Dalgoma Mahapurukhiya Satra

Dalgoma Mahapurukhiya Satra Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dalgoma Mahapurukhiya Satra, Hindu temple, Dalgoma, Matia, Goalpara.

19/11/2022

অসমৰ সুদূৰপ্ৰসাৰী বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নিজে প্ৰচাৰিত আৰু প্ৰৱৰ্তিত ধৰ্মৰ উন্নতি আৰু বহুল প্ৰচাৰৰ বাবে তেখেতৰ একান্ত ভক্ত সকলৰ ভিতৰত যি সাতজন ধৰ্মৰাজ্যত ধৰ্মধাৰকা আৰু আচার্য পাতিছিল তাৰ ভিতৰত প্ৰধান আছিল মাধৱদেৱ। শ্ৰী শ্ৰী মাধৱদেৱে তেখেতৰ একমাত্র ভাগিনেয়েক ৰামচৰণ দেৱক নিজৰ লগত ৰাখি উপযুক্ত শিক্ষা-দীক্ষা দানে পাৰ্গত কৰাইছিল। সুমতি ৰামচৰণ ঠাকুৰেও সমুচিত সেৱা ভক্তি আৰু সদাচৰণেৰে মাতুল মাধৱদেৱ মহাপুৰুষীয়া সন্তোস সাধন কৰিছিল। সেয়েহে শ্ৰী শ্ৰী মাধৱদেৱে অসমৰ বাহিৰত ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱাৰ আগতে তেখেতৰ একমাত্র ভাগিনেয়েক ৰামচৰণ ঠাকুৰক সকলো গুৰুভাৰ দি থৈ গৈছিল। ৰামচৰণ ঠাকুৰেই মোমায়েকৰ অনুপস্থিতিত গুৰুভাৰৰ দ্বায়িত্ব গ্ৰহণ কৰি বৰপেটাধাম, সুন্দৰীদিয়া ধামকে আদি কৰি সকলো ভাৰ শিৰধাৰ্য্য কৰি ধৰ্মৰাজ্যত বিচৰণ কৰি ফুৰিছিল।পিছলৈ এনেকৈয়ে ধৰ্ম প্ৰচাৰ কৰি আহি ৰামচৰণ ঠাকুৰেই বৰ্তমানৰ দলগোমাত উপস্থিত হৈছিল। সেই সময়ত দলগোমা ঠাইখন বিজনী ৰজাৰ অধীনৰ এলেকা আছিল বুলি জনা যায়। দলগোমা ঠাইখন সেই সময়ত জাৰ-জংগলেৰে ভৰা আছিল। সেই ঠাইখনত জনবসতি নাছিলেই বুলি জনা যায়। তাত হেনো চিদলী নামেৰে এটা বিল আছিল। সেই বিলত মেটেকা, দলঘাঁহ, আৰু এযোৰ ডাঙৰ গোমাসাপ আছিল বুলি শুনা যায়। এই গোমাসাপযোৰৰ বাবেই কোনো জীৱ-জন্তু ঠাই ডোখৰত চিদলী বিল পাৰ হৈ প্ৰৱেশ কৰিব পৰা নাছিল, কাৰণ সাপযোৰেই সকলো জীৱ-জন্তু পাৰ হোৱাৰ আগেয়ে ভক্ষণ কৰিছিল। ঠিক এনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈও ৰামচৰণ ঠাকুৰেই লগত চাৰিজন ভকত সহ নিৰ্ভয়ে সাপদুটাৰ ওপৰেৰে খোজকাঢ়ি পাৰ হৈ এডাল বকুল গছৰ তলত প্ৰথমতে সৰুকৈ থান স্থাপন কৰিছিল। জনামতে এই গুৰুজনাই সেই থানৰ ওচৰতে সাপদুটাকো স্থান দিছিল৷ ইয়াৰ পৰাই সেই ঠাইডোখৰৰ নাম দলগোমা নামে জনাজাত হয় বুলি জনা যায়। শ্রী শ্রী ৰামচৰণ ঠাকুৰেই যেতিয়া এই ঠাইখন পৰিস্কাৰ কৰি থান পাতিছিল তেতিয়া লাহে লাহে তাত অনেক ভক্তৰ সমাগম হৈছিল। সেইসময়ত বিজনী ৰজাই উক্ত কথা গম পাই ঠাইডোখৰ দখল কৰাৰ অভিপ্রায়ে তাত উপস্থিত হোৱা বুলি জানিব পৰা যায় আৰু শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ লগত ঠাইডোখৰক লৈ ভীষণ ভাবে বাক্-বিতণ্ডা চলে বুলিও শুনা যায়। শেষত ৰজাই শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ মহান উদ্দেশ্যৰ বুজ লৈ নতশিৰে তেখেতক কৈছিল যে- "আপুনি এই গছজোপাৰ আগলৈ উঠি যিমান দূৰ ঠাই দৃষ্টিগোচৰ কৰিব পাাৰিব, সিমান দূৰলৈ আপোনাৰ অধীনত থাকিব।" ৰজাৰ বাক্যানুসাৰে শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰেই পাঁচশ বিঘাৰো অধিক মাটিৰ গৰাকী হৈছিল আৰু ৰজাই উক্ত মাটিৰ দলিল তামৰপাতৰ ওপৰত সোনৰ পানীৰে বন্ধোৱা আখৰেৰে লিখি দিছিল বুলি জনা যায়। যদিও ৰজাৰ পৰাই তেখেতে ইমানবোৰ মাটিৰ গৰাকী হৈছিল, তথাপিও জমিদাৰ হিচাবে পৰিচিত হবলৈ অমান্তি হৈছিল, কাৰণ তেখেতৰ মানৱজাতিৰ মাজত বৈষ্ণৱ ধর্মৰ বীজ সিঁচি দিয়াটোহে মুখ্য উদ্দেশ্য আছিল। সেই সময়ৰ পৰাই তাত ধৰ্মৰ মাজেৰেই বহুত জাতি-জনজাতিৰ সমাগম হয় আৰু আজি দলগোমা জনবসতিপূৰ্ণ ঠাই হিচাপে পৰিগণিত হৈছে। শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ পিছৰ পুৰুষ আছিল বুলি জনা যায় স্বৰ্গীয় হৰমোহন ঠাকুৰ। উত্তৰাধিকাৰী হিচাবে হৰমোহন ঠাকুৰে পিছলৈ শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ অনুসুঁতিৰেই তাত কীৰ্তনঘৰ সাজি প্ৰসাৰিত ভাবে বৈষ্ণৱ ধর্মৰ বীজ ৰোপন কৰে বুলি শুনা যায়। ধৰ্মীয় কাৰ্য্য ক্ৰমনিকা ৰক্ষাৰ্থে পিচলৈ সেই বংশৰে পৰিনাতি স্বৰ্গীয় কণ্ঠভূষণ ঠাকুৰেই সত্ৰাধিকাৰৰ দ্বায়িত্ব বহন কৰিছিল বুলি শুনা যায়, তেখেতৰ দুজনী পত্নী আছিল, প্ৰথম পত্নীৰ তিনিজন পুত্র যথাক্রমে- সমূদ্ৰভুষণ, ৰাজেনভূষণ, মাধৱভূষণ ঠাকুৰসহ দুজনী কন্যা সন্তানও আছিল। দ্বিতীয় পত্নীৰ নাম আছিল আকাশীপ্ৰিয়া দেৱী। এই মহীয়সী ভাগ্যৱতী মাতৃৰ গৰ্ভতেই জন্মলাভ কৰিছিল দুজনী কন্যা আৰু মহান আদৰ্শবাদী, প্ৰতিভাশালী, মৰমীয়াল, স্পষ্টবাদী, ধৰ্মভীৰু সুঠাম চেহেৰাৰ, পঞ্চম সাহিত্য সভাৰ সভাপতি স্বৰ্গীয় অমৃতভূষণ ঠাকুৰেই।পূৰ্বপুৰুষৰ সুঁতিৰেই তেখেতেও এক নাম কৃষ্ণক সুঁৱৰি বৈষ্ণৱ ধৰ্মতেই মন মেলিছিল। সত্ৰখনৰ দ্বায়িত্ব তেখেতৰ হাতলৈ অহাৰ পিছতেই হেনো ঠাকুৰ উপাধি সলনি কৰি, তেখেতে অধিকাৰী উপাধি গ্ৰহণ কৰিছিল। সামাজিক দায়বদ্ধতাৰ বাবে তেখেতে সেই সত্ৰৰ কাৰ্য্যকাল অতি বেছি দীঘলীয়া কৰিব পৰা নাছিল বুলি জনা যায়, তেখেতৰ সাতজন ল'ৰা, আৰু দুজনী ছোৱালী আছিল, যথাক্রমে ল'ৰা সাতজন আছিল-স্বৰ্গীয় নৃপেন্দ্র ভূষণ দেৱ অধিকাৰী, স্বৰ্গীয় ভূপেন্দ্র ভূষণ দেৱ অধিকাৰী, স্বৰ্গীয় জিতেন্দ্র ভূষণ দেৱ অধিকাৰী, স্বৰ্গীয় অমিয় ভূষণ দেৱ অধিকাৰী, স্বৰ্গীয় সত্যেন্দ্ৰ ভূষণ দেৱ অধিকাৰী, স্বৰ্গীয় বিনয় ভূষণ দেৱ অধিকাৰী, স্বৰ্গীয় অমুল্য ভূষণ দেৱ অধিকাৰী, ছোৱালী দুজনী হ'ল - স্বৰ্গীয়া নলিনী বালা দত্ত আৰু স্বৰ্গীয়া শৈলদা বালা দত্ত। চাকৰিসুত্ৰে ল'ৰাবোৰে বিভিন্ন ঠাইত বসতি কৰা হেতুকে তৃতীয় পুত্ৰই পিছলৈ সত্ৰখনৰ দ্বায়িত্ব লৈছিল। অৱশেষে তেখেতে ১৯৫৫ ইং চনত সেই সত্ৰৰ দ্বায়িত্ব ৰাইজৰ হাতত অৰ্পন কৰি বিলাসীপাৰাত স্থায়ীভাবে থাকিবলৈ লয় বুলি জনা যায়। বৰ্তমান দলগোমাৰ সেই সত্ৰত প্ৰতি বছৰে "মাঘ মাহৰ চাৰি তাৰিখ (জানুৱাৰী মাহৰ ১৯ ইং তাৰিখ) "(কৃষ্ণ পক্ষত) স্বৰ্গীয় হৰমোহন ঠাকুৰৰ তিৰোভাব তিথি তাৰ ধৰ্মীয় ৰাইজে পালন কৰি আহিছে। এইবেলিও তাত থকা সমূহ ৰাইজে নিজাববীয়াকৈ তেখেতৰ পঞ্চাশ বছৰীয়া তিথি উপলক্ষে পাচঁদিনিয়া কাৰ্য্যসূচীৰে মহাপালনাম, কীৰ্তনৰ আয়োজন কৰিছে মাঘ মাহৰ ২,৩,৪,৫,৬ (জানুৱাৰীৰ ১৭,১৮,১৯,২০,২১ ইং) তাৰিখে। এই দলগোমা সত্ৰতেই প্ৰতি বছৰে জেঠমাহৰ ২০ তাৰিখ শুক্লা পঞ্চমী তিথিত স্বৰ্গীয় হৰমোহন ঠাকুৰৰ পৰিনাতি স্বৰ্গীয় কণ্ঠভূষণ ঠাকুৰৰো তিৰোভাব তিথি পালন কৰা হয়। জনামতে এই সত্ৰখনৰ মনোকামনা সিদ্ধিৰ এক অস্বাভাৱিক মাহাত্ম্য লক্ষ্যণীয়। বহুবছৰ পুৰণি হেতুকে এই বংশৰ বংশানুক্রমনিকাৰ সঠিক বহুলতথ্যবোৰ পোৱটো দুৰ্লভ হৈ পৰিছে। শলাগীবলগীয়া মুখ্য কথাটোৱেই হ'ল যে গুৰি বংশৰ শিপা নাথাকিলেও দলগোমাৰ ৰাইজে সভক্তিৰে আজিও সেই দলগোমা সত্ৰখনৰ সকলো গুৰুভাৰ ৰক্ষা কৰি আছে আৰু সত্ৰখনৰ ভেটিৰ উন্নতিকৰণত যৎপৰোনাস্তি চেষ্টাৰে ৰক্ষণাবেক্ষণ দি আহিছে। সেয়েহে সমূহ দলগোমাবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধাৰ লগতে প্ৰণাম জনালো। তেখেতসকলৰ একাত্মিকতা ধৰ্মীয় অনুভূতিত মই অভিভূত। তেখেতসকলৰ উত্তৰণৰ কামনাৰে মোৰ কৃতজ্ঞতা ৰাখিলো🙏🙏

ঊষা অধিকাৰী
গৌৰীপুৰ

Address

Dalgoma, Matia
Goalpara
783125

Website

Alerts

Be the first to know and let us send you an email when Dalgoma Mahapurukhiya Satra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category