান অনুসৰি প্ৰতিগৰাকী নাগৰিকৰ উচ্চ আদালতৰ কাষ চাপি ন্যায় বিচৰাৰ অধিকাৰ আছে। বিশেষকৈ যি কাৰ্যৰ ফলত অপূৰণীয় ক্ষতি হ’ব পাৰে, তেনে ক্ষেত্ৰত সংশ্লিষ্ট পক্ষক আইনী প্ৰতিকাৰৰ সুযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ।

তেওঁ মছজিদ কমিটি আৰু আইনী বিশেষজ্ঞসকলক কোনো পলম নকৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে, আইন আৰু ন্যায়ৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ বাবে এনে কাৰ্যব্যৱস্থাৰ ন্যায়িক পৰ্যালোচনা আৰু জবাবদিহিতা নিশ্চিত কৰা প্ৰয়োজন।

মৌলানা মাদানীয়ে দেশৰ সকলো বিবেকবান, ন্যায়প্ৰিয় আৰু শান্তিকামী নাগৰিকক আহ্বান জনাই কয় যে, যিকোনো ধৰ্মীয় স্থানৰ ক্ষেত্ৰতে আইন, ন্যায় আৰু সংবিধানৰ নীতি মানি চলাটো নিশ্চিত কৰিব লাগিব।

তেওঁ সতৰ্ক কৰি দিয়ে যে, যদি এনে ঘটনাৰ বিৰুদ্ধে ন্যায়সংগত আৰু গণতান্ত্ৰিকভাৱে মাত মাতি উঠা নহয়, তেন্তে ইয়াৰ ফলত সমাজত সাম্প্ৰদায়িক বিভাজন আৰু ধৰ্মীয় বিদ্বেষ বৃদ্ধি পাব পাৰে। দেশৰ ঐতিহ্যপূৰ্ণ সম্প্ৰীতি আৰু ঐক্য অক্ষুণ্ণ ৰখাৰ বাবে সকলো পক্ষই শান্তিপূৰ্ণ আৰু সাংবিধানিক পথত আগবাঢ়ি অহাৰ প্ৰয়োজন আছে।

17/09/2026

পাঁচ ৱাক্ত নামাজ কেইৰাকাত? কেনেকৈ পঢ়িব?
জানো আহক!

10/09/2026

Whome are Bangladeshi?

10/09/2026

অসমৰ চৰ চাপৰিবাসীৰ বাবে এখন্তেক!
Among the people of char areas of Assam

মৰিগাঁও জিলা দ্বীনি তালিমী ব'ৰ্ডৰ দ্বাৰা আয়োজিত লাহৰীঘাটত মক্তৱ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ মুকলি সভাত __
05/09/2026

মৰিগাঁও জিলা দ্বীনি তালিমী ব'ৰ্ডৰ দ্বাৰা আয়োজিত লাহৰীঘাটত মক্তৱ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ মুকলি সভাত __

03/09/2026

আমি ইমান প্ৰতিশোধপৰায়ণ কিয়?

মিলাদুনন্নবী কি? 12 ৰবিউল আৱাল কিয়?
28/08/2026

মিলাদুনন্নবী কি? 12 ৰবিউল আৱাল কিয়?

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Message Of Islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Message Of Islam:

Shortcuts

Share