Narahari Burhabhakat Ayati Naam Dal

Narahari Burhabhakat Ayati Naam Dal We are here to promote religious song called Naam

25/05/2026

গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাৰ পঞ্চম মাহত (সাধাৰণতে ৪ মাহ সম্পূৰ্ণ হৈ ৫ মাহত ভৰি দিলে) পঞ্চামৃত খুওৱা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে হবু মাতৃ আৰু অনাগত সন্তানৰ সুস্বাস্থ্য কামনা কৰা, পৰম্পৰা ৰক্ষা কৰা আৰু মাতৃগৰাকীক মানসিকভাৱে আনন্দ প্ৰদান কৰা।
শুভৰাত্ৰী জনালো 🙏

24/05/2026

গুৰু জনাই কৈ গৈছে
কলিত হৰি নাম
শাস্ত্ৰতো লিখা আছে
নামেহে কল্যাণ
কুকুৰৰ শৃগালৰ ৰোৱাত
আত্মাতো আছে ৰাম
ৰাম নামৰ মালা গাঁঠি
কৰা নিজ কাম
গোপাল গোবিন্দ
লোৱা হৰি নাম
কিযে সুমধুৰ এই হৰিনাম ।
শুভৰাত্ৰী 🙏

দিহাঃ শংকৰদেৱ কিনো তোমাৰ লীলাঅতৰাতি ভকতক নামেৰে মুহিলা।পদ: নামঘৰ ভাওনাতুমিয়ে হজিলাৰাইজক দিলা নাম বস।বৈষ্ণৱ মন্ত্ৰৰেসমস্...
23/05/2026

দিহাঃ শংকৰদেৱ কিনো তোমাৰ লীলা
অতৰাতি ভকতক নামেৰে মুহিলা।

পদ: নামঘৰ ভাওনা
তুমিয়ে হজিলা
ৰাইজক দিলা নাম বস।
বৈষ্ণৱ মন্ত্ৰৰে
সমস্ত অসমক
কৰিলো তুমিয়ে বশ।।
সাতোখন বৈকুণ্ঠক
একত্ৰিত কৰি
আঁকিলা তুমিয়ে গুরু।
আমি মূঢ়মতি
নাজানো ভকতি
ক্ষমা যেবে আমি তৰো।।
কীর্তন ভাগবত
আৰু দশম স্তব্ধ
সবাকো কৰিলা মুগ্ধ।
কুকুৰ শৃগাল
আৰু গদৰ্ভৰ
আত্মাতো হৰি সর্বত্র।।
শুভৰাত্ৰী জনালো 🙏

22/05/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্ত্তন ঘোষাৰ অন্যতম এটি প্ৰাৰ্থনামূলক পদ হৈছে "মোকে কৃপা কৰা হৰি এ"। ইয়াৰ মাজেৰে ভক্তই ভগৱানৰ চৰণত নিজৰ দীনতা প্ৰকাশ কৰি কৃপা ভিক্ষা কৰে।
শুভৰাত্ৰী জনালো 🙏

দ্বিতীয় বৈকুণ্ঠ পুৰী      আকাশত থাকি ব্ৰহ্মা বোলে স্তুতি বাণী৷মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্রপাণি৷৷খণ্ডিবাক লাগি পৃথিৱীৰ ...
21/05/2026

দ্বিতীয় বৈকুণ্ঠ পুৰী
আকাশত থাকি ব্ৰহ্মা বোলে স্তুতি বাণী৷
মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্রপাণি৷৷
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ৷
দৈৱকীৰ গৰ্ভে আসি ভৈলা অৱতাৰ৷
দুষ্ট ৰাজাগণক মাৰিলা কৰি লীলা৷
সন্তক ৰাখিলা প্ৰভু ধৰ্ম্মক থাপিলা৷৷
সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়৷
দশোদিশে প্ৰকাশে তোমাৰ যশচয়৷৷
শুভৰাত্ৰী 🙏

ভকতবৎসল ক্লেশ-কলুষ-মোচন।শ্ৰীবৎসলাঞ্ছন, কৃষ্ণ কমললোচন৷৷পুৰাণ পুৰুষ পুণ্য শ্ৰৱণ-কীৰ্ত্তন।দুৰন্ত, দয়ালু, দেৱ দাৰিদ্ৰভঞ্জন৷...
20/05/2026

ভকতবৎসল ক্লেশ-কলুষ-মোচন।শ্ৰীবৎসলাঞ্ছন, কৃষ্ণ কমললোচন৷৷পুৰাণ পুৰুষ পুণ্য শ্ৰৱণ-কীৰ্ত্তন।দুৰন্ত, দয়ালু, দেৱ দাৰিদ্ৰভঞ্জন৷৷
শুভৰাত্ৰী 🙏

19/05/2026

এই নামটি ভগৱান বা গুৰুক প্ৰকৃততে কিহেৰে পূজা কৰিব লাগে, সেই বিষয়ে শিক্ষা দিয়ে। বাহ্যিক ফুল বা বস্তু বিচাৰি পোৱা নাযায়, কিন্তু প্ৰকৃত পূজাৰ ফুল হৈছে মানুহৰ ভিতৰৰ চাৰিটা গুণ:১. ইন্দ্ৰিয় দমন (ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণ কৰা)2. হিংসা নিবাৰণ (মনৰ পৰা হিংসা আঁতৰোৱা)3. প্ৰাণীৰ প্ৰতি দয়া4. ক্ষমা গুণএই চাৰিওটা গুণযুক্ত অন্তৰেৰে ভগৱান বা গুৰুক উপাসনা কৰিলেহে তেওঁ সন্তুষ্ট হয়।
শুভৰাত্ৰী 🙏

18/05/2026

ৰাম নাম হৰি গোপাল গোৱিন্দ
মুকুন্দ যদু মুৰাৰি |
ভকতৰ ধন হৃদয়-ৰঞ্জন
ব্ৰজ-জন-অধিকাৰী ||৩৫৯
ৰাম অনন্ত প্ৰভু-ভগৱন্ত
ভকত-ভয়-ভঞ্জন |
নিত্য নিৰঞ্জন দানৱ-গঞ্জন
সজ্জন-জন-ৰঞ্জন ||
শুভৰাত্ৰী 🙏

17/05/2026

দিনেক যশোদা নন্দজায়া৷
আপুনি মথন্ত দধি গৈয়া৷৷
কৃষ্ণৰ শৈশৱ লীলা স্মৰি৷
কৃষ্ণগীত গাৱন্ত সুন্দৰী৷৷
শুভৰাত্ৰী 🙏

এয়া গুৰুজনাৰ জন্মস্থান বৰদোৱা।বৰদোৱাত শংকৰদেৱে প্ৰথম কীৰ্ত্তন ঘৰ স্থাপন কৰি 'এক শৰণ নামধৰ্ম' প্ৰচাৰ কৰিছিল। ইয়াক অসমীয...
15/05/2026

এয়া গুৰুজনাৰ জন্মস্থান বৰদোৱা।
বৰদোৱাত শংকৰদেৱে প্ৰথম কীৰ্ত্তন ঘৰ স্থাপন কৰি 'এক শৰণ নামধৰ্ম' প্ৰচাৰ কৰিছিল। ইয়াক অসমীয়া সংস্কৃতিৰ অন্যতম পবিত্ৰ স্থান বা "দ্বিতীয় বৈকুণ্ঠ" বুলি গণ্য কৰা হয়। ই অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰো চানেকি।
শুভৰাত্ৰী 🙏

Address

Barpeta ( 1 No Galiahati )
Barpeta
781301

Website

Alerts

Be the first to know and let us send you an email when Narahari Burhabhakat Ayati Naam Dal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share