সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা

  • Home
  • India
  • Golaghat
  • সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা

সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, Religious organisation, Golaghat.

08/11/2025

"নুমলীগড় বিবেকানন্দ কেন্দ্ৰ হস্পিটেল খনত ২৪ ঘন্টাই ডাক্তৰৰ সহিতে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ ব্যৱস্থা কিয় নাই ?
থকা হেঁতেন এজনৰ মৃত্যু হবলগীয়া নহ'ল হেঁতেন। নগৰাঞ্চলৰ(NRL) ৰোগীৰ বাহিৰে বাহিৰৰ ৰোগীৰ লগত বৈষম্য কিয় ?
নুমলীগড় বিবেকানন্দ কেন্দ্ৰ হস্পিটেল খনত NDJ এলেকাৰ লোক সকলৰ চিকিৎসা ব্যৱস্থাটো একেবাৰে বিনামূলীয়া কৰিব লাগে বুলি স্মাৰক পত্ৰ দিয়াৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই কিয়?
এই সকলোবোৰ উত্তৰ দিব লাগিব। অন্যথাই খুব কম দিনৰ ভিতৰত আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব।"--- সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা
NRL District Administration, Golaghat

03/05/2023

আদৰণীয় পদক্ষেপ,
সচাঁকৈ চিন্তা কৰিব লগীয়া,
কাৰ্যকৰী কৰিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনালো

আজি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট জিলা অনুসূচিত জাতি পৰিষদৰ সহযোগত ভাৰতৰত্ন, সংবিধান প্ৰণেতা ড...
14/04/2023

আজি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট জিলা অনুসূচিত জাতি পৰিষদৰ সহযোগত ভাৰতৰত্ন, সংবিধান প্ৰণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ ১৩২ তম জন্মজয়ন্তী জিলা কাৰ্যালয়ত আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটি কাবৰু গাঁৱৰ দিহানাম দলৰ দিহানামেৰে আৰম্ভ কৰা হয় বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলাৰ আৰক্ষী উপ অধীক্ষক শ্ৰীযুত মাধুৰ্য বৰুৱা ডাঙৰীয়া , গোলাঘাট জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি শ্ৰীযুত দিলীপ কুমাৰ দাস ডাঙৰীয়া,অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত ৰাজীৱ লস্কৰ ডাঙৰীয়া,বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ সভাপতি শ্ৰীযুত অভিলাষ বৰা ডাঙৰীয়া, গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা গোলাঘাট জিলা আইন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত ধ্ৰুৱজ্যোতি ভৰালী ডাঙৰীয়া গোলাঘাট জিলা অনুসূচিত জাতি পৰিষদৰ উপ-সভাপতি শ্ৰীযুত প্ৰশান্ত কুমাৰ দাস ডাঙৰীয়া, শ্ৰীযুত বিশ্বেশ্বৰ দাস ডাঙৰীয়া আৰু গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰণৱ প্ৰতিম দাস সাধাৰণ সম্পাদক ইন্দ্ৰ প্ৰসাদ দাস,উপ সভাপতি যশোৱন্ত দাস আৰু অবিনাশ দাস, উপদেষ্টা চন্দনজ্যোতি দাস, প্ৰহ্লাদ দাস, সাংগঠনিক সম্পাদক পল প্ৰতিম দাস, সাংস্কৃতিক সম্পাদিকা গীতাশ্ৰী ভাগৱতী, বোকাখাত মহকুমাৰ সভাপতি মৌচুম দাস আৰু কমাৰবন্ধা আঞ্চলিক সমিতিৰ বিবেক দাস আৰু সমূহ সতীৰ্থ।

30/06/2020

চৰকাৰে একেকোবেই পূঁজি সংগ্ৰহ কৰিব বিচাৰিছে নেকি ? পেট্ৰ'ল ডিজেলৰ মুল্য বৃদ্ধিয়ে খেতিয়কৰ পৰা ধৰি সাধাৰণ জনতাৰ হে ক্ষতি হৈছে ,সেয়ে গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা চৰকাৰলৈ দাবী...... শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰক

06/04/2020

চৰকাৰলৈ বিনম্ৰ অনুৰোধ ,বহুতো মানুহৰ খোৱা বোৱা ৰ বহুত অসুবিধা হৈছে ,চৰকাৰৰ ফালৰ পৰা পাব লগীয়া খাদ্য সামগ্ৰী আজি পৰ্য্যন্ত পোৱা নাই , সেয়ে দুখীয়া জনসাধাৰণক খাদ্য সামগ্ৰী দিবলৈ অনুৰোধ জনালো

আজি দৈয়াং আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভাত জিলা সমিতিৰ সভাপতি ভৃগু কুমাৰ দাস, সাধাৰণ সম্পাদক প্ৰণৱ প্ৰতীম দাস, সাংগঠনিক...
20/10/2019

আজি দৈয়াং আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভাত জিলা সমিতিৰ সভাপতি ভৃগু কুমাৰ দাস, সাধাৰণ সম্পাদক প্ৰণৱ প্ৰতীম দাস, সাংগঠনিক সম্পাদক ক্ৰমে প্ৰহ্লাদ দাস আৰু বাবুল দাস ৰ উপস্থিতিত সহকাৰী সাধাৰণ সম্পাদক তথা আঞ্চলিক সমিতিৰ পূৰ্বৰ সভাপতি খিৰোদ কুমাৰ দাস ৰ সভাপতিত্বত আঞ্চলিকৰ ৰাইজৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হয় আৰু নৱ নিৰ্বাচিত সভাপতি উদ্ধৱ হাজৰিকালৈ অভিনন্দন জ্ঞাপন কৰিলো

উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিয়া হয়
19/10/2019

উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিয়া হয়

13/10/2019

#চাপৰিলে_মেঘ_আতঁৰি_নাযায় :মুখ্যমন্ত্ৰীক সঁকিয়ালে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসে।

গোলাঘাট:১৩ অক্টোবৰ :নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আগবঢ়োৱা মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসে কয় যে যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিৰ্বিনিয়োজনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ সম্পদ সমূহ বিক্ৰী কৰিবলৈ সিদ্ধান্ত লৈছে, যি সময়ত ভাৰত পেট্ৰ'লিয়াম বিক্ৰী কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সময়ত দায়িত্বশীল মুখ্যমন্ত্ৰী জনে নুমলীগড় শোধনাগাৰ বিক্ৰী হোৱাৰ সম্পৰ্কত কোনো তথ্য নাই বুলি মন্তব্য কৰাটো অত্যন্ত হাস্যকৰ আৰু প্ৰতাৰণামূলক।ছাত্ৰনেতাজনে কয় যে সৰ্বানন্দ সোনোৱালে জনা উচিত যে নুমলীগড় শোধনাগাৰত ভাৰত পেট্ৰলিয়ামৰ সৰ্বমুঠ ৬২ শতাংশ শ্বেয়াৰ আছে, সেয়ে ভাৰত পেট্ৰ'লিয়ামৰ ব্যক্তিগতকৰণৰ লগে লগে নুমলীগড় শোধনাগাৰটো সম্পূৰ্ণ ৰূপে ব্যক্তিগত খণ্ডৰ অধীনলৈ গুচি যাব।মুখ্যমন্ত্ৰী জনৰ এইখিনিও সাধাৰণ জ্ঞানও নাই নেকি বুলি কৈ কয় যে আচলতে মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰ ৰাইজক আঁভুৱা ভাৰি পাকে প্ৰকাৰে অসমৰ আৱেগ জড়িত নুমলীগড় শোধনাগাৰটো বিদেশী কোম্পানীক গতাই দিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে জনা উচিত চাপৰিলে মেঘ আতঁৰি নাযায়, অসমৰ ৰাইজক এনেধৰণে মুৰ্খ সজাবলৈ চেষ্টা কৰি লাভ নাই। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লৈ থকাতকৈ অসমৰ সম্পদ বচাবৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰত্যাহ্বান জনাই কয় যে মুখ্যমন্ত্ৰীয়ে যদি পাৰে ভাৰত পেট্ৰ'লিয়ামৰ নুমলীগড় শোধনাগাৰৰ ৬২ শতাংশ শ্বেয়াৰ ৰাজহুৱা খণ্ডৰ অধীনত ৰাখি শোধনাগাৰটো ৰক্ষা কৰি সাহস আৰু জাতিপ্ৰেম প্ৰদৰ্শন কৰক।সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে অসমৰ জাতীয় সম্পদ নুমলীগড় শোধনাগাৰটো যাতে বিদেশী হাতোৰাৰ পৰা বচাব পাৰি তাৰ বাবে সমগ্ৰ অসমীয়া জাতিক মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনায়। আনহাতে অনুসূচিত জাতি ছাত্ৰ সন্থাই সোমবাৰে নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
পৰমানন্দ দাস
সাধাৰণ সম্পাদক
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা

13/04/2019

এমেচাৰ থিয়েটাৰ চ'চাইটি প্ৰেক্ষাগৃহত হৈ যোৱা নাগৰিক সভাত আমাক ৰাইজে যি সমূহ সমস্যাৰ বিষয়ে অৱগত কৰিছিল, সেই সমূহ আমি গুৰুত্বসহকাৰে লৈ ৰঙালী বিহুৰ পিছৰে পৰা সংশ্লিষ্ট বিভাগ সমূহক স্মাৰক প্ৰত্ৰযোগে জনোৱাৰ ব্যৱস্থা কৰাৰ লগতে সমস্যা সমূহৰ স্থায়ী সমাধানৰ বাবে দাবী জনোৱা হ'ব৷

বাতৰি প্ৰচাৰ কৰোতে চালি জাৰি চাইহে প্ৰচাৰ কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনালোঁ৷
06/04/2019

বাতৰি প্ৰচাৰ কৰোতে চালি জাৰি চাইহে প্ৰচাৰ কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনালোঁ৷

06/04/2019

CAB ৰ বিৰোধিতা কৰি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কোনো সদস্যই দিল্লীত উলংগ প্ৰতিবাদ কৰা নাছিল |বিজেপিত যোগদান কৰা উলংগ প্ৰতিবাদকাৰী গৰাকী আমাৰ সংগঠনৰ কোনো সদস্য নহয় |সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটো সম্পূৰ্ণ অসত্য |লগতে আমি স্পষ্ট কৰি দিওঁ যে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কোনো সদস্যই উলংগ প্ৰতিবাদ নকৰে আৰু CAB আনিব বিচৰা বিজেপিত যোগদান নকৰে |
পৰমানন্দ দাস
সাধাৰণ সম্পাদক
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share