02/04/2026
_*চকীৰ ওপৰত নামাজ পঢ়াৰ শ্বৰীঅ’তী হুকুম আৰু মছজিদৰ জিম্মেদাৰান*_
✍ মুফতী মুহাম্মাদ আব্দুল ক্বাদীৰ নাগপুৰী, যামিআ’হ আৰবীয়া ইছলামীয়া, নাগপুৰ, ক্বাজী আদালতে শ্বৰীআ’হ, মহাৰাষ্ট্ৰ
আজিকালি নামাজ পঢ়াৰ এটা নতুন ফেছন দেখা গৈছে৷ সেয়া হৈছে ঘৰতেই হওক বা মছজিদতেই হওক কিছু সংখ্যক লোকে চকীত বহি নামাজ পঢ়া৷ টাউন চহৰৰ বেছি সংখ্যক মছজিদ আৰু গাঁৱৰ কিছু সংখ্যক মছজিদত নামাজ পঢ়াৰ বাবে ১০-২০ খন চকী ৰখা দেখিবলৈ পোৱা যায়৷ পিছে চকীত বহি নামাজ পঢ়া কিমানদূৰ শ্বৰীঅ’তসন্মত? এই বিষয়ে হাদীচ শ্বৰীফ আৰু ফুকাহা কিৰামৰ আলোকত এই লেখাটো যুগুতোৱা হ’ল৷
দেখা গৈছে যে যিসকল ব্যক্তিয়ে চকীত বহি নামাজ পঢ়ি আছে সেইসকল কিন্তু বাস্তৱক্ষেত্ৰত সংসাৰৰ সকলো কাম সুচাৰুৰূপে কৰি আছে৷ যিদৰে তেওঁ খোজকাঢ়ি মছজিদলৈ অহা, চাইকেল বা বাইক চলোৱা আদি কামত কোনোধৰণৰ অসুবিধা বোধ কৰা নাই৷ কেৱল মছজিদত আহিলে চকীৰ প্ৰয়োজন বোধ কৰে৷ চকী নোহোৱাকৈ নামাজ আদায় কৰিব নোৱাৰে৷ অথচ দুনিয়াৰ সকলো কামত ঘন্টাৰ পিছত ঘন্টা থিয় হৈ থাকিব পাৰে৷ ই কেনে কথা? তেওঁলোকক যেতিয়া এই বিষয়ে সোধা হয় তৎক্ষণাত উত্তৰ দিয়ে ডাক্তৰে পৰামৰ্শ দিছে চকীত বহি নামাজ পঢ়িবলৈ৷ গতিকে বিনাদ্বিধায় চকীত বহি নামাজ পঢ়ি আছে৷ তেওঁলোকে জনা উচিত ইছলামী শ্বৰীঅ’তত চকী বা তেনেকুৱা ওখ স্থানত বহি নামাজ পঢ়া সম্পূৰ্ণ নিষেধ আছে৷
ঈমান অনাৰ পিছত প্ৰথম ই’বাদত আহি পৰে নামাজ৷ নামাজ হৈছে সকলোতকৈ উত্তম ই’বাদত৷ সেয়ে এজন মুছলমানৰ প্ৰথম কৰ্তব্য হৈছে শ্বৰীঅ’তানুযায়ী যথাযথভাৱে নামাজ আদায় কৰাৰ চেষ্টা কৰা৷ এইক্ষেত্ৰত নিজৰ সুবিধানুযায়ী নতুন নিয়ম সৃষ্টি কৰি কোনোধৰণৰ অসুবিধা নোহোৱা সত্ত্বেও চকীত বহি নামাজ পঢ়িলে নামাজ আদায় নহ’ব৷
অসুস্থ ব্যক্তিৰ কাৰণে ইছলামী শ্বৰীঅ’তে নামাজ পঢ়াৰ নিয়ম বান্ধি দিছে৷ সেয়ে অসুস্থ হ’লে এই নিয়ম পালন কৰা ওৱাজিব (জৰুৰী)৷ শ্বৰীঅ’তত কেতিয়াও কাৰো শক্তি সামৰ্থৰ বাহিৰত কোনো নিৰ্দেশ দিয়া নাই৷ শ্বৰীঅ’ত অনুসৰি শাৰিৰীকভাৱে অক্ষম ব্যক্তিসকলে নামাজ জমিন (মাটি)ত বহি পঢ়িব লাগিব৷ এইক্ষেত্ৰত অক্ষম ব্যক্তিসকলৰ বহাৰ কোনো নিৰ্ধাৰিত নিয়ম নাই৷ তেওঁৰ সুবিধামতে কা’বা শ্বৰীফৰ পিনে মুখ কৰি বহিব৷ যদি তেওঁ নিজে বহিব নোৱাৰে আনৰ সহায় লৈ বহি নামাজ আদায় কৰিব আৰু যদি তেওঁ বহিবও নোৱাৰে তেখেতে শুই শুই নামাজ আদায় কৰিব৷ এইক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে থিয় হোৱা সক্ষম কিন্তু ৰুকূ, ছিযদাহ কৰিবলৈ অক্ষম তেনেহ’লে তেওঁৰ বাবে উত্তম হ’ব থিয় হৈয়েই নামাজ আদায় কৰা৷ যদি তেখেতে ৰুকূ, ছিযদাহ কৰিবলৈ অক্ষম হয় তেনেহ’লে ইংগিতৰ দ্বাৰা আদায় কৰিব৷ কিন্তু কোনো ক্ষেত্ৰতে চকীত বহি বা ওখ বস্তুত বহি নামাজ পঢ়া জায়েজ নাই৷ কাৰণ হাদীচ শ্বৰীফত উল্লেখ আছ- হযৰত জাবিৰ ৰাদ্বিয়াল্লাহু তাআ’লা আ’নহুৰ দ্বাৰা বৰ্ণিত আছে, এদিনাখন হুজুৰ পাক স্বাল্লাল্লাহু আ’লাইহি ৱা ছাল্লাম এজন ৰোগীৰ খবৰ ল’বলৈ গৈছিল৷ সেই সময়ত ৰোগীজনে এটা বালিছৰ ওপৰত নামাজ পঢ়ি আছিল৷ হুজুৰ পাক স্বাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামে তেওঁৰ পৰা বালিছটো আনি পেলাই দিছিল৷ অৱশেষত লোকজনে এটা কাঠৰ টুকুৰা লৈ নামাজ আদায় কৰিব ধৰিলে৷ হুজুৰ পাক স্বাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামে এই কাঠৰ টুকুৰাতোও আনি পেলাই দিছিল৷ হুজুৰ পাক স্বাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামে ক’লে- "শক্তি থাকিলে জমিন (মাটি)ৰ ওপৰত বহি নামাজ পঢ়িবা৷ অন্যথাই ইংগিতেৰে নামাজ অাদায় কৰিবা আৰু ৰকূৰ তুলনাত ছিযদাহত অলপ বেছিকৈ হালি যাবা৷ (মোছনাদে বাযযাৰ, কাঞ্জুল ঈমান, মে’, ২০১৮) হুজুৰ পাক স্বাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামে কৈছে- "তুমি থিয় হৈ নামাজ পঢ়া৷ যদি শক্তি নাথাকে তেনেহ’লে বহি পঢ়া আৰু যদি শক্তি নাথাকে তেনেহ’লে শুই নামাজ পঢ়া৷" (তিৰমিযী শ্বৰীফ)
ওপৰত উল্লেখিত বৰ্ণনা বিলাকৰ পৰা এইটো স্পষ্টভাৱে প্ৰমাণ হ’ল যে শক্তি নাথাকিলে কোনো ওখ বস্তুৰ ওপৰতেই হওক বা চকীতেই হওক নামাজ পঢ়িলে শুদ্ধ নহ’ব৷ চকীত বহি নামাজ পঢ়িলে নামাজ নোহোৱাৰ কাৰণ হ’ল- ইয়াত কাটাৰ (শাৰী) পোন কৰা সম্ভৱ নহয়৷ লগতে ভৰিৰ গোৰোহা সমান নহয়৷ দ্বিতীয় কাৰণ হ’ল কাটাৰ (শাৰী)ৰ মাজত চকী থকা কাৰণে কাটাৰটো কটা যায়৷ অথচ কাটাৰ পোন কৰা ওৱাযিব (জৰুৰী) আৰু কাটাৰ কটাটো মকৰূহে তাহৰিমী৷
এই বিষয়ে উ’লামাকিৰামৰ মন্তব্য➖ যুমুআ’হে হওক বা দুই ঈদৰ নামাজ বা অন্য যিকোনো দিনৰ নামাজ যদি কোনো ব্যক্তিয়ে জমিন (মাটি)ত বহি ৰকূ, ছিযদাহ কৰিবলৈ সক্ষম কিন্তু যদি তেওঁ চকীত বহি ভৰি নচুৱাই নামাজ পঢ়ি থাকে তেনেহ’লে তেওঁৰ নামাজতো নহ’বই বৰং চকীত বহি যিমানবোৰ নামাজ পঢ়িলে সমস্ত নামাজ পুনৰাই পঢ়া ওৱাযিব (জৰুৰী) হ’ব৷ কাটাৰৰ মাজত যদি চকী সুমুৱাই দিয়া হয় তেনেহ’লে অৱশ্যেই লাইনটো কটা যাব আৰু এনে কৰা হৈছে গুনাহ আৰু এনেকৈ (চকীত বহি) যদি কোনোৱে নামাজ পঢ়িবলৈ ৰাজি হয় তেওঁ গুনাহগাৰ হ’ব৷ (কাঞ্জুল ঈমান, মে’ ২০১৮ সংখ্যা)
ওপৰোক্ত বিশ্লেষণৰ পৰা প্ৰমাণিত হৈছে যে চকীত বহি নামাজ পঢ়া সম্পূৰ্ণ নাজায়েজ৷ গতিকে আমাৰ অনুৰোধ যে চকীত বহি নামাজ পঢ়া কুপ্ৰথা ত্যাগ কৰি শ্বৰীঅ’তানুযায়ী নামাজ আদায় কৰাৰ চেষ্টা কৰি এশ শ্বহীদৰ চাৱাব লাভ কৰক৷ লগতে মছজিদ কমিটিলৈ অনুৰোধ তেওঁলোকে যেন মছজিদত নামাজত চকী ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিয়ে আৰু মছজিদত নামাজৰ বাবে ৰখা চকীবোৰ যেন বাহিৰ কৰি দিয়ে৷
(হযৰত আল্লামা ইয়াছীন আখতাৰ মিশ্ববাহী চাহেবৰ সম্পাদনাত দিল্লীৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী 'কাঞ্জুল ঈমান', মে’ ২০১৮ সংখ্যাত প্ৰকাশিত)
বিঃদ্ৰঃ দ্বীনৰ স্বাৰ্থত লেখাটো আগলৈ শ্বেয়াৰ কৰিব৷