Barpeta District, NEMSU

Barpeta District, NEMSU Our main goal is to work in the interest of Social, Educational, Culture and Economic development.

07/09/2022

অহা ২২ ছেপ্টেম্বৰ ২০২২ ইং NEMSU -ৰ
অৱস্থান ধৰ্মঘট কাৰ্যসূচী
স্থান- যন্তৰ মন্তৰ, নতুন দিল্লী।

07/09/2022

জন দৰদী
তথা জনতাৰ প্ৰহৰী জিন্দাবাদ।

জ্ঞান মূলক শিক্ষাদানে আমাৰ জীৱন পোহৰ কৰি তোলে ।।সেই সকল পূজনীয় শিক্ষাগুৰুলৈ আজিৰ এই বিশেষ দিনটোৰ জৰিয়তে সশ্ৰদ্ধাৰে "শি...
05/09/2022

জ্ঞান মূলক শিক্ষাদানে আমাৰ জীৱন পোহৰ কৰি তোলে ।।

সেই সকল পূজনীয় শিক্ষাগুৰুলৈ আজিৰ এই বিশেষ দিনটোৰ জৰিয়তে সশ্ৰদ্ধাৰে "শিক্ষক দিৱস" ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।


03/09/2022

. প্ৰেছ বিবৃতি

০৩-০৯-২০২২ ইং

উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা, নেমছু

বঙাইগাঁও জিলাৰ অন্তৰ্গত কাবাইটাৰী মাৰকাজুল মা আৰীফ কাৰীয়ানা আৰু হাফিজিয়া মাদ্ৰাছাখন চৰকাৰ তথা প্ৰশাসনে বলপূৰ্বক ভাৱে ভাঙি দিয়াটো অতিকৈ নিন্দনীয়, দুৰ্ভাগ্যজনক আৰু গৰিহণা যোগ্য। মাদ্ৰাছাখন অমানৱীয় আৰু বে-আইনী ভাৱে ধ্বংস কৰি প্ৰত্যেকজন ধৰ্মীয় সংখ্যালঘু মুছলমানৰ অন্তৰত চৰকাৰ তথা প্ৰশাসনে ধৰ্মীয় অনুভূতিত চৰম কুঠাৰ আঘাত হানিছে। এই কাৰ্য্যক আমি উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ "নেমছু'ৰ" বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ। মাদ্ৰাছা কৰ্তৃপক্ষই জনোৱা অনুসৰি প্ৰশাসনে সন্ধিয়া 6 বজাত নটিছ দি ৰাতি 10 বজাৰ ভিতৰত 200 জন মান কণ কণ ছাত্ৰবোৰক হোষ্টেল খালি কৰাৰ বাবে বাধ্য কৰে। যিহেতু ছাত্ৰ সকল অসমৰ বিভিন্ন জিলাৰ পৰা গৈ মাদ্ৰাছা খনত পঢ়ি আছিল। গতিকে মাদ্ৰাছা কৰ্তৃপক্ষই প্ৰশাসনক ৰাতিপুৱা লৈ সময় বিচাৰিছিল যাতে বস্তু-সামগ্ৰী আৰু ছাত্ৰ সকলক নিৰাপদ স্থানত লৈ যাব পাৰে। কিন্তু প্ৰশাসনে সেই সময় নিদি ৰাতি 10 টাৰ ভিতৰতে ছাত্ৰ সকলক যাবলৈ বাধ্য কৰোৱাটো আইন বহিৰ্ভূত 'হোৱাৰ লগতে অমানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰিলে। ইয়াৰ দ্বাৰাই স্পষ্ট হৈ গল যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে একমাত্ৰ মুছলমান' আৰু মুছলমানৰ ধৰ্মীয় অনুষ্ঠান বিলাকক টাৰ্গেট কৰি লৈছে।

প্ৰশাসনে নটিছত জনোৱা মতে
মাদ্ৰাছাৰ সেই বিল্ডিং খন কাৰিকৰী সমস্যা আছে।

যাৰ বাবে বিল্ডিং খনত থকা আবাসী সকলৰ জীৱনৰ ভাবুকি আহিব পাৰে।
সেয়ে বিল্ডিংখন ভাঙি দিয়া হ'ল।

এতিয়া কথা হল,
গুৱাহাটী মহানগৰীৰ লগতে অন্যান্য নগৰত থকা শ শ বছৰ পুৰণি
সেই বিলাক গগনচুম্বী অট্টালিকাবোৰে মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা নাই নে ?

সেই বিলাক .......
অট্টালিকাবোৰ প্ৰশাসনৰ ভাঙিবলৈ সাহস হ'ব নে ?

সেই বিলাক .....
সকলো গাইড লাইন মতে আছে নে ?

যদি জেহাদি আছে তেন্তে তেওঁক আইনৰ আওতালৈ আনি কঠোৰ পৰা কঠোৰতম শাস্তি বিহক তাতে আমাৰ ক'ব লগীয়া একো নাই। এই ক্ষেত্ৰত আমিও চৰকাৰ তথা প্ৰশাসনক সম্পূৰ্ণভাৱে সহযোগ কৰিম। জেহাদিক উৎখাত কৰাটো আমিও বিচাৰোঁ কিন্তু সেই বুলি জেহাদিৰ নামত ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান ধ্বংস কৰাটো আমি মানি ল'ব নোৱাৰি আৰু এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কোনোবা এখন মাদ্ৰাছাত শিক্ষকে বা ছাত্ৰই বেয়া কাম কৰিলে 'বুলিয়েই গোটেই মাদ্ৰাছাখন তাৰ বাবে জগৰীয়া নহয়। সেয়া হয়তো কোনোবা দুষ্টকৃতিকাৰীও হ'ব পাৰে। এয়া চৰকাৰে ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ এক পৰিকল্পনা যুগত চৰকাৰে।

গতিকে চৰকাৰক আমি সকীয়াই দিছোঁ,
জেহাদিৰ নামত যাতে আমাৰ ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান ধ্বংস নকৰে।

জেহাদি জেহাদিয়ে, জেহাদিৰ কোনো ধৰ্ম নাথাকে।
প্ৰকৃত মুছলমান এজন কেতিয়াও জেহাদি কাৰ্য্য-কলাপত লিপ্ত হ'ব নোৱাৰে।

ভাৰতীয় সংবিধানে
আমাক সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মৌলিক অধিকাৰ দিছে।
ভাৰতীয় সংবিধানৰ ৩০নং অনুচ্ছেদে সংখ্যালঘুক নিজৰ শিক্ষানুষ্ঠান খোলাৰ অধিকাৰ দিছে।

মাদ্ৰাছা বন্ধ,
আক্ৰমণ বা উচ্ছেদ কৰা ট্ৰেণ্ড অ-গণতান্ত্ৰিক।

ৰফিকুল ইছলাম
সাধাৰণ সম্পাদক (প্ৰশাসনিক) বৰপেটা জিলা সমিতি, নেমছু

02/09/2022
23/08/2022

.

প্ৰেছ বিজ্ঞপ্তি
————&&&————
প্ৰতি,
ফৰিদুল ইছলাম
সভাপতি, ভক্তৰডবা আঞ্চলিক সমিতি, নেমছু
নলীগাওঁ, বৰপেটা (অসম)

তাৰিখঃ- ২৩/০৮/২২ ইং

ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে, আপুনি "নেমছু'ৰ" সংবিধান ও নীতি-আদৰ্শ অৱমাননা কৰি সংগঠনৰ বিষয় বস্তু বহিৰ্ভূত প্ৰকাশ আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) বিৰুদ্ধে মিছা, ভিত্তিহীন অভিযোগ কৰাৰ্থে সভাপতি লালচান আহমেদ ৰ নিৰ্দেশ মৰ্মে আপোনাক তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ৫ মাহৰ বাবে সকলো পদৰ পৰা অব্যাহতি প্ৰদান কৰা হ'ল। পৰৱৰ্তী নিৰ্দেশনা জাৰী নকৰালৈকে তেওঁ সাংগঠনিক সকলো কাম-কাজৰ পৰা বিৰত থাকিব।

ৰফিকুল ইছলাম
‌‌ সাঃ সম্পাদক (প্ৰশাসনিক) বৰপেটা জিলা সমিতি, নেমছু

আজি ২২/০৮/২০২২ ইং তাৰিখে  বৰপেটা  জিলাৰ  চেঙা সমষ্টিৰ অন্তৰ্গত বইৰাগোৰী গাঁৱৰ শিক্ষিত ও সংগ্ৰামী যুৱক (পেচাত  এজন  আদৰ্শ...
22/08/2022

আজি ২২/০৮/২০২২ ইং তাৰিখে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বইৰাগোৰী গাঁৱৰ শিক্ষিত ও সংগ্ৰামী যুৱক (পেচাত এজন আদৰ্শবান শিক্ষক) তথা গায়ক ছলিম দেৱান (M.A. English) "নেমছু'ৰ" নীতি-আদৰ্শৰ প্ৰতি আৰু আপোচ বিহীন সংগ্ৰামৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ সংকল্পৰে আনুষ্ঠানিক ভাৱে বৰপেটা জিলা সমিতি "নেমছু'ত" যোগদান কৰে। তেখেতক আমি "নেমছু' ৰ" বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেখেতক বৰপেটা জিলা সমিতিৰ সৰ্ব সন্মতি মৰ্মে শিক্ষা উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰা হ'ল।

09/08/2022

.
জাননী
—————&&—————

তাৰিখঃ– ০৯/০৮/২২ ইং

ইয়াৰ দ্বাৰা সমূহ সংগ্ৰামী সতীৰ্থ সকলক জনোৱা হয় যে,
অহা কালি ১০/০৮/২২ ইং তাৰিখ (বুধবাৰ) আবেলি ২ বজাত হাউলি "শিক্ষা জ্যোতি একাডেমীত" (হাউলি থানাৰ সন্মূখত) 'সাংগঠনিক কাম-কাজ চলাই নিয়াৰ্থে এখন কাৰ্য্যনিৰ্বাহ সভা আহ্বান কৰা হৈছে। গতিকে উক্ত সভাত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক ভাৱে কামনা কৰা হ'ল। ইতি—

আলোচ্য বিষয়ঃ-
১। সাংগঠনিক দিশ সম্পৰ্কে আলোচনা।
২। স্বাধীনতা দিৱস উদযাপন উপলক্ষে।
৩। আন আন,,, ,,,,,

ৰফিকুল ইছলাম
সাঃ সম্পাদক (প্ৰশাসনিক) বৰপেটা জিলা সমিতি, নেমছু

যোৱা ২৬/০৭/২২ ইং তাৰিখত "নেমছু' ৰ" কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি Badrul Islam ডাঙৰীয়াৰ নেতৃত্বত এক সজাতি দলে অৰুণাচ...
27/07/2022

যোৱা ২৬/০৭/২২ ইং তাৰিখত
"নেমছু' ৰ" কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি Badrul Islam ডাঙৰীয়াৰ নেতৃত্বত এক সজাতি দলে অৰুণাচল প্ৰদেশত আবদ্ধ হৈ থকা অসমৰ শ্ৰমিক সকলক চিকিৎসালয়ত সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়।


ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ প্ৰাক্তন ৰাষ্ট্ৰপতি,ভাৰতৰ বৈজ্ঞানীকৰ মাৰ্গদৰ্শক মিছাইল মেন ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীততে...
27/07/2022

ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ প্ৰাক্তন ৰাষ্ট্ৰপতি,
ভাৰতৰ বৈজ্ঞানীকৰ মাৰ্গদৰ্শক মিছাইল মেন ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত
তেখেতক আমি "নেমছু' ৰ" সহ পৰিয়ালৰ পৰা গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।


২৬ জুলাই"কাৰ্গিল বিজয়ী দিৱস।"আজিৰ এই বিশেষ দিনটোতে আই ভাৰতী সুৰক্ষা আৰু অখণ্ডতাৰ স্বাৰ্থ ত প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ ...
26/07/2022

২৬ জুলাই
"কাৰ্গিল বিজয়ী দিৱস।"

আজিৰ এই বিশেষ দিনটোতে আই ভাৰতী সুৰক্ষা আৰু অখণ্ডতাৰ স্বাৰ্থ ত প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ শ্বহীদক শ্ৰদ্ধাৰে সুৱৰিছোঁ।॥

#জয় #হিন্দ
#ভাৰত #মাতা #কী #জয়

Address

Barpeta, Barpeta Road
Barpeta Road
781316

Telephone

+916003866165

Website

Alerts

Be the first to know and let us send you an email when Barpeta District, NEMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Barpeta District, NEMSU:

Share