30/12/2025
অসমৰ ইতিহাসত উজলি উঠা সৰ্বকালৰ শ্ৰেষ্ঠ, অতি যশস্বী, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবে সদা সচেতন, প্ৰতিজন অসমীয়াৰ প্ৰাতঃস্মৰণীয় মহান বৈষ্ণৱ গুৰুসকলৰ মহিমা আৰু আদৰ্শৰ প্ৰতি শ্ৰদ্ধা-সেৱা মনোবৃত্তি সম্পন্ন কৰ্মযোগী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা পৰিচালিত অসম চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে শ্ৰীশ্ৰী হৰিপুৰ সত্ৰ, বহৰি আৰূ শ্ৰীশ্ৰী পীড়লা সত্ৰ গণকপাৰাৰ সত্ৰাধিকাৰ শ্ৰীদ্বিপেন্দ্ৰ নাথ গোস্বামীয়ে ২৯/১২/২০২৫ (ইং) তাৰিখে বৰদোৱা সত্ৰৰ সাংস্কৃতিক প্ৰকল্প উদ্বোধন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। ভাৰত চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী অমিত ছাহ মহোদয়ে উদ্বোধন কৰা উক্ত অনুষ্ঠানত ভাৰত চৰকাৰৰ একাধিক মন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ কেবাজনো মন্ত্ৰী আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে ব্যাপ্ত সত্ৰসমূহৰ কেবা শ সত্ৰাধিকাৰ আৰু লক্ষাধিক ভক্ত-বৈষ্ণৱ এই অনুষ্ঠানত উপস্থিত আছিল। লোকে লোকাৰণ্য বৃহৎ অনুষ্ঠান খনৰ সকলো স্তৰৰ ব্যৱস্থাপনা অতি নিখুঁত আৰু শান্তি পূৰ্ণ আছিল। এজন নিমন্ত্ৰিত অতিথি হিচাপে উক্ত অনুষ্ঠানত যোগদান কৰি পোৱা আদৰ অভ্যৰ্থনাত সত্ৰাধিকাৰ গৰাকীয়ে অতিশয় সন্তুষ্টি প্ৰকাশ কৰিছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই সু-বৃহৎ কৰ্ম যজ্ঞ সুচাৰূ ৰূপত সম্পাদন কৰা প্ৰতিজন কৰ্ম-কৰ্ত্তাৰ সৰ্বতো প্ৰকাৰৰ কুশল-মঙ্গল কামনা কৰিছে। ছবিত উক্ত অনুষ্ঠানৰ কিছু দৃশ্য দেখুওৱা হৈছে।