Brahmaputra Organic Society Assam

Brahmaputra Organic Society Assam Brahmaputra Organic Society Assam (BOSA) is a natural tea farmers society, we produce our own natural handmade Green Tea, Black Tea, Orthodox & White Tea.

New edition by Solidaridad Asia to Small Tea growers in Assam, also our pride member Bagish Phukan . New small weather s...
27/09/2022

New edition by Solidaridad Asia to Small Tea growers in Assam, also our pride member Bagish Phukan . New small weather station , helps to decide the local weather report.

During this covid situation, a few members Brahmaputra Organic Society Assam joined in a webinar  meet today.
18/07/2021

During this covid situation, a few members Brahmaputra Organic Society Assam joined in a webinar meet today.

An organically grown garden of a member of BOSA , which is in last flush mood
21/11/2020

An organically grown garden of a member of BOSA , which is in last flush mood

ITS A MEMORABLE TIME TO ALL MEMBERS OF BRAHMPUTRA ORGANIC SOCIETY , ASSAM , WHEN THEY HAD UNIFIED IN A RESIDENCIAL TRAIN...
20/10/2020

ITS A MEMORABLE TIME TO ALL MEMBERS OF BRAHMPUTRA ORGANIC SOCIETY , ASSAM , WHEN THEY HAD UNIFIED IN A RESIDENCIAL TRAINNING PROGRAM IN ORGANIC TEA CULTIVATION BY ASSAM AGRICULTUR UNIVERSITY, JORHAT 17TH MAY 2016

19/06/2020

About tea culture in Sweden, initiated by talking to an online contact about there. Tea awareness and demand is still ramping up there, initiated by flavored teas, and a longer tradition of minority preference for tea-bag versions. Most of the people I talked to are actually foreign immigrants living in Sweden; that must be a driver as well. Good tea is there, it's just still an anomaly at this point. With this post based on direct input from a number of people living there it covers the current forms.

http://teaintheancientworld.blogspot.com/2020/06/tea-culture-in-sweden.html

আন্তৰ্জাতিক চাহ দিৱস-ব্ৰহ্মপুত্ৰ জৈৱিক সমাজ, অসম,ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰামৰ্শ কাৰ্যক্ৰমচাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা ...
21/05/2020

আন্তৰ্জাতিক চাহ দিৱস-
ব্ৰহ্মপুত্ৰ জৈৱিক সমাজ, অসম,
ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰামৰ্শ কাৰ্যক্ৰম
চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়।

আজি "আন্তৰ্জাতিক চাহ দিৱস" । ২০১৯ চনৰ ২১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই লোৱা সিদ্ধান্ত মৰ্মে এই দিৱস আজি সমগ্ৰ বিশ্বই প্ৰথম বাৰৰ বাবে পালন কৰিছে। সংঘৱদ্ধভাৱে আৰু শক্তিশালী ৰূপত কাম কৰি চাহ উদ্যোগৰ বহনক্ষম উৎপাদন (sustainable production), চাহ পান কৰাৰ জনমূৰি হাৰ বৃদ্ধি আৰু লগতে বিশ্বৰ শতসহস্ৰ শ্ৰমিকৰ জীৱন ধাৰন প্ৰণালীৰ উন্নীতকৰণৰ ওপৰত এই দিৱসে জোৰ দিছে । ভাৰতবৰ্ষৰ ৫২% চাহ উৎপাদনেৰে অসমক বিশ্ববাসীৰ সম্মুখত শক্তিশালী চিনাকি দাঙি ধৰিবলৈ সক্ষম হোৱা চাহ উদ্যোগটোৱে দেশৰ অৰ্থনীতিত এক সুকীয়া স্থান দখল কৰি অহাৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰখনতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে। অসমৰ এই চাহ কৃষি কৰ্মত অন্য এক নতুনত্ব আহে ৭০ দশকৰ পিছৰ পৰা। সেই সময়তেই চৰকাৰে সাধাৰণ মানুহে চাহ খেতি কৰাৰ যি প্ৰতিবন্ধকতা আছিল, সেই আইনৰ কিছু সালসলনি ঘটাই ক্ষুদ্ৰ পর্যায়টো এই খেতি কৰাৰ অনুমতি প্ৰদান কৰে। যাৰ ফলত বৰ্তমান অসমত প্ৰায় ডেৰ লক্ষ ক্ষুদ্ৰ চাহ খেতিয়ক এই কৃষি কৰ্মৰ সৈতে জড়িত হৈ আছে আৰু মুঠ উৎপাদনৰ পঞ্চাশ শতাংশতকৈয়ো অধিক চাহ এই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰি আহিছে। বিগত পাঁচবছৰৰ আগত ভাৰতীয় চাহ বোৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কক সৰু সৰু চাহ উৎপাদনী কাৰখানা প্ৰতিষ্ঠা কৰিবলৈও অনুমতি প্ৰদান কৰে।

উল্লেখযোগ্য যে, অসমত ১৮২৩ চনত প্ৰথম চাহ গছৰ আবিষ্কাৰ কৰা হয়। তাৰ কেইবছৰমানৰ পিছত ১৮৩৫ চনত শদিয়াত প্ৰথম চাহ খেতি কৰা হয়। কিন্তু সৰ্ব প্ৰথমে চাহক ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বৌদ্ধ ধৰ্মৰ প্ৰচাৰক আৰু ভিক্ষু সকলে চাহক এক স্বৰ্গীয় পানীয় হিচাপে অভিহিত কৰিছিল। সমগ্ৰ বিশ্বতে পানীয় হিচাপে চাহৰ স্থান আছে। চাহ খালে দেহা সতেজ হৈ উঠে বাবে এই পানীয় জনপ্ৰিয় হৈ আছে তদুপৰি চাহ হল কলা জাতীয় পানীয়তকৈ কম খৰচী। গৱেষণাৰ জৰিয়তে জ্ঞাত হৈছে যে, চাহত ফ্লেভনয়েড নামৰ এন্টি অক্সিডেন্ট থাকে, যি দেহৰ ক্ষয় ৰোগ প্ৰতিৰোধ কৰে। তদুপৰি চাহে দেহৰ কিছুমান অংগত হোৱা টিউমাৰ বা কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে। তদুপৰি চাহত ভিটামিন, এমিনো এচিড আৰু দুটা অতি জৰুৰী খনিজ উপাদান আছে। হৃদযন্ত্ৰৰ ক্ৰিয়া গতানুগতিক পৰ্য্যায়ত ৰাখিবলৈ প্ৰয়োজন হোৱা পটাচিয়ামৰ দৰে উপাদান চাহত যথেষ্ট পৰিমাণে পোৱা যায়। পটাচিয়ামে তেজত ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি আমাৰ ৰক্তচাপ স্বাভাৱিক ৰখাত সহায় কৰে। চাহত কিছু পৰিমাণে জিংকো আছে- যিটো শৰীৰৰ বৃদ্ধিৰ বাবে দৰকাৰী।

চাহত থকা কেফিনে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ উজ্জীৱিত কৰে। সেয়ে চাহ খালে টোপনি ভাগে আৰু শৰীৰৰ অৱসাদ দূৰ হয়।
পোনপটীয়াকৈ গছৰ পৰা তুলি অনা চাহগছৰ পাত সকলোতকৈ উপকাৰী। কিন্তু আমাৰ ইয়াত এনেদৰে চাহপাত বিক্ৰী নহয়। সেয়ে বজাৰত প্ৰচলিত ক’লা বা সেউজীয়া চাহ খাব পাৰি। ইয়াত ফ্লাভোনায়ড নামৰ এন্টি-অক্সিডেন্ট ৬১ শতাংশ আছে।

চাহ খালে শৰীৰ যথেষ্ট পৰিমাণে তজবজীয়া হৈ উঠে। ইয়াৰ কাৰণ হ’ল চাহত থলা থিয়োব্ৰোমিন, থিয়োফাইলিন আৰু কেফিন আদি উপাদান। ইয়াৰ ভিতৰত কেফিনেই প্ৰধান। কম মাত্ৰাত কেফিনে আমাৰ স্নায়ুবোৰক সবলতা প্ৰদান কৰে।
কিন্তু বেছি মাত্ৰাত ই শৰীৰৰ ক্ষতি কৰে। চাহপাতৰ পৰা প্ৰায় ৮০ শতাংশ কেফিন চাহৰ পানীত মিলি যায়। যদি কোনোৱে গড়ে প্ৰতিদিনে তিনিকাপকৈ চাহ খায়, তেন্তে প্ৰায় ১৫০ মিলিগ্ৰামৰ সমান কেফিন শৰীৰত প্ৰৱেশ কৰে। এই পৰিমাণৰ কেফিনৰ বাবে উদ্বেগৰ কাৰণ নাই।

চাহপাত টেনিনৰ এক বৃহৎ উৎস। এক কাপ চাহৰ পৰা প্ৰায় ১৫০ মিলিগ্ৰাম টেনিন পোৱা যায়। খাদ্যগুণৰ পৰা চাবলৈ গ’লে টেনিন আমাৰ স্বাস্থ্যৰ বাবে মুঠেও প্ৰয়োজনীয় নহয়।
টেনিনে শৰীৰৰ আয়ৰণৰ দৰে গুৰুত্বপূৰ্ণ খনিজ শোষণত বাধা দিয়ে। ওপৰঞ্চিভাৱে টেনিন পাকস্থলীত গৈ টেনিক এচিডলৈ ৰূপান্তৰিত হয়।
সেয়ে যিসকল লোকে অম্বল বা ক্ষুধামান্দ্যত(Acidity) ভুগিছে, তেনেলোকে চাহ বা কফি পৰিহাৰ কৰা ভাল।
চাহ খালে আমাৰ ব্লাড প্ৰেচাৰ কম ৰখাত সহায় কৰে। চাহত থকা গামা এমিনো বিউটৰিক এচিড যৌগৰ বাবে এনে হয়।
প্ৰতিদিনে গ্ৰীন-টি খোৱা মানুহৰ মাজত পাকস্থলীৰ কেন্সাৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা কম।
বেছি পৰিমাণে চাহ খোৱাৰ বাবে গেচট্ৰিক আলচাৰ নহয়, বৰঞ্চ এনে আলচাৰ কমোৱাতহে সহায় কৰে।
চাহ খালে ডায়েৰিয়া প্ৰশমিত হয়।
চাহত থকা কেটিচিন নামৰ পলিফেনল যৌগই ইনফ্লুয়েঞ্জা আৰু কলেৰা ৰোধ কৰে।
প্ৰতিদিনে ৰাতিপুৱা কিশোৰ-কিশোৰী, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাই চাহ খালেও শিশুক চাহ খাবলৈ দিয়া নহয়। অৱশ্যে বিদেশত শিশুৱেও ৰাতিপুৱাটো আৰম্ভ কৰে ডাঙৰ কাপৰ চাহৰ শোহা মাৰি। শিশুৱে চাহ খাব লাগে নে নালাগে এই বিতৰ্ক আজিও অব্যাহত।

বিভিন্ন পৰীক্ষালব্ধ ফলৰ পৰা দেখা গৈছে যে, ভাৰতৰ প্ৰায় ৫০ ভাগ শিশু অপুষ্টিজনিত ৰক্তাল্পতাৰ চিকাৰ। নিয়মিত গাখীৰ, চেনি আৰু চাহৰ সম্বন্বিত গুণাগুণেৰে চাহ পান কৰালে এই সমস্যা দূৰ হ’ব পাৰে। সকলো তথ্যৰ অন্তত এটা কথা স্পষ্ট ৰূপত দেখা যায় যে, চাহ হল মানুহৰ শৰীৰৰ অন্যতম "য়ুমুনীতি বুষ্টাৰ" অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা থকা পানীয়।

অসমৰ নখন জিলাৰ ৬৫ জন ক্ষুদ্ৰ জৈৱিক পদ্ধতিৰে চাহখেতি কৰা খেতিয়কৰ উমৈহতীয়া সংগঠন ব্ৰহ্মপুত্ৰ জৈৱিক সমাজ , অসমৰ সদস্য সকলেও বিগত চাৰি বছৰ ধৰি উৎপাদন কৰি আহিছে হস্ত নিৰ্মিত জৈৱিক চাহ। ইংৰাজী ২০১৬ চনৰ মে' মাহত অসম কৃষি বিশ্ববিদ্যালয়ত চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অধীনৰ চাহ কৃষি কৰ্ম পৰামৰ্শ কাৰ্যক্ৰম অন্তৰ্গত তথা অসম চৰকাৰৰ উদ্যোগ বিভাগৰ চাহ সঞ্চালকালয় দ্বাৰা অনুষ্ঠিত হোৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ এক আবাসীক প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তত গঠন কৰা ব্ৰহ্মপুত্ৰ জৈৱিক সমাজ, অসমৰ সদস্য সকলে জৈৱিক কৃষিৰ দ্বাৰা উৎপাদিত কেঁচা চাহ পাতক হাতেৰে পকাই সদস্য সকলৰ নিজ নিজ গৃহত থকা সৰু কুটিৰ উদ্যোগত পকা পাত হিচাপে তৈয়াৰ কৰি বিগত কেইবছৰ মানৰ পৰা বিক্ৰী কৰি আহিছে, যি বজাৰত বৰ্তমান সকলোৰে সমাদৃত। উল্লেখযোগ্য যে, নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় আন্তৰ্জাতিক বাণিজ্য মেলা, কলকাতাৰ এছিয়ান দেশীয় প্ৰাকৃতিক আৰু জৈৱিক মেলা, অসম আন্তৰ্জাতিক কৃষি- উদ্যান মেলা আদিতো অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ব্ৰহ্মপুত্ৰ জৈৱিক সমাজ, অসমৰ সদস্য সকলে জৈৱিক চাহ প্ৰদৰ্শন কৰি পুৰস্কৃত হৈছিল। সাম্প্ৰতিক সময়ত কভিদ ১৯ প্ৰতিহত কৰাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকা সহজাত আৰু কম খৰচী পানীয়ই হল জৈৱিক চাহ। বাতৰি কাকতৰ খবৰ অনুসৰি, কিছুদিনৰ আগতে অৰুণাচল প্ৰদেশৰ তেজুত ধৰা পৰা তথা বৰ্তমান সুস্থ হোৱা কভিদ ১৯ ৰোগী গৰাকীক চিকিৎসাৰত অৱস্থাত পান কৰিবলৈ দিয়া হৈছিল যথেষ্ট পৰিমাণে জৈৱিক চাহ পানী। কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধাৰ্থে ঘৰুৱাভাৱে নিৰ্মিত চাহ পান কৰি সকলোকে নিজ দেহত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ঘৰুৱাভাৱে চাহ নির্মাণকাৰী ক্ষুদ্ৰ চাহ খেতিয়ক সকলকো উৎসাহিত কৰাৰ এইয়াই অন্যতম সময়।

আন্তৰ্জাতিক চাহ দিৱসৰ শুভ ক্ষণত ব্ৰহ্মপুত্ৰ জৈৱিক সমাজ , অসমে অসম কৃষি বিশ্ববিদ্যালয়ত চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ বিভাগীয় মুৰব্বী সহ বিভাগটোত কৰ্মৰত সমূহ পৰিয়ালক আৰু শুভাকাংক্ষী ৰাইজক আন্তৰিক কৃতজ্ঞতা সহ শুভেচ্ছা জ্ঞাপন কৰিছে।

( চাহ সম্পৰ্কীয় তথ্য সমূহ বিভিন্ন উৎসৰ পৰা সংগৃহীত)

4th Annual General Meeting held on 17th February 2020 at Assam Agricultural University, Jorhat.
22/02/2020

4th Annual General Meeting held on 17th February 2020 at Assam Agricultural University, Jorhat.

31/08/2019

জৈৱিক কৃষি

জৈৱিক কৃষি (ইংৰাজী: Organic Farming) বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষধ ব্যৱহাৰৰ নকৰাকৈ খাদ্য-শস্য উৎপাদন কৰা কৃষি পদ্ধতিক বুজা যায়। এই পদ্ধতিৰ কৃষিত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ শস্যাৱৰ্তন, সেউজ সাৰ, পচন সাৰ, কেঁচুসাৰ আদি ব্যৱহাৰ কৰা হয়। শস্যৰক্ষাৰ ব্যৱস্থা হিচাপে প্ৰকৃতিত ঘটি থকা কিছুমান নিয়ম যথাযথ ভাৱে ব্যৱহাৰ কৰাৰ লগতে আৱশ্যক অনুযায়ী বিভিন্ন গছ-লতাৰ পৰা প্ৰস্তুত কৰা ঔষধ প্ৰয়োগ কৰা হয়। আনহাতে এই পদ্ধতিত অধিকক উৎপাদনৰ বাবে হাইব্ৰীড নাইবা জিনীয় পৰিবৰ্তন ঘটাই উদ্ভাৱন কৰা জাত, শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে কৃত্ৰিম দ্ৰব্য আদি ব্যৱহাৰ কৰিব পৰা নাযায়।

ইতিহাস
কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকত হোৱা কেতবোৰ আৱিষ্কাৰৰ বাবে খাদ্য-শস্যৰ উৎপাদন বৃদ্ধিৰ নতুন এক কৌশল উদ্ভাৱন হ’ল। এই কৌশলৰ অংঙ্গ হিচাপে মাটি চহ কৰিবলৈ জীৱাশ্মী ইন্ধন চালিত ট্ৰেক্টৰ, মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ ৰাসায়নিক সাৰ, অধিক উৎপাদনৰ বাবে বৰ্ণসংকৰ বীজ আৰু শস্যৰক্ষাৰ বাবে ৰাসায়নিক ঔষধ ব্যৱহাৰ হ’বলৈ ধৰে। ইয়াৰ লগে লগে খাদ্য-শস্যৰ উৎপাদন ক্ৰমে বৃদ্ধি পাবলৈ ধৰে, যাৰ বাবে এই নতুন ধাৰাৰ কৃষিক আধুনিক কৃষি পদ্ধতি বা বৈজ্ঞানিক কৃষি পদ্ধতি বুলি কোৱা হ’ল। কৃষিৰ ক্ষেত্ৰত দেখা দিয়া এই বিপ্লৱক সেউজ বিপ্লৱ (Green revolution) নামেৰে নামকৰণ কৰা হয়। আনহাতে সেউজ বিপ্লৱৰ চমকপ্ৰদ প্ৰদৰ্শনক এচামলোকে সহজভাৱে লোৱা নাছিল। এই সকলৰ ভিতৰত জাৰ্মানীৰ ৰ’ডল্ফ স্টেইনাৰ Rudolf Steiner, ইংলেণ্ডৰ লৰ্ড নৰ্থবৰ্ণ Lord Northbourne, ছাৰ এলবাৰ্ট হোৱাৰ্ড Sir Albert Howard, লেডি ইভলিন বাৰবাৰা Lady Evelyn Barbara, জাপানৰ মাছান’বু ফুক'ৱকা Masanobu Fukuoka, আমেৰিকাৰ জে আই ৰ’ডেল J.I Rodale, এফ এইছ কিং F.H.King আদি উল্লেখযোগ্য। জাৰ্মেনিত ৰ’ডল্ফ স্টেইনাৰে এলানি বক্তৃতাৰে জনসাধাৰণক ৰাসায়নিক সাৰৰ কু-প্ৰভাৱৰ বিষয়ে সজাগ কৰিবলৈ যত্ন কৰে। তেখেতে বায়’ডাইনেমিক (ইংৰাজীঃBiodynamic) কৃষি নামেৰে শস্য উৎপাদনৰ এক নতুন ধাৰা প্ৰৱৰ্তন কৰে। এইলানি বক্তৃতাই অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক লৰ্ড নৰ্থবৰ্ণক এনেদৰে আগ্ৰহী তোলে যে তেখেতে নিজ পামত এই ধাৰাৰে খেতি কৰিবলৈ আৰম্ভ কৰে আৰু মাটিক জীৱিত ৰূপত কল্পনা কৰি the farm as organism বুলি কবলৈ লয়। পাছলৈ তেখেতে এই নতুন ধাৰাৰ কৃষিক পোন প্ৰথম বাৰৰ বাবে Organic Farming নামেৰে নামকৰণ কৰে। ১৯৪০ চনত লৰ্ড নৰ্থবৰ্ণৰ “Look to the Land” শিৰোনামৰ কিতাপখন প্ৰকাশ হোৱাৰ পাছত জৈৱিক কৃষিৰ প্ৰসাৰ ক্ৰমে বাঢ়িবলৈ লয়। সেয়ে লৰ্ড নৰ্থবৰ্ণক জৈৱিক কৃষিৰ পিতৃ আখ্যা দিয়া হয়।

ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ খাদ্য উৎপাদনৰ দিশটো চাবলৈ অহা উদ্ভিদবিদ ছাৰ এলবাৰ্ট হোৱাৰ্ডে প্ৰায় ২৫ বছৰকাল ভাৰতত থাকি এই দেশৰ কৃষকৰ কৃষি কৰ্মসমূহৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰে “ An Agricultural Testament” নামৰ কিতাপখন প্ৰকাশ কৰে। পাছত তেখেতে Organic শব্দটোক পূৰ্ণ স্বীকৃতি দি প্ৰথমবাৰৰ বাবে কিতাপৰ শিৰোনামত ব্যৱহাৰ কৰে আৰু ১৯৪৭ চনত “Soil and health, A study of Organic Agriculture” নামেৰে এখন উল্লেখযোগ্য কিতাপ প্ৰকাশ কৰে। লগে লগে লৰ্ড নৰ্থবৰ্ণৰ জৈৱিক কৃষিয়ে এক নতুন ৰূপ পায়, যাৰ বাবে এলবাৰ্ট হোৱাৰ্ডক আধুনিক জৈৱিক কৃষিৰ জনক বোলা হয়।

আপেল খেতিৰ বাগিচাত এখন জাননী ফলক
এলবাৰ্ট হোৱাৰ্ডৰ কৰ্মৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ১৯৩৯ চনত লেডি ইভলিন বাৰবাৰাই ইংলেণ্ডৰ Haughly Green নামৰ ঠাইত নিজৰ পামত এলানি পৰীক্ষা আৰম্ভ কৰে। পাছলৈ Haughly Experiment নামেৰে জনাজাত হৈ পৰা এইলানি পৰীক্ষা বিশ্বৰ প্ৰথমটো বৈজ্ঞানিক পৰীক্ষা য’ত জৈৱিক কৃষি পদ্ধতিৰ লগত ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি কৰা কৃষিৰ তুলনামূ্লক অধ্যয়ন কৰা হৈছিল। এই পৰীক্ষাৰ ফলাফলখিনি তেখেতে “The Living Soil” নামকৰণেৰে এখন কিতাপত প্ৰকাশ কৰাৰ লগে লগে বহুতো কৃষি বিজ্ঞানী জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু এই ধাৰাৰ কৃষিৰ প্ৰচাৰ আৰু প্ৰ্সাৰৰ বাবে ১৯৪৭ চনত ইংলেণ্ডত Soil Association নামেৰে এটি অনুষ্ঠানৰ জন্ম দিয়ে। পাছত বিভিন্ন দেশৰ অনুৰূপ অনুষ্ঠানসমূহ মিলিত হৈ বিশ্বব্যাপী জৈৱিক কৃষিৰ এক আন্দোলন চলাবলৈ International Federation of Organic Movement(IFOAM) নামেৰে এটা আন্তজাৰ্তিক অনুষ্ঠান গঢ়ি তোলে। আজি এই অনুষ্ঠাটোৱেই বিশ্বত জৈৱিক কৃষি আন্দোলনৰ গুৰি বঠা ধৰি আছে।

জৈৱিক কৃষিৰ প্ৰসাৰ
কুৰি শতিকাৰ প্ৰায় মাজ ভাগত মেক্সিকোত আৰম্ভ হোৱা সেউজ বিপ্লৱ নামৰ অভিযান অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্ৰায় সকলো দেশতে বিয়পি পৰিল। আনহাতে প্ৰায় একে সময়তে উদয় হোৱা জৈৱিক কৃষিৰ চিন্তাধাৰাই বিশেষ প্ৰ্সাৰ লাভ কৰিব পৰা নাছিল। এচাম ব্যক্তিৰ মাজতে ই আৱদ্ধ আছিল। কিন্তু ১৯৬২ চনত ৰাচেল কাৰ্চনৰ Rachel Carson আলোড়নকাৰী কিতাপ ‘‘Silent Spring’’ প্ৰকাশ হোৱাৰ পাছৰে পৰা জৈৱিক কৃষিৰ চিন্তাই প্ৰাধান্য পাবলৈ ধৰে আৰু ১৯৭২ চনত IFOAM নামৰ অনুষ্ঠানটো প্ৰতিষ্ঠা হোৱাত এই কিতাপখনেও ইন্ধন যোগায়। আনহাতে একমাত্ৰ এই কিতাপখনৰ বাবেই ১৯৭২ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰত আধুনিক কৃষিৰ এক প্ৰধান আহিলা DDT ৰ ব্যৱহাৰ বন্ধ হ’ল। একেটা বছৰতে ঘটা এই দুই ঘটনাই জৈৱিক কৃষিৰ প্ৰসাৰ হোৱাত প্ৰধান সহায়ক হৈ পৰে[1]।

যোৱাটো শতিকাৰ সত্তৰ দশকত IFOAM প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা ইয়াৰ সদস্যৰ সংখ্যা ক্ৰমে বাঢ়িবলৈ ধৰে। উন্নত দেশৰ সদস্যসকলে নিজ নিজ চৰকাৰৰ ওচৰত জৈৱিক কৃষিৰ পোষকতা কৰি কৃষিনীতি সলনি কৰিবলৈ হেঁচা দিবলৈ ধৰে, যাৰ ফলত আশী দশকৰ মাজ ভাগত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা সামগ্ৰী বজাৰত উপলব্ধ হ’ল। অতি কম সময়ৰ ভিতৰতে এনে সামগ্ৰীৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হৈ পৰে আৰু জৈৱিক সামগ্ৰীৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ লগে লগে চৰকাৰ আৰু বিত্তীয় প্ৰ্তিষ্ঠানসমূহ জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হৈ উঠিল আৰু গৱেষণাৰ বাবে অধিক পুঁজিৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিল।

জৈৱিক কৃষি পদ্ধতি
জৈৱিক সামগ্ৰীৰ উৎপাদন
যোৱাটো শতিকাৰ নব্বৈ দশকৰ আগ ভাগৰ পৰা আমেৰিকা আৰু ইউৰোপৰ ভালে কেইখন দেশত জৈৱিক খাদ্যভিত্তিক ব্যৱসায় বছৰি প্ৰায় ২০% লৈকে বৃদ্ধি পাবলৈ ধৰে। ২০০১ চনত বিশ্বত জৈৱিক সামগ্ৰীৰ প্ৰায় ২০ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈছিল য’ত উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ভাগ আছিল ক্ৰমে ৬ আৰু ৮ বিলিয়ন ডলাৰ। জৈৱিক সামগ্ৰীৰ বৃহৎ বজাৰৰ প্ৰ্তি লক্ষ্য ৰাখি আন আন দেশবোৰেও অধিক মাটি জৈৱিক কৃষিৰ অধিনলৈ আনিবলৈ আৰম্ভ কৰে। IFOAM ৰ বছৰেকীয়া প্ৰতিবেদনৰ পৰা জনা যায় যে ২০০৭ চনত বিশ্বৰ ১৪১ খন দেশৰ ১.২ মিলিয়ন জৈৱিক উৎপাদনকাৰীয়ে ৩২.২ মিলিয়ন হেক্টৰ মাটিত এনে সামগ্ৰী উৎপাদন কৰি বিশ্ব বজাৰত এৰি দিছিল। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াই ১২ মিলিয়ন হেক্টৰ মাটি জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰি শীৰ্ষ স্থানত আছে। আনহাতে ২০০১ চনৰ ২০ বিলিয়ন ডলাৰৰ ব্যৱসায় বিপৰীতে ২০০৭ চনত জৈৱিক সামগ্ৰীয়ে ৪৬.১বিলিয়ন ডলাৰৰ ব্যৱসায় কৰে। এনে এক পৰিৱৰ্তনলৈ লক্ষ্য কৰি IFOAM য়ে অনুমান কৰিছে যে অনাগত সময়ত বিশ্ববজাৰত জৈৱিক সামগ্ৰীৰ ব্যৱসায় প্ৰ্তি বছৰত অতি কমেও ৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। [2]সদ্য প্ৰকাশিত এক তথ্য অনুসৰি ২০১০ চনত বিশ্বত জৈৱিক খাদ্য আৰু পানীয়ৰ বজাৰখনৰ মুঠ মূল্য আছিল ৩,২০,৩২০ কোটি টকা অৰ্থাৎ ৫.৮২ বিলিয়ন আমেৰিকান ডলাৰ আৰু ২০১৫ চনত এই বজাৰৰ মূল্য ৫,৬২,৫২০ কোটি হোৱাৰ অৰ্থাৎ ১০ বিলিয়ন আমেৰিকান ডলাৰ অধিক হোৱাৰ সম্ভাৱনা আছে। [3]

জৈৱিক কৃষি আৰু ভাৰতবৰ্ষ
ভাৰতৰ কৃষি পদ্ধতিক জৈৱিক কৃষিলৈ পৰিৱৰ্তন কৰাৰ বাবে বিজ্ঞানী তথা বিশেষজ্ঞসকলে আশী দশকৰ পৰাই মতপোষণ কৰি আহিছিল। এই সময়চোৱাত প্ৰধানকৈ বেচৰকাৰী অনুষ্ঠানসমূহে সীমিত পৰিসৰৰ মাজত থাকি জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰ্সাৰৰ বাবে চেষ্টা চলাই আছিল। এনে এক বেচৰকাৰী অনুষ্ঠান Association for Propagation of Indian Germplasm Resources (APIGR)ৰ সৌজন্যত ১৯৮৪ চনৰ অক্টোবৰ মাহত ভাৰতত পোন প্ৰথম বাৰৰ বাবে জৈৱিক কৃষিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৱাৰ্ধাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰখনৰ পাছত দেশৰ আন আন অঞ্চলতো এনে আলোচনা তথা অধ্যয়ন চক্ৰৰ জৰিয়তে জৈৱিক কৃষিৰ সপক্ষে জনমত গঢ়ি তোলা হয়। এনে প্ৰচেষ্টাৰ ফলত মহাৰাষ্ট্ৰ আৰু দক্ষিণৰ ৰাজ্যসমূহত জৈৱিক কৃষিয়ে প্ৰ্সাৰ লাভ কৰে আৰু বহুতো কৃষকে জৈৱিক সামগ্ৰী উৎপাদন কৰিবলৈ লয়। বেচৰকাৰী অনুষ্ঠানসমূহে আগ ভাগ লৈ এই উৎপাদিত সামগ্ৰীসমূহ বিশ্ববাসীক পৰিচয় কৰাই দিয়ে। অতি সোনকালে ভাৰতবৰ্ষৰ জৈৱিক সামগ্ৰীসমূহে বিদেশত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।

বিদেশত ভাৰতৰ জৈৱিক সামগ্ৰীয়ে সমাদৰ পোৱা দেখি ভাৰত চৰকাৰে ২০০১ চনত [[National Programme for Organic Production NPOP নামৰ এখন আঁচনি উন্মোচন কৰাৰ লগতে দেশত উৎপাদিত জৈৱিক সামগ্ৰীসমূহৰ উৎপাদন তথা বিতৰণৰ সকলো দিশ চাবলৈ Agricultural and Processed Food Products Export Development Authority (APEDA) আৰু চাহ ব’ৰ্ডকে ধৰি এনে আন পাঁচটা সংস্থাক কৰ্তৃত্ব প্ৰদান কৰে। আনহাতে APEDA ই জৈৱিক কৃষিৰ অধিক প্ৰ্সাৰৰ সুবিধাৰ্থে চাৰিটা অনুষ্ঠানক জৈৱিক প্ৰমাণ পত্ৰ Organic Certification প্ৰদান কৰিবলৈ অনুমতি দিয়ে। এনে পদক্ষেপৰ বাবে ২০০২ চনত ভাৰতবৰ্ষই দেশত উৎপাদিত ১৪,০০০ মেট্ৰিক টন জৈৱিক সামগ্ৰীৰ ৮৫% ৰপ্তানি কৰিবলৈ সক্ষম হয়। [4] প্ৰাৰম্ভিক সফলতাত উৎসাহিত হৈ ভাৰত চৰকাৰে ২০০৩ চনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত National Institute of Organic Farming (NIOF) নামৰ প্ৰতিষ্ঠানটো গঢ়ি তোলে। বৰ্তমান (APEDA) সহ আন পাঁচটা সংস্থাৰ জৰিয়তে NIOF য়ে জৈৱিক সামগ্ৰীৰ উৎপাদনৰ নিয়ম নীতি নিৰ্ধাৰণ কৰাৰ লগতে এইবোৰৰ গুণগত মান নিৰূপণ কৰে।

ভাৰতবৰ্ষত জৈৱিক কৃষক আৰু সামগ্ৰী
বৰ্তমান ভাৰতত ১৫,০০০ জনৰো অধিক জৈৱিক কৃষক আছে। ২০০৭-০৮ চনত প্ৰাকৃতিকভাবে জৈৱিক ৰূপত থকা অঞ্চলকে ধৰি মুঠ ২.৮ মিলিয়ন হেক্টৰ মাটিত ৩,৯৬,৯৯৭ মেট্ৰিক টন জৈৱিক সামগ্ৰী উৎপন্ন হৈছিল আৰু ৮৬ বিধ সামগ্ৰীৰ ৩৭,৫৩৩ মেট্ৰিক টন ৰপ্তানি কৰি ১০০.৪ মিলিয়ন আমেৰিকান ডলাৰ উপাৰ্জন হৈছিল।[5] সদ্য প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতত জৈৱিক খাদ্যৰ বাৰ্ষিক বিকাশ ২০শতাংশকৈ বৃদ্ধি পাইছে আৰু ২০১০ চনত ৩১ লাখ টন জৈৱিক খাদ্য উৎপাদন

source wikipedia

Our respective member Mr. Dinabandhu Das is participating Farmers Meet in Bilashipara today.
28/02/2019

Our respective member Mr. Dinabandhu Das is participating Farmers Meet in Bilashipara today.

28/02/2019

জৈৱিক সাৰ আদিৰ কথা-

কৃষিৰ আধুনিকীকৰণৰ নামত ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ অত্যাধিক ব্যৱহাৰ, ৰাসায়নিক সাৰ, কীটনাশক দৰব, বনমৰা দৰব আদিৰ বহুল প্ৰয়োগে উৎপাদন বৃদ্ধি কৰাটো সঁচা কথা; কিন্তু পৰিৱেশৰ ওপৰত ইয়াৰ কু-প্ৰভাৱৰ বিষয়েও ভবাৰ সময় আহিছে। ৰাসায়নিক দ্ৰব্যবোৰৰ অত্যাধিক প্ৰয়োগৰ ফলত মাটিৰ গুণাগুণ নষ্ট কৰিছে, মাটিত থকা উপকাৰী জীৱাণু-বীজাণুৰ লগতে উৰি ফুৰা পোক-পৰুৱা, সাপ, বেং আদি নিশ্চিহ্ন হোৱাৰ পথলৈ আগবাঢ়িছে। এনেবোৰ কাৰণতে জৈৱিক কৃষি পদ্ধতিৰ প্ৰয়োজন হৈ পৰিছে। পৌৰাণিক পদ্ধতিৰ কিছু সাল-সলনি ঘটাই ঠাই বিশেষে বিভিন্ন জৈৱিক পদ্ধতি উদ্ভাৱন কৰি কৃষি। জৈৱ পদ্ধতিত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্যৰ স্থান নাই। জৈৱ পদ্ধতিৰে কৰা ফচল সকলো ফালৰ পৰাই প্ৰদূষণমুক্ত, বিশুদ্ধ আৰু মানৱ স্বাস্থ্যৰ বাবে উপকাৰী। জৈৱিক কৃষি পদ্ধতিৰ মূল আধাৰ হ’ল গৰুৰ মল-মূত্ৰ। বৃক্ষ আয়ুৰ্বেদৰ মতে, গোবৰ আৰু মূত্ৰৰ পৰা ভালেকেইবিধ অতি উৎকৃষ্ট জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি। এইবোৰৰ সংক্ষিপ্ত বিৱৰণ তলত দিয়া হ’ল-
শস্য গব্য
শস্য গব্য প্ৰস্তুত কৰিবৰ বাবে ২০০ লিটাৰ পানী ভৰাব পৰা পাত্ৰ এটাত এক তৃতীয়াংশ গোবৰ এক তৃতীয়াংশ কেঁচা ঘাঁহ-বন আদিৰ টুকুৰা আৰু বাকী এক তৃতীয়াংশ পানীৰে বুৰাই প্ৰায় ১০-১৫ দিন ভালদৰে লৰাই থাকিব লাগে। মিশ্ৰণখিনিৰ পচন আৰম্ভ হোৱাৰ পিছত লোহা জাতীয় চালনিৰে শস্য গব্যখিনি চালি ১০ গুণ পানী মিহলাই ধান, সৰিয়হ, গোমধান, শাক-পাচলি আদিত প্ৰয়োগ কৰাৰ লগতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবৰ বাবে মাটিতো প্ৰয়োগ কৰিব পাৰে।
অমৃত পানী
১০ লিটাৰ পানীৰ লগত ১০ কিলোগ্ৰাম গোবৰ আৰু ২৫০ গ্ৰাম গুৰৰ মিশ্ৰণ ১০০ লিটাৰ পানীৰ লগত মিহলাই অমৃত পানী প্ৰস্তুত কৰিব পাৰি। এই মিশ্ৰণখিনি ভালদৰে ঘোদালি পেলালে ২৪ ঘন্টাটো মাটিত প্ৰয়োগৰ উপযোগী হৈ পৰে।
মিট্টিপানী
৫০ কেজি শুকান মাটিৰ গুড়ি ২৫ লিটাৰ গোমূত্ৰৰ লগত মিহলাই ২৪ ঘন্টাৰ ভিতৰত অতি সহজে মিট্টিপানী প্ৰস্তুত কৰিব পাৰি। এইবিধ দ্ৰব্য শুকান জলবায়ুৰ শুকান মাটিৰ বাবে বিশেষ উপযোগী।
জৈৱিক টিকা
জৈৱিক টিকা প্ৰস্তুত কৰিবলৈ প্ৰথমতে এটা পাত্ৰত ১৮০ লিটাৰ পানী ভৰাই তাৰ লগত ২০ লিটাৰ গো-মূত্ৰ মিহলাই দিব লাগে। ৫০ কিলোগ্ৰাম সদ্যপ্ৰাপ্ত গোবৰ এখন বস্তাত ভালকৈ বান্ধি, মজবুত বাঁহ এডালত ওলোমাই পানী-গোমূত্ৰৰ মিশ্ৰণৰ পচন পূৰ্ণ হয়। বস্তাখন পানীৰ পৰা তুলি চেপি ভিতৰৰ ৰসখিনি উলিয়াই দিয়াৰ পিছতেই জৈৱিক টিকাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ পৰে আৰু ব্যৱহাৰৰ উপযোগী হয়। কঠীয়াতলীত যিকোনো সঁচ সিঁচাৰ আগতে জৈৱিক টিকাত ২ ঘন্টা ডুবাই শুকুৱাই ল’ব লাগে। এনে কৰিলে ভেঁকুৰজাতীয় ৰোগ তথা পোক-পৰুৱাৰ আক্ৰমণৰ পৰা বীজসমূহক ৰক্ষা কৰিব পাৰি।
হৰিৎ পানী
হৰিৎ পানী প্ৰস্তুত কৰিবলৈ ৫০ কিলোগ্ৰাম কেঁচা ঘাঁহ-বন কাটি-কুটি এটা ডাঙৰ পাত্ৰত ভৰাই ৫০০ গ্ৰাম গুৰ, ৫০০ গ্ৰাম তেঁতেলি আৰু ২৫০ গ্ৰাম নিমখ ঘাঁহখিনিৰ লগত মিহলাই ১০০ লিটাৰ পানীত ডুবাই ৰাখিব লাগে। ১৫-২০ দিনৰ পিছত ভালকৈ গেলিব ধৰা এই মিশ্ৰণখিনিক ভালকৈ চেকি শস্য বা মাটিত প্ৰয়োগ কৰি সু-ফল লাভ কৰিব পৰা যায়।
কুনাপাজল
এইবিধ জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ ২০০ লিটাৰৰ পাত্ৰত ১০০ কিলোগ্ৰাম মাছ-মাংসৰ পেলনীয়া অংশ ভৰাই লৈ উতলাব লাগে। বস্তুখিনি কোমল হোৱাৰ পিছত তাক বেলেগ এটা পাত্ৰলৈ স্থানান্তৰিত কৰি লগত সম পৰিমাণৰ খলিহৈ মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰিব লাগে। এই মিশ্ৰণখিনি এটা পাত্ৰত ওপৰফালে ২-৩ খালী ৰাখি পানীত ডুবাই ৰাখিব লাগে। পাত্ৰটোৰ ঢাকনিখন ভালদৰে ৰচিৰে বন্ধ কৰি মাটিৰ গাঁত খান্দি তাত শুকান ঘাঁহ-বন শুকান পাত আদি ৰাখি পাত্ৰটো ভালদৰে পুতি ৰাখিব লাগে। মিশ্ৰণখিনি সম্পূৰ্ণকৈ গেলি উঠিবলৈ ৪০-৬০ দিনৰ দৰকাৰ। অৱশ্যে গ্ৰীষ্মকালি কম সময়তো গেলি উঠিব পাৰে। এই সাৰ বৰ শক্তিশালী আৰু ডাঠ সাৰ। সেয়ে প্ৰয়োগৰ আগতে এক লিটাৰ মিশ্ৰণ ১০০ লিটাৰ পানীত মিহলাই লোৱা দৰকাৰ।
গোবানা

সদ্যনিৰ্গত গোবৰ আৰু গো-মূত্ৰ শুদ্ধ হাতেৰে ভাল ধৰণেৰে মিহলাই গোবানা প্ৰস্তুত কৰা হয়। এই গোবানা উঁই পোক আৰু ভেঁকুৰজাতীয় বেমাৰ নিৰাময়ৰ বাবে উৎকৃষ্ট ঔষধ।
ভষ্মপানী
ভষ্মপানী প্ৰস্তুত কৰিবৰ বাবে গো-মূত্ৰ আৰু ছাইৰ দৰকাৰ। ১০ লিটাৰ পানীত ৫০ কিলোগ্ৰাম ছাই মিহলাই এই সাৰ প্ৰস্তুত কৰিব পাৰি। মিহলোৱাৰ ২৪ ঘন্টাৰ পিছৰপৰাই এই সাৰ প্ৰয়োগৰ বাবে সাঁজু হৈ উঠে। এক একৰ মাটিৰ বাবে ৬০ লিটাৰ মূত্ৰত মিহলোৱা ৩০০ কিলোগ্ৰাম ভষ্মই যথেষ্ট।
খীৰপানী
এইবিধ সাৰ প্ৰস্তুত কৰিবলৈ প্ৰথমে ২ কিলোগ্ৰাম আটা, ২ কিলোগ্ৰাম মাটি দাইলৰ গুড়ি, ২ কিলোগ্ৰাম খলিহৈ, ২ কিলোগ্ৰাম খলিহৈ, ২ কিলোগ্ৰাম গুৰ, ১০ কিলোগ্ৰাম গোবৰ আৰু ১০ লিটাৰ মূত্ৰৰ এটা পাত্ৰত প্ৰথমে মিলাই তাত ২০০ লিটাৰ পানী ঢালি ১৫-২০ দিন ৰাখিলে খীৰপানীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠে। এইবিধ মিশ্ৰণ শক্তিশালী হোৱা হেতুকে প্ৰতি লিটাৰত ১০ লিটাৰ পানী মিহলাই মাটি বা শস্যত প্ৰয়োগ কৰিব লাগে।
পঞ্চগব্য
পঞ্চগব্য প্ৰস্তুত কৰোতে প্ৰথমে সদ্য নিৰ্গত দেশী গৰুৰ গোবৰ ৫ কিলোগ্ৰাম, দেশী গৰুৰ মূত্ৰ ৩ লিটাৰ, গৰু গাখীৰ ২ লিটাৰ, গৰু গাখীৰৰ দৈ ২ লিটাৰ, গৰু ঘিউ ১ কিলোগ্ৰাম, কুঁহিয়াৰৰ ৰস ৩ লিটাৰ, নাৰিকলৰ পানী ৩ লিটাৰ আৰু কল ১২ টা এটা পাত্ৰত ঘিউৰ বাহিৰে বাকীখিনি সামগ্ৰী ভালদৰে মিহলাই পাত্ৰটোৰ মুখখনত মাখি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে। প্ৰতিদিনে দুবাৰকৈ মিশ্ৰণখিনি লৰাব লাগে। এসপ্তাহমানৰ পিছত মিশ্ৰণখিনি গলি প্ৰায় গোট মাৰিলে বেলেগ পাত্ৰলৈ স্থানান্তৰ কৰি তাত ঘিউখিনি মিহলাই পুনৰ প্ৰতিদিনে দুবাৰকৈ লৰাই থাকিলে ১৮ দিনৰ ভিতৰত এই পঞ্চগব্য প্ৰস্তুত হয়। ছটিওৱাৰ বাবে এই মিশ্ৰণ ডাঠ হ’লে তাৰ লগত পানী মিহলাই পনীয়া কৰি ল’ব লাগে। (উদাহৰণ ১০০ লিটাৰ পানীত ৩ লিটাৰ পঞ্চগব্য) এনে মিশ্ৰণ জলসিঞ্চনৰ পানীতো মিহলাই প্ৰতি একৰৰ বাবে ২০ লিটাৰ প্ৰয়োগ কৰি সুফল পাব পাৰে। সঁচ ভৰাঁলত থোৱাৰ পূৰ্বে এনে মিশ্ৰণত ডুবাই ২০ মিনিট ৰাখি শুকাই ল’লে ভৰাঁলত উদ্ভৱ হোৱা পোক-পৰুৱাৰ পৰা ৰক্ষা পাব পাৰি।
লিখক: প্ৰসন্ন কুমাৰ ফুকন, দৈনিক অসম।

Our respective member is attending workshop for export organic products by  APEDA and  Department of Agriculture, Govt o...
15/02/2019

Our respective member is attending workshop for export organic products by APEDA and Department of Agriculture, Govt of Assam in 13th February 2019 , Venue: Assam Administrative Staff College, Guwahati.

Address

Sibsagar
785684

Alerts

Be the first to know and let us send you an email when Brahmaputra Organic Society Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Brahmaputra Organic Society Assam:

Share